Tag সংগীত

এই সকলো ভ্ৰমৰ বাবেই যদি জী থাকিব পাৰি

 (গীতালি বৰাৰ ‘অন্তৰতম’ উপন্যাস পঢ়ি)  বৰ্ণালী বড়া   ছিগি যোৱা চেতাৰৰ তাঁৰ বিচ্ছিন্ন সময়ক ধাৰণ কৰা একাকী অস্থিৰতা ৰেপি ৰেপি ৰাতিৰ নিৰ্লিপ্তি সেই সুৰ নে সুৰহীনতাত জী উঠে শেষ ভাবনা   নিদ্ৰামগ্ন চকুৰ ভাষাত হেৰায় অনিদ্ৰাৰ পৃথিৱী সাঁচি ৰখা অতবোৰ…

মেঘৰ আঁৰৰ যুঁজ আৰু ছিচলুনাৰ ৰণভূমি

ড° ভাৰত বৰুৱা মহাকাব্য ৰামায়ণৰ লংকা কাণ্ডৰ এজন অন্যতম নায়ক হৈছে “ইন্দ্ৰজিৎ” বা “মেঘনাদ” বা “মেঘনাথম্”। দেৱৰাজ ইন্দ্ৰক জয় কৰি তেওঁ ইন্দ্ৰজিৎ নাম পাইছিল। আনহাতে তেওঁ জন্ম হৈয়েই যি কান্দোন জুৰিছিল সেয়া মেঘৰ গৰ্জনৰ দৰেই আছিল, সেই বাবেই তেওঁৰ নাম মেঘনাদ…

কালিদাসৰ ৰঘুবংশ

মূল- মহাকবি কালিদাস অসমীয়া অনুবাদ – কৌস্তুভমণি শইকীয়া দত্ত  || ২য় অধ্যায় || (যোৱাসংখ্যাৰ পাছৰ পৰা) দেৱদাৰু বৃক্ষৰ বাবে এই মহান যত্ন তুমি নিজেও প্ৰভূৰ অধীন বাবেই । সেয়ে বুজিবা মোৰ কথাও ভালকৈ । ৰক্ষা কৰিব লগাজনক হেৰুৱাই গুৰুৰ আগত…

জুলিয়া— দ্য বাটাৰফ্লাই গাৰ্ল

দাদুল দেৱকৃষ্ণ বৰুৱা   পোছাকী নাম জুলিয়া ল’ৰেইন হিল। অৱশ্যে নামটোৰ মাজত থকা ‘ল’ৰেইন’টো আঁতৰাই তাত ‘বাটাৰফ্লাই’ যোগ কৰি ল’লে নামটোৰ গৰাকীয়ে নিজেই। কাৰণ— আক্ষৰিক অৰ্থতে তেওঁৰ হাতত বহি আছিল এটা পখিলা। সেয়ে ল’ৰেইনৰ ঠাই ল’লে পখিলা বা বাটাৰফ্লায়ে। জুলিয়া…

সময়

অংকুৰিতা ফুকন ‘স’য়ে বোলে কাণ সুৰসুৰালে বৰষুণ সৰে বাট-পথ বোকা হ’লে মানুহ পিছলি পৰে…   ‘ম’য়ে বোলে মঘাই হালোৱাৰ বোকালৈ বৰ ঘিণ পিছে পথাৰত নামিলেহে পথৰুৱাৰ চিন…   ‘য়’য়ে বোলে য়াকৰ শৰীৰ নোমেৰে আৱৰা প্ৰকৃতিৰ মহিমা কেৱে বুজিব নোৱাৰা…   ‘স’…

ৰঘু বাচফৰ

শিল্পীকা ৰাজগুৰু ৰঘু বাচফৰক শঙ্খলীনাই লগ  পাইছিল এক অগতানুগতিক পৰিস্থিতিত।  তাইৰ  দৈনন্দিন জীৱনটো  আচলতে অতিশয় ব্যস্ততাময়, মহানগৰীৰ  এখন প্ৰাইভেট কলেজত তাই শিক্ষকতা  কৰে। পুৱা সূৰ্যোদয়ৰ পৰা ওৰেটো দিন কৰ্মব্যস্ততাৰ অন্তত আবেলি পৰত হে অকণ সময় তাই নিজলৈ বুলি আহৰি পায়।…

শ্মশানত গজি উঠা তপোবন

 পৰিস্মিতা বৰদলৈ   ‘মৃত সপোনবোৰৰ মৰিশালি এখন বুকুত কঢ়িয়ায়ো মানুহে জীয়া বাস্তৱ এটা সহি যাব পাৰে৷ দগ্ধ সপোনৰ ছাইবোৰেৰে অৱশিষ্ট জীৱনটোক মাজি মাজি চিকচিকিয়া কৰি তোলাটোও কি ৰেহালগা কথা!’ মই যেতিয়া তাইক প্ৰথমবাৰৰ বাবে লগ পাইছিলোঁ, তাইৰ চকুত এহেজাৰ জোনাকী…

কেটেপা লৈ ঘূৰি ফুৰা ল’ৰাটো

 মূল: ভীষ্ম চাহনীৰ “The boy with a catapult” অনুবাদ : বিদিশা দত্ত   আমাৰ শ্ৰেণীত ভাল-বেয়া অসংখ্য ল’ৰা আছিল। তাৰ মাজত বোধৰাজ আটাইতকৈ কুখ্যাত আছিল। প্ৰায় সকলো ল’ৰাই তালৈ বৰ ভয় কৰিছিল। সি যদি কাৰোবাৰ বাহুত চিকুট এটা মাৰি দিয়ে,…

চৰাই চিনো আহক – ৩

 হেমন্ত গগৈ অসমীয়া নাম : ম’ৰা চৰাই ইংৰাজী নাম : Indian Peafowl/Common Peafowl বৈজ্ঞানিক নাম : Nycticebus bengalensis সংৰক্ষণ স্থিতি : নূন্যতম চিন্তনীয় (Least Concern)    ম’ৰা চৰাই ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় চৰাই। এইবিধ চৰাই কেৱল ভাৰতীয় উপ-মহাদেশতহে পোৱা যায়। আকাৰত ডাঙৰ…

কাল-অকাল

 মিনাৰা হুছেইন বৰষুণৰ টোপালবোৰ মোৰ চকু-মুখত পৰিছে। হাতৰ ক’লা ছাতিটো খুলি ল’লোঁ। এই ক’লা ৰংটো মোৰ খুব পছন্দৰ। এই যে বৰ্ষাময়ী আবেলিটো লাহে লাহে ৰাতিৰ ক’লা আন্ধাৰৰ মাজলৈ সোমাই যায়, মোৰ ভাল লাগে। ৰাতি যিমান ঘন হৈ উঠে, প্ৰকৃতিয়ে যেতিয়া চৌদিশে…