Tag সমাজ

আৰ্থাৰ মিলাৰ আৰু ডে’থ অৱ এ ছে’লছমেন : এক চমু আলোকপাত

 মৌচুম বৰুৱা   বিংশ শতিকাৰ আমেৰিকান নাট্য সাহিত্যক ঐশ্বৰ্যময় কৰি তোলাৰ ক্ষেত্ৰত য়ুজিন অ’নীল, টেনেছী উইলিয়ামছ আৰু এডৱাৰ্ড এলবীৰ সমানেই অৰিহণা আগবঢ়োৱা আনজন স্বনামধন্য নাট্যকাৰ হৈছে আথাৰ্ৰ মিলাৰ৷ মিলাৰৰ নাটকসমূহত সমাজৰ কিছুমান সমস্যা সহৃদয়তাৰে উপস্থাপন কৰা হৈছে৷ এইফালৰ পৰা তেওঁক হেনৰিক…

ভাৰতবৰ্ষত জীনছৰ জন্ম

 ড০ ভাৰত বৰুৱা   আজিৰ যুগত আমি বহু ধৰণৰ জীনছৰ লগত পৰিচিত। নীলা জীনছ্, শেঁতা পৰা জীনছ্, ক’লা জীনছ্, বগা জীনছ্, ৰংচঙীয়া জীনছ্, চেলেকা-চুবুৰীয়া জীনছ্, ফটা জীনছ্, কটা জীনছ্, স্থিতিস্থাপক জীনছ্ আৰু কত যে কি জীনছ্। আমি সাধাৰণতে জীনছ্ বুলিলে সহজে নফটা টান গাঢ় নীলা ৰঙৰ কপাহী কাপোৰৰ বস্ত্ৰকেই…

কার্ল স্মিট : মানৱ কল্যাণৰ বাবে যি জীৱন উচৰ্গা কৰিছিল

ড° পুলক সভাপণ্ডিত   পৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ মানৱকল্যাণৰ বাবে কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান ব্যতিক্ৰমী লোক আছে, যি জীৱিত কালত মানুহৰ বাবে কাম কৰাৰ উপৰি মানুহৰ কল্যাণৰ বাবে নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন…

প্রথম সাক্ষাৎকাৰ

(কল্পবিজ্ঞান কাহিনী) অভিজিত শর্মা বৰুৱা দিল্লীৰ সাংবাদিক বন্ধু প্রদীপ গোৱেলৰ পৰা ফোনত খবৰটো পাই মই আচৰিত হৈ সুধিলোঁ, “কি! তুমি নিশ্চিতনে?” “মোক এইমাত্র নৰৱেৰ পৰা বন্ধু সাংবাদিক এজনে ফোন কৰিছে। আৰু এক–দুই ঘণ্টাৰ ভিতৰতে এনাউঞ্চ্ হ’ব। তেতিয়াহে বিশ্বই কথাটো ফর্মেলি…

এদিনৰ বাবে তোমাৰ ওঁঠযুৰি

দিগন্ত নিবিড় এদিনৰ বাবে তোমাৰ ওঁঠযুৰি নিজৰ কৰি ল’লোঁ আৰু মোৰ মৃত শব্দবোৰ সেই ওঁঠেৰে পৃথিৱীক ক’লোঁ পৃথিৱীৰ সকলো দুখকে ভাল পাই পেলালোঁ চিত্ৰকৰ এজনৰ দৰে সকলো ৰং পান কৰি আঁকি গ’লোঁ কাল-কেনভাছ এদিন পৰ্বত এখন খহি পৰা কথাত বতাহে…

ড° কার্ল স্মিট : মানৱ কল্যাণৰ বাবে যি জীৱন উছৰ্গা কৰিছিল

 ড° পুলক সভাপণ্ডিত পৃথিৱীত এনে কিছুমান লোক আছে যি জীৱিত কালত একমাত্ৰ মানৱ কল্যাণৰ বাবেই কাম কৰে৷ কিন্তু এইখন পৃথিৱীতে এনে কিছুমান ব্যতিক্ৰমী লোক আছে যি জীৱিত কালত মানুহৰ বাবে কাম কৰাৰ উপৰি মানুহৰ কল্যাণৰ বাবে নিজৰ জীৱন পৰ্যন্ত বিসৰ্জন…

জলছবিত জীৱনৰ আঁক-বাক

 অংকিতা বৰুৱা মেঘৰ গাজনি আৰু দপদপিয়া বৰষুণজাকৰ শব্দত গভীৰ টোপনিৰপৰা উচপ খাই সাৰ পাই উঠিলোঁ৷ চকুহাল মোহাৰি কেইটানো বাজিছে চাবলৈ শিতানত থকা ম’বাইলটো হাতেৰে খেপিয়াই অনুমানতে বুটামটো টিপিলোঁ। ৰাতিৰ শেষ প্ৰহৰ  … পুনৰ এটা প্ৰচণ্ড কাণ তাল মৰা শব্দত বিছনাখনতে…

দ্য বে’ষ্টলেণ্ড আৰু য়ুলিছিছ্‌ : দুটি অসামান্য সাহিত্যকৃতি

 ১৯২২ চনত ইংৰাজী ভাষাৰ দুখন গ্ৰন্থ প্ৰকাশ পাইছিল আৰু দুয়োখন গ্ৰন্থই বিগত এশ বছৰ ধৰি বিশ্বৰ সাহিত্য জগতত অতুলনীয় সাহিত্যকৃতি বুলি বিৱেচিত তথা সমাদৃত হৈ আহিছে৷ কুৰি শতিকাৰ যিকেইজন চিন্তাবিদ-দাৰ্শনিকে মানুহৰ চিন্তা-চেতনাক নতুন বিশ্লেষণাত্মক দৃষ্টিভঙ্গী এটাৰে লক্ষ্য আৰু ব্যাখ্যা কৰিছিল…

প্ৰয়াগ শইকীয়াৰ কবিতা

ঊষৰ ভূমি (টি এছ এলিয়টৰ ‘ৱেষ্টলেণ্ড’ৰ অনুবাদেৰে অসমীয়া কবিতাক সমৃদ্ধ কৰা কবি অজিৎ বৰুৱাৰ পূত স্মৃতিত) ঊষৰ ভূমি  ক’ত আছে ঊষৰ ভূমি ব্যক্তিগত দুখ মহাসমৰ এইবোৰে জানো ভূমিক কৰিব পাৰে ঊষৰ নোৱাৰে  মাটি ৰসাল সৰ্বতিকাল মািটৰ স্মৃতিত থাকে বহু পুৰাতন…

য়ুলিছিছ্

মৃদুল শৰ্মা মনত আছে কথাবোৰ ৷ চহৰৰ অলিয়ে গলিয়ে ঘূৰি ফুৰে মোৰ মন অথচ ট্ৰয় ক’ত মই কাহানিও নাজানো অথবা জানিবলৈ মনো কৰা নাই কান্দি  থকা ডাবলিনৰ পথ-উপপথত মোৰ চেতনাই পাকঘূৰণি খায় হেৰুওৱা প্ৰেয়সীৰ কথা ভাবোঁ এই নিৰ্জন শিলাময় দ্বীপত…