sdblogs2011

sdblogs2011

অবৈধ

ড° মৃদুল শৰ্মা কাকো স্পৰ্শ নকৰাকৈ মই ক’ত পাম ভোকৰ ভাত আন্ধাৰ-পোহৰৰ নিৰ্জন গোপন গলিত কেনেকৈ বিচাৰিম হতাশা পাহৰা ৰং কোনেও স্পৰ্শ নকৰিলে মোৰ হাতলৈ কেনেকৈ আহিব দুটা খমখমীয়া টকা কেনেকৈ স্পৰ্শ নকৰাকৈ মোৰ ভিতৰলৈ সোমাই যাব পৌৰুষ কেনেকৈ মই ছ’চিয়েল…

সততাৰ বিপ্লৱ : এক উপলব্ধি

সততা বুলিলে কি বুজায় সেয়া আমি সকলোৱে জানো যদিও ইয়াৰ সংজ্ঞা এটা নিৰূপণ কৰা সহজ নহয়৷ পিছে দিনটোত আমি অন্ততঃ এবাৰলৈ হ’লেও এই শব্দটো উচ্চাৰণ নকৰাকৈ নাথাকোঁ৷ উচ্চাৰণ কৰোঁ ঠিকেই, পিছে আমি নিজে কিমান দূৰলৈ সৎ হৈ থাকিবলৈ যত্ন কৰোঁ অথবা…

জীৱন-বন্দনা

জুবিলী গগৈ   নজনাকৈয়ে আহিলোঁ বহুদূৰ   নজনাকৈয়ে বুলিলোঁ বাট একা-বেঁকা পথেৰে দুচকুত আন্ধাৰ লৈ   পিঠিত বোজা বান্ধি কৰি থাকিলোঁ অপেক্ষা সেউজীয়া পোহৰ বিয়পি যোৱালৈ   ভিৰৰ মাজতো কৰি থাকিলোঁ অবিৰত জীৱন-পাঠ   ছানি পৰা চকুত ধূলি মাৰি গুচি…

অনাহূত

ৰেমী শৰ্মা   এহাল প্ৰেমিক প্ৰেমিকাই কথা পাতিছে পুৰণা চিনেমা হলটোৰ কাষৰ পাণদোকানখনত ৰৈ   ল’ৰাজনে তাইৰ চকুলৈ চোৱা নাই চিনেমা হলটোৰ ভাগি পৰা মুধচত পৰি এহাল চাকৈ-চকোৱাই ঠোঁটত ঠোঁট লগাই কেচকেচাই আছে চিগাৰেট এটা আঙুলিৰ ফাঁকত ৰাখি সি আৰম্ভ…

তিনিটা কবিতাৰ কথা

নীলাভ সৌৰভ   এটা কবিতাই খুন্দা মাৰিলে আন এটাক মুখলৈ চাই দুয়ো দুয়োকে চিনি পালে এটা প্ৰেমৰ আনটো বিচ্ছেদৰ বজাৰ-সমাৰ ইত্যাদিৰ মাজত কবিতাই কবিতাক লগেই পোৱা নাছিল বহুদিন কাৰোবাৰ ঘৰৰ বুকছেল্ফত বা বিক্ৰী নোহোৱা কিতাপৰ মাজৰ পৰা সুৰুঙা পালে কেতিয়াবাহে…

মই অকলশৰীয়া নহওঁ

মূল (ফৰাচী) : গেব্ৰিয়ালা মিচট্ৰেইল (Gabriela Mistral)অনুবাদ : ড° ৰঞ্জিত দত্ত পৰ্বতৰ পৰা সাগৰলে নিশাটো শূন্যতাৰে ভৰা। কিন্তু ময়েই এনে এজন যি তোমাক  স্তম্ভিত কৰি তুলিছোঁ, মই অকলশৰীয়া নহওঁ। আকাশ শূন্যতাৰে ভৰা কাৰণ জোনটোৱে এতিয়া সাগৰৰ বুকুত নাচিছে কিন্তু  ময়েই…

নম ৰসাপ

মূল হিন্দী : ড° যমুনা বিনি অনুবাদ: জাহ্নৱী গগৈ    (ড০ যমুনা বিনি অৰুণাচল প্ৰদেশত জন্মগ্ৰহণ কৰা এগৰাকী জনপ্ৰিয় লেখিকা। মুলতঃ হিন্দী ভাষাত সাহিত্য চৰ্চা কৰা ড০ বিনিৰ কেইবাখনো কবিতা, লোককথা, আৰু গল্প সংকলন প্ৰকাশ পাইছে ভাৰতৰ বহুকেইটা ভাষালৈ তেখেতে হিন্দীত…

মৈমনসিংহ-গীতিকা

মৈমনসিংহ-গীতিকাৰ অনুবাদ  ‘মহুৱা’ কাব্যানুবাদ : ড° প্ৰাণ্‌জিৎ বৰা মৈমনসিংহ গীতিকাৰ শতবৰ্ষ আৰু কিছু কথা  অবিভক্ত ভাৰতবৰ্ষৰ অন্যতম বৃহৎ জিলা মৈমনসিংহৰ নামেৰেই পৰিচিত সেই অসামান্য সংকলন, মৈমনসিংহ গীতিকা ৷ আজিৰ পৰা এশ বছৰ পূৰ্বে ১৯২৩ চনত কলিকতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰকাশিত হৈছিল এই…

হাতুৰি

মূল (ইংৰাজী) : কাৰ্ল ছেণ্ডবাৰ্গ  অনুবাদ : জ্যোতিশিখা দত্ত মই দেখিছোঁ পুৰণি ঈশ্বৰৰ প্ৰস্থান আৰু নতুন ঈশ্বৰৰ প্ৰৱেশ দিনৰ পাছত দিন আৰু বছৰৰ পাছত বছৰ মূৰ্তিবোৰৰ পতন আৰু মূৰ্তিবোৰৰ উত্থান আজি মই হাতুৰিক প্ৰাৰ্থনা কৰোঁ। টোকা : কাৰ্ল ছেণ্ডবাৰ্গ (জন্ম…

কবিতা

অনুভৱ তুলসী   ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দামতকৈ জোনলৈ যোৱা বাছৰ ভাড়া কম তথাপি সকলো বাছ খালী জোনত ভোটকেন্দ্ৰ হেনো নাইকীয়া ৰাজআলি আছে গাঁত-টালিও আছে টোলগেটৰ সাধু শুনিবলৈ গাড়ীবোৰে ঢাপলি মেলিছে   তুমি যাদুকৰ দৃশ্যমানকো কৰাঁ অদৃশ্য মৌনতা ফেৰী কৰি ফুৰাঁ…