Tag পৰিৱেশ

দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস

 ড° পোনা মহন্ত   ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান উপাস্য বাথৌ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে দেৱতাগৰাকীৰ থাপনাৰ চাৰিওফালে ঢাল-তৰোৱাল লৈ এই নৃত্য পৰিৱেশন কৰা হয়৷ যিহেতু আক্ৰমণ বা…

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি এইবাৰ শেষ বহাগতে বানপানীৰ বতৰ আৰম্ভ হ’ল আৰু জেঠ মাহত বানে অসমৰ বহুখিনি অঞ্চল প্লাৱিত কৰিলে (এতিয়াও ন ন ঠাইত বানপানী হৈয়ে আছে) ৷ অসমীয়াত এষাৰ কথা আছে, ‘শাওনৰ পানী ৰাওণে খায়, ভাদৰ পানীতহে ঘৰ তল…

কাল-অকাল

 মিনাৰা হুছেইন বৰষুণৰ টোপালবোৰ মোৰ চকু-মুখত পৰিছে। হাতৰ ক’লা ছাতিটো খুলি ল’লোঁ। এই ক’লা ৰংটো মোৰ খুব পছন্দৰ। এই যে বৰ্ষাময়ী আবেলিটো লাহে লাহে ৰাতিৰ ক’লা আন্ধাৰৰ মাজলৈ সোমাই যায়, মোৰ ভাল লাগে। ৰাতি যিমান ঘন হৈ উঠে, প্ৰকৃতিয়ে যেতিয়া চৌদিশে…

জাহ্নৱীৰ এটা গল্প

 পুলিন কলিতা   … আৰু তাৰ পাছত ভগীৰথ গৈ গৈ হিমগিৰি পৰ্বত পালেগৈ৷ হিমগিৰিৰ বুকু খান্দি কল্‌কলাই বৈ আছে জাহ্নৱী নৈ৷ জাহ্নৱী নৈৰ পাৰত, এটা আটোমটোকাৰি পৰ্যটন নিবাসৰ এটা সৰু কোঠাক নিজৰ অনিৰ্দিষ্টকালীন ঠিকনা কৰি লৈছে ভগীৰথে৷ জাহ্নৱীক বুজিবলৈ জাহ্নৱী…

হিতে বিপৰীত

 সঞ্জীৱ সভাপণ্ডিত এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন (৫/৬/২০২২) গুৱাহাটীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত অনুস্থিত এটা অনুষ্ঠানলৈ যাবলগীয়াত পৰিছিলোঁ৷ স্কুলীয়া ল’ৰা–ছোৱালীৰ লগত কিছু সময় কটাব পাৰিম বুলি মনটো ভাল লাগি আছিল৷ ওচৰতে এটা জলপ্ৰপাত আছে৷ এখন বিয়াগোম হাবি…

নৰেন মজুমদাৰৰ তিনিটা কবিতা

নৰেন মজুমদাৰ (জন্ম ১৯৪৮) এটি বহল পৰিপ্ৰেক্ষিতত কবিয়ে জীৱন আৰু জগতক নিৰীক্ষণ কৰিব পাৰিছে বুলিয়েই ব্যক্তিগত হৈও নৰেন মজুমদাৰৰ কবিতা নৈৰ্ব্যক্তিক ৷ তেওঁৰ প্ৰথমখন কবিতা সংকলন ‘অনুভৱ’ (১৯৮৯)-ৰ পাতনি লেখিছিল ড০ হীৰেন গোহাঁয়ে আৰু তেওঁৰ কবিতাত মৌলিকতা লক্ষ্য কৰিছিল ৷…

অনুপ কুমাৰ শৰ্মাৰ শিল্পকৰ্ম : ব্যক্তিগত বিন্যাসৰ পৰা সামূহিক সংযুতিলৈ

 জ্যোতি খাটনিয়াৰ   ‘মানুহৰ অৱয়বক (Human Figure) বাদ দি যেন একোৱেই ভাবিব নোৱাৰোঁ৷ আকৌ সেইবোৰৰ মাজলৈ ঘূৰি আহোঁ৷’ শিল্পৰ ৰসাস্বাদনত শিল্পীৰ সৈতে কথোপকথন কিমান গুৰুত্বপূৰ্ণ সেই সম্পৰ্কে মতৰ ভিন্নতা থাকিলেও, এতিয়ালৈকে যি কেইজন অসমীয়া শিল্পীৰ কামৰ সৈতে আত্ম–সংযোগ স্থাপনৰ চেষ্টা…

নায়ক-চিন্তানায়কৰ লেখ-আলেখলেখ

সঞ্জীৱ সভাপণ্ডিত ‘জাংফাই জোনাক’ চিনেমাখনত মই প্ৰথমতেই এখন মঞ্চত উষা–চিত্ৰলেখাৰ এটা ৰূপকাত্মক মৌন দৃশ্যৰ অৱতাৰণা কৰিছিলোঁ৷ সংমিশ্ৰিত জাতি–জনজাতিৰ মানুহৰ এটা অঞ্চলত সন্ধিয়া সকলোবোৰ মানুহ মাটিত বহি এক আচৰিত ধৰণৰ অভিনয় উপভোগ কৰিছিল৷ গাঁৱৰ মানুহে নাটকত সংলাপ বিচাৰে বুলি থকা সাধাৰণ ধাৰণাটোৰ…

নীলমণি ফুকন শোৱা নাই

নীলিম কুমাৰ   নীলমণি ফুকন শোৱা নাই নীলমণি ফুকন শুব নোৱাৰে তেওঁ নোশোৱে তেওঁৰ টোপনি নাহে তেওঁ জাগৰণ দুচকু মেলি আছে তেওঁ ৰাতিৰ তৰাবোৰে তেওঁৰ চকুৰ পোহৰৰ স’তে ফেৰ মাৰিছে৷ নীলমণি ফুকন শোৱা নাই কাৰণে পৃথিৱী নৃত্যৰতা নীলমণি ফুকনে শোৱা…

নদীবোৰ শুকাই যোৱাৰ আগতে

( নীলমণি ফুকন ছাৰৰ জ্ঞানপীঠ প্ৰাপ্তিত) গায়ত্ৰী দেৱী বৰঠাকুৰ      বাখ্যেয় পংক্তি– নদীবোৰ শুকাই যোৱাৰ  আগতে   প্ৰসংগ– নদীবোৰ শুকাই যোৱাৰ আগতে ব’লা আমি এপলক জী আঁহোঁ পাহাৰৰ  হৰিৎ* বুকুত   সংগতি– সভ্যতাৰ শুকান বালিত অশ্বাৰোহী সৈনিক এজনে তেজে- তুমৰলি…