Tag সমাজ

মূল্যবোধৰ বিষয়ে দুআষাৰ

 অমৃত গোস্বামী   জীৱন মানে কেৱল জীয়াই থকাটো নুবুজায়৷ মানুহে জন্মগ্ৰহণ কৰে– শাৰীৰিক জন্মগ্ৰহণ৷‌ কিন্তু প্ৰকৃত মানুহ বা ‘মানৱ’ এজনৰ জন্ম হয়‌ নৈতিক চেতনা আৰু বোধ-বুদ্ধিৰ জ্ঞানৰ দ্বাৰাইহে৷ মানুহ এজনে তেওঁৰ প্রকৃত পৰিচয় দাঙি ধৰে তেওঁৰ বিৱেচনা শক্তি, দায়িত্ব, আদৰ্শ,…

অসমীয়া বনাম ইংৰাজী মাধ্যমৰ বিদ্যালয়

 কৰবী বৰ্মন কলিতা   অসমীয়া অভিভাৱকৰূপে  আৰম্ভণিতেই কওঁ আজিৰ শিক্ষা ব্যৱস্থাত কিন্তু মাধ্যম এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে৷ আমাৰ নিজৰ সন্তানেও ভৱিষ্যতৰ সম্ভাৱনাৰ (চাকৰিমুখী সম্ভাৱনাৰ) বাবে ইংৰাজী মাধ্যমতেই যে শিক্ষা গ্ৰহণ কৰিব এই সিদ্ধান্তত নিশ্চিত আছিলো৷ অসমীয়া আমাৰ মাতৃভাষা৷ কিন্তু…

চিৰচেনেহী মোৰ ভাষা জননী

 পৰিস্মিতা বৰদলৈ   : ককা, আজি মোক তুমি ব্যাকৰণৰ বিষয়ে বুজোৱাৰ কথা  আছিল যে! কেতিয়াকৈ বুজাবা? : অ’ বাবামণি, মোৰ মনত আছে কথাটো৷ তুমি আকৌ ছবি আঁকিবলৈ গ’লা বুলিহে মই তোমাক মাত দিয়া নাই৷ : আজি আৰ্টৰ স্কুল বন্ধ ককা৷…

পানী হিলৈ

 গোৱিন কুমাৰ খাউণ্ড অসুস্থ হিমানীৰ কাষত মিলিটেৰী মন মাৰি বহি আছে। অসহায় দুচকুৰে টপটপকৈ চকুলো ওলাই আছে মিলিটেৰীৰ। হৃদয়ভৰা সুৰ এটাই আপাদমস্তক জোকাৰি আছে মানুহটোক। যোৱা সপ্তাহত ঘটি যোৱা ঘটনাটোৱেও নীলৰ মৃত্যু শোক পাতলাব পৰা নাই। বহিৰাগতক খেদাৰ বাবেই অসম…

পাথৈৰা

 মুনমী দত্ত হাজৰিকা এদিন শীতৰ সন্ধ্যা  জুহালৰ কাষত খীতুকাই বহি থাকে৷  ভাগৰে হেঁচি ধৰা শৰীৰটোতো  ওঁঠৰ জোৰ নকমে৷  নাতিল’ৰাৰ সৈতে কথাৰ থুনপাক ভৰে৷   নাতিল’ৰাই খীতুকাইৰ ডিঙিতে ওলমি সোধে- : “ঠেঙো নাই পাখিও নাই আকাশলৈ উৰি যায়?” খীতুকায়ে সোলামুখেৰে হাঁহি…

এখন চহৰৰ স্নেপশ্বট্

পৰাগজ্যোতি মহন্ত   অকস্মাৎ- চহৰৰ চৰাইখানাত এদিন লাগিল হট্টগোল ৷  সোঁৱে-বাঁৱে –   ঈষাণে-নৈঋতে, আকাশে-বতাহে বিয়পি পৰিছিল এখিনি শুভ্ৰতা   চহৰখনৰ চকুহালি হৈ পৰিছিল ঈষৎ শেঁতা যি শঙ্খৰ শুভ্ৰখিনিৰ নিচিনা   সিদিনা শেঁতা পৰি যোৱা চহৰখনৰ  বুকুলৈ অহা নাছিল ৰ’দ…

তীৰ্থস্থান

 যশোৱন্ত নিপুণ   সন্ধিয়াৰ আগেয়ে তাৰ গান গোৱা শেষ হ’ল৷ উপেনদাই ঠিক সময়তে মঞ্চত উঠিলে আৰু ঠিক সময়তে গান গোৱা শেষ কৰিলে৷ অনুষ্ঠানৰ প্ৰধান আকৰ্ষণ আছিল সি৷ য’লৈকে যায় তাতে সি  তাৰ ওচৰৰ সকলোকে নিষ্প্ৰভ কৰা সূৰ্যটোৰ দৰে হৈ পৰে৷…

ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন বিষয়ৰ ত্ৰিংশতম সন্মিলন ক’প-৩০ (Conference of Parties-COP-30) আৰু ব্ৰাজিল

 ড° অমৃত গোস্বামী আন্তৰ্জাতিক সহযোগিতাৰে পৰিৱেশ আৰু জীৱবৈচিত্ৰ্যতা ৰক্ষা আৰু বহনক্ষম উন্নয়নৰ বাবে ৰাষ্ট্ৰসংঘৰ দ্বাৰা আয়োজিত পৰিৱেশ আৰু উন্নয়ন শীৰ্ষক প্ৰথম ধৰিত্ৰী সন্মিলন(Earth Summit)  ১৯৯২ চনৰ ৩-১৪ জুন তাৰিখে ব্ৰাজিলৰ ৰিঅ’ দি জেনিৰ’(Rio de Janerio) চহৰত অনুষ্ঠিত হৈছিল৷ এই সন্মিলনক…

দুম্‌পাগ লইঙৰ চকুৰ পতাৰ কাৰপুমপুলি, নাচি থকা বংকোৱাল

 (ভাতৃপ্ৰতিম  ইভান লইঙৰ হাতত)   ৰত্না ভৰালী তালুকদাৰ অংকন: বৰ্ণিল মহন্ত   য়াম্প’  য়াঃঙাঙ’   ৰ  য়াঃঙাঙ’ ৰগন’  ন’ গুপ্‌প’ গুবাং  য়েকুপ’   আজি আজি কৰি, কালি কালি কৰি দিনবোৰ টুটি আহিছে ৷ যেনেকৈ কুকুৰাই উমনি দি দি শুকাই- খীণাই যায়,…

ক’লৈ গ’ল

(পাৰিপার্শ্বিক কবিতা ) মানস প্রতিম দত্ত   কোন ক’লৈ গ’ল  মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী   পৃথিৱীৰ ভৰিৰ তলত  মানুহৰ ছাঁ আছেনে ?   চৰাইবোৰ ক’লৈ গ’ল?  পুৱাৰ গান অথবা নিশাৰ আৱহ সংগীত স্মৃতিৰ ডেউকাত বতাহ ভেদি দোল খায়। …