Tag ভাষা

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী সেউজপুৰৰ বৰতলত বহুত দিনৰ মূৰত মহাৰাজ কেশৰীয়ে এখন সভা আহ্বান কৰিছে। খবৰটো পাই প্ৰজাসকল এক প্ৰকাৰ চিন্তাতে পৰিছে। ৰাজ্যখনত একো অথন্তৰ হোৱা নাইতো! নিৰ্দিষ্ট সময়তকৈ আগতেই বৰতলত উপস্থিত হোৱা বাটলুৱে ৰাইজ বহিবৰ বাবে জা–যোগাৰ কৰাত ব্যস্ত হৈ পৰিছে। যোৱা ডেৰ-দুই…

মুকলি মঞ্চ

লোকপৰিৱেশ্য কলা হিচাপে দেওধনী নৃত্য কলচুম বিবি অসমত অতীতৰে পৰা বিভিন্ন নৃগোষ্ঠীয় লোকে বসবাস কৰি আহিছে। তেওঁলোকৰ প্ৰত্যেকৰে নিজা নিজা  ভাষা আৰু উপভাষা আছে। ইয়াৰ লগতে সমান্তৰালভাৱে নিজস্ব সাংস্কৃতিক পৰিচয়ো আছে। তদুপৰি ঐতিহাসিক, ভৌগোলিক, সামাজিক ক্ষেত্ৰতো বৈশিষ্ট্য আছে। এইবোৰে অসমীয়া সংস্কৃতিত…

প্ৰকৃতি

দাদুল দেৱকৃষ্ণ বনানি সৰু ছোৱালী। তাই গাঁৱৰে মধ্য ইংৰাজী বিদ্যালয়খনৰ ষষ্ঠ মানৰ ছাত্ৰী। পঢ়াত বৰ বেছি তীখৰো নহয়, বৰ বেছি ওদাও নহয়। মানে মধ্যমীয়া। কিবা এটা নজনা কথা ওলালেই তাই চিধাই গৈ দেউতাকৰ ওচৰ পায়গৈ। দেউতাক কি কামত ব্যস্ত থাকে তালৈ…

প্রাচীন অসমৰ পৰম্পৰাগত জোখ-মাখ আৰু একক

ড° ৰাস্না ৰাজখোৱা যিবোৰ ৰাশিক আমি জুখিব পাৰোঁ সেই ৰাশিবোৰক ভৌতিক ৰাশি (physical quantity) বুলি কোৱা হয়। উদাহৰণস্বৰূপে সময়, দীঘ, ওজন, বেগ ইত্যাদি ৰাশিসমূহক জুখিব পাৰোঁ বাবেই এইবোৰ ভৌতিক ৰাশি। আনহাতে আমাৰ গাটো বেয়া লগা বা মনটো ভাল লাগি থকা—…

সমাজ, সংহতি আৰু ক্ৰিকেট

প্ৰসেনজিৎ চৌধুৰী ১৯৩৬ চন৷ বাৰ্লিনত মহা আড়ম্বৰেৰে অনুষ্ঠিত হৈছিল অলিম্পিক৷ লং জাম্পত জাৰ্মানিৰ হৈ অংশ লৈছে সপ্ৰতিভ শ্বেতাংগ খেলুৱৈ লুজ লঙে৷ দৰ্শকৰ মাজত উপৱিষ্ট নাজি নায়ক হিটলাৰ প্ৰতিযোগিতাৰ চূড়ান্ত পৰ্যায়ত লং জাম্পৰ বিজয়ী হ’ল আমেৰিকাৰ কৃষ্ণাংগ ক্ৰীড়ক জেছি‍ ৱেন্‌ছ৷ প্ৰচন্দ…

চ্যেলুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা পাছদিনা পুৱা। ৰাতি ডাঙৰকৈ বৰষুণ দিয়াৰ পাছত আকাশ ফৰকাল। পথাৰবোৰত পানী ৰৈছে। হালোৱাই হাল-কোৰ লৈ পথাৰলৈ গৈছে। কোনো কোনোৱে ইতিমধ্যে হাল জুৰিছেই। ক’ৰবাত গজলীয়া ম’হ হলীয়াকৈ বোৱা হৈছে, ক’ৰবাত ডেমেহাগুটীয়া ম’হৰ হাল। লগত বা ওচৰত হয়তো দুই-তিনিহাল…

অব্যাহৃত

ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ ৰঞ্জুমণি মহন্ত যোৱা ২৯ জুলাই তাৰিখে কেন্দ্ৰীয় চৰকাৰে প্ৰায় তিনিটা দশকৰ পাছত দেশৰ প্ৰচলিত শিক্ষানীতিৰ পৰিৱৰ্তন কৰি এক নতুন শিক্ষানীতি ঘোষণা কৰিছে৷ আনন্দৰ কথা যে এই নতুন শিক্ষানীতি দেশখনৰ শিক্ষাব্যৱস্থালৈ কেইবাটাও বৈপ্লৱিক পৰিৱৰ্তন অনাৰ কথা ঘোষণা কৰা হৈছে৷…

মূল কবিতা: The Waste Land

কবি:  টি.এছ. এলিয়ট অনুবাদ:  ড° দীপশিখা ভাগৱতী ছন পৰা মাটি প্ৰথম: মৃতকৰ সমাধি (The Burial of the Dead ) কি নিষ্ঠুৰতম মাহ এপ্ৰিল, মৃত মাটিৰ জৰায়ুত লাইলাকৰ ১  জন্মদিন, স্মৃতি আৰু আকাংক্ষাৰ মিশ্ৰিত সংবাদে শেঁতাপৰা শিপাত বাকি দিয়ে বসন্ত বৃষ্টি।…

কথন-মথন

জিন্তু গীতাৰ্থ আন্ধাৰ আৰু আন্ধাৰ। নৈৰ ঘাটৰ এইছোৱা আন্ধাৰত ডুব গৈ আছে। চেঁচা বতাহে চাবুকৰ দৰে নৈৰ পাৰক কোবাই গৈছে। কে‍য়োপিনে কেৱল নিৰ্জন আৰু শূন্য। কাহানিবাই শূন্য হৈ পৰিছে এই চহৰৰ বাট–পথ। চিকৰা লাগি ধৰাদি এতিয়া এই চহৰৰ গাত শূন্যতাই…

অসমৰ চিত্ৰশিল্পৰ পথিকৃৎ আৰু এখন অনবদ্য গ্ৰন্থ: ননী বৰপূজাৰী

ফাৰহান জাৱেদ ঘনঘোৰ আন্ধাৰত লুকাই থকা সভ্যতাক কোনে পোহৰৰ বাট দেখুৱায়? পোহৰ নৈকত্যপিয়াসী সাধাৰণ নাগৰিকৰ বাবে কোনে যুঁজ দিয়ে? নিশ্চয়কৈ এজন শিল্পীৰ কথাই আমি কল্পনা কৰিম (তেওঁ এজন কবি-লেখক, সংগীত-নৃত্য, অভিনয়, চিত্ৰ-ভাস্কৰ্য বা অন্য যিকোনো পৰিৱেশ্য শিল্পী হ’ব পাৰে)। এজন…