নৱকান্ত বৰুৱাৰ গান
ড° প্ৰাণজিৎ বৰা ‘‘কণ্ঠত যাৰ সুৰ নাই, অথচ কাণত আছে’’ বুলি কোৱা কবিয়ে যেতিয়া গীত লিখেঅথবা ‘‘সুৰৰ পৰশে তাক গান কৰি নেলাগে তুলিব’’ বুলি কৈও যেতিয়া এটাৰ পাছত এটাকৈ লিখিয়েই যায়, তেওঁ আৰু কবি হৈ নাথাকে। তেওঁ হয়তো ক’ব পাৰে,…
ড° প্ৰাণজিৎ বৰা ‘‘কণ্ঠত যাৰ সুৰ নাই, অথচ কাণত আছে’’ বুলি কোৱা কবিয়ে যেতিয়া গীত লিখেঅথবা ‘‘সুৰৰ পৰশে তাক গান কৰি নেলাগে তুলিব’’ বুলি কৈও যেতিয়া এটাৰ পাছত এটাকৈ লিখিয়েই যায়, তেওঁ আৰু কবি হৈ নাথাকে। তেওঁ হয়তো ক’ব পাৰে,…
ড° অৰবিন্দ ৰাজখোৱা ৰিচাৰ্ড ফাইনমেনৰ কাহিনীটো লিখিছে সৌৰভ কুমাৰ চলিহাই। ন’বেল বঁটা বিজয়ী পদাৰ্থ বিজ্ঞানী ফাইনমেনে ‘পদাৰ্থবিজ্ঞান বক্তৃতামালা’…
ৰুদ্ৰ সিংহ মটক ‘‘Poetic feeling is directed feeling, — feeling directed by the social ego.’’ (Christopher Caudwell) হালধীয়া বৃত্ত একাধাৰে কবি, সংগীতশিল্পী, নাট্যকাৰ তথা বোলছবি অভিনেতা বিশাল অনুৰাগৰ তৃতীয় কাব্যগ্ৰন্থ হালধীয়া বৃত্ত (২০১৯)। উল্লেখযোগ্য যে ‘হয় মই সন্ত্রাসবাদৰ পক্ষপাতী’ (১৯৯৭)…
গুৰু দুজনাৰ সৃষ্টিসমূহ আৰু পাঠসমীক্ষা ৰঞ্জুমণি মহন্ত এই লেখিকাৰ দহ কি এঘাৰ বছৰমান বয়সৰ কথা৷ গোসাঁইঘৰৰ থাপনাত থকা ‘কীৰ্ত্তনঘোষা আৰু নামঘোষা’-খন উৱলি যোৱা বাবে দেউতাই এখন নতুন ‘কীৰ্ত্তনঘোষা আৰু নামঘোষা’ কিনি আনিছিল৷ সেইদিনা সন্ধিয়ালৈ গোসাঁইঘৰত নতুনকৈ কিনি অনা পুথিখনৰ পৰা…
আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা) ‘সমন্বয়’ পুথিভঁৰালৰ চৰিত্ৰগত দিশ কেনে হ’ব সেই সম্পৰ্কে আমি, বিশেষভাৱে ভূমিধৰ আৰু মই, আৰম্ভণিৰে পৰা সচেষ্ট আছিলোঁ। সেইবাবে আমি এখন গোহাৰিপত্ৰ উলিয়াই তাত স্পষ্টভাৱে উল্লেখ কৰিলোঁ যে সমন্বয় পুথিভঁৰাল হ’ব ৰাজহুৱা পুথিভঁৰাল। ইয়াত গণতান্ত্ৰিক…
ড° প্ৰিয়দেৱ গোস্বামী ভাষা মানৱ সভ্যতাৰ প্ৰথমটো স্থায়ী খোজ। বাস্তৱ পৃথিৱীখনত ঘটা, দেখা পোৱা বিভিন্ন বস্তু, ঘটনা-পৰিঘটনা আদিৰ বিষয়ে এজনে আনজনৰ লগত হোৱা ভাব বিনিময়ৰ ফলতে কথিত ভাষাৰ উৎপত্তি হয়। ই মানুহৰ সভ্যতাৰ দিশত আগবঢ়াৰ আদিতম অৱস্থা। কথিত ভাষাক চিত্ৰলৈ…
প্ৰদীপ পাটগিৰি শোটাৰে সাৰি থাকোঁতে ঘৰৰ চোতাল মইনাৰ নাকেৰে বৈ গ’ল শেঙুনৰ সোঁতা, মিতাৰ লগত কাজিয়া নকৰিবি সমস্যাবোৰ আলোচনাৰে মিটা। প্ৰচণ্ড ৰ’দৰ বাবে ৰদ কৰা হ’ল মাৰাথন দৌৰ প্ৰতিযোগিতা, হুতা সঠিক নহ’লে ভাত নিসিজে চৰুৰ চাউল হৈ ৰয় হুঁটা ।…
কবি: টি.এছ. এলিয়ট অসমীয়া অনুবাদ: ড° দীপশিখা ভাগৱতী ছন পৰা মাটি দ্বিতীয় পক্ষ: এহাত দাবাখেল (A Game of Chess ) উজ্জ্বল সিংহাসনৰ দৰে, যি আসনত তেওঁৰ অধিস্থান, উদ্ভাসিত মৰ্মৰত, য’ত বেলোৰ আলিংগনৰত হয় দ্ৰাক্ষালতাৰ অলংকাৰশোভিত সেই মান্যতাৰ উত্থানৰ দ্বাৰা…
ধ্ৰুৱজ্যোতি বৰা (১) ভাষাই হ’ল অসমীয়া সংজ্ঞাৰ কেন্দ্ৰীয় বিষয়বস্তু ভাষা জাতিৰ প্রাণ। ভাষা নথকাকৈ পৃথিৱীত ক’ৰবাত জাতি আছে বুলি মই নাজানো। হয়, এই ভাষাবোৰ কোনোবা জাতিৰ ক্ষেত্ৰত অত্যন্ত বিকশিত আৰু আধুনিক আৰু আন কিছুমান জাতিৰ ক্ষেত্রত হয়তো ‘কথিত ভাষা’ oral…
ড° ৰক্তিম ৰঞ্জন শইকীয়া সাম্প্ৰতিক সময়ত অসমৰ গণমাধ্যমসমূহত সকলোৰে অলক্ষিতে দেখা পোৱা এটা সূক্ষ্ম অথচ সুদূৰপ্ৰসাৰী গুৰুত্ব থকা পৰিৱৰ্তন হ’ল ‘অসমীয়া’ শব্দটোক ধীৰে ধীৰে ‘খিলঞ্জীয়া’ আৰু ‘থলগিৰি’ শব্দই প্ৰতিষ্ঠাপন কৰি অনাটো৷ ইয়াৰ পোনপটীয়া অৰ্থ এইটোৱেই ‘অসমীয়া’ শব্দই আজিৰ অসম নামৰ…