Tag শিক্ষা

ভূপেন মহন্ত সম্পাদিত ‘প্ৰান্তিক’ (১৯৬১,১৯৬২) -ৰ মেটমৰা সম্ভাৰ আৰু সুধাকণ্ঠৰ এটা গীতৰ অন্যতম ৰূপ

টিকেন্দ্ৰজিৎ গগৈ‍ ০১.     ধৰা হওক এনে ধৰণৰ এটা প্ৰশ্নৰ অৱতাৰণা হৈছে— পাৰ্বতি প্ৰসাদ বৰুৱাৰ ‘কণ্ঠহীন : উদং পিয়লা’ আৰু নিৰ্মলপ্ৰভা বৰদলৈৰ ‘কাৰ্টুন’ নামৰ কবিতা, সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকাৰ ‘আকাশী গঙ্গা’ আৰু লক্ষহীৰা দাসৰ গীত ‘সুধাৰ সাগৰ সাবটি বুকুত…’; কুমাৰ কিশোৰৰ ‘অবাঞ্ছিত’, বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য্যৰ…

সম্পাদকীয়

(প্ৰকৃতি আৰু শিক্ষা) অহা বাইছ মে’ তাৰিখে সমগ্ৰ বিশ্বতে জৈৱ বৈচিত্ৰ্য দিৱস, পাঁচ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস, ষোল ছেপ্টেম্বৰৰ দিনা অ’যন স্তৰ সংৰক্ষণ দিৱস আদি পালন কৰা হ’ব৷ এনেকৈ বছৰটোৰ বিভিন্ন সময়ত আমি পৰিৱেশ, পাৰিপাৰ্শ্বিকতা, জলবায়ু পৰিৱৰ্তন, প্ৰদূষণ আদি…

লালন ফকিৰ : হিন্দু নে যৱন?

আহমদ ছফা  বাংলা মূলৰ পৰা অসমীয়ালৈ অনুবাদ: বাসুদেব দাস  গভীৰ পৰিচয় উদ্‌ঘাটনৰ ক্ষমতা আমাৰ নাই। আমি আটায়ে লালন ফকিৰৰ সম্পৰ্কে যিখিনি জানো, তাকেই আকৌ নতুনকৈ উল্লেখ কৰিব খুজিছোঁ। লালনৰ সম্পর্কত এটা কিংবদন্তী চলি আহিছে। লালনৰ জন্ম হৈছিল এটা ব্রাহ্মণ পৰিয়ালত।…

চাৰি মাহৰ মালিতা

প্ৰশান্ত মিশ্ৰ  ১। মেঘৰ অশ্ৰুত গজালি মেলা সপোন শাওণৰ দুপৰীয়া ডোং এটাৰ পাৰতভেকুলী এটাই পোক এটা ধৰিছিলসৰু ঢৌ তড়িৎ বেগেৰে এডাল সাপপথাৰৰ আলিৰ বোকাত ভেকুলীটোআৰু এটা দীঘল জাঁপডাঙৰ ঢৌ এহাল ফেঁচু চৰাই উৰি ফুৰিছিল ধৰাত মেঘৰ চকুলো বোকা পানীতেই আশাশস্যৰ কোমল বুকুতমেঘৰ অশ্ৰুত গজালি মেলা সপোন ফলি-পুথিৰ শাওণৰ পথাৰ ভেকুলীপোকসাপফেঁচু…

পাঠাগাৰ

উশাহৰ মাজত ড° অমৰজ্যোতি চৌধুৰী৷  পাঞ্চজন্য৷ গুৱাহাটী, ২০২০ লেখক আৰু প্ৰকাশকে কোৱামতে এইখন এখন উপন্যাস৷ কিন্তু আমাৰ পঠন অভিজ্ঞতাই কৈছে, অসমীয়া সাহিত্যৰ সৰ্বাধিক দৈৰ্ঘ্যৰ চুটিগল্প এইটো৷ উশাহৰ মাজত৷ দেশ-কাল-ভাষা-সমাজ-জাতি নিৰ্বিশেষে মানুহৰ জীৱনত ঘটি থকা সংঘাতজৰ্জৰ অনেক সংঘটনৰ ই এক ৰূপকধৰ্মী বিবৃতি৷…

আপোনাৰ মূৰ!

অভিজিত শর্মা বৰুৱা আমাৰ মূৰৰ ভিতৰত থকা মূল বস্তু মগজুটো সঁচাকৈয়ে বৰ আচৰিত বস্তু দেই! ই হ’ল আমাৰ লাওখোলাৰ ভিতৰত থকা অলেখ স্নায়ুকোষৰ এক সংগঠন, যি দেহৰ ভিতৰৰ প্রায় সকলোবোৰ কার্যই পৰিচালনা কৰে। আটাইতকৈ জটিল অংগ মগজু হ’ল কেন্দ্রীয় স্নায়ুতন্ত্রৰ…

এন্ধাৰ-পোহৰ

জ্যোতিস্মিতা শৰ্মা পাহাৰবোৰৰ প্ৰেমত পৰিছিলোঁ হয়তো। প্ৰতিদিনে আবেলি দেউতাই নতুনকৈ লোৱা বাজাজ ছুপাৰ স্কুটাৰখনত উঠি পাহাৰ কাটি সজা ৰঙা মাটিৰ ৰাস্তাৰে চাহবাগিচাৰ ফালে নগ’লে মনটো ভালেই নলগা হ’ল। পাহাৰৰ ভাঁজে ভাঁজে আমি উঠি গৈ থাকোঁ চাহগছবোৰ নেদেখালৈকে। ঝুম খেতিৰ সংজ্ঞাই কিতাপৰ পাতৰ পৰা ওলাই…

চাউলকঠা, নাটকথা

লোপামুদ্ৰা ভট্টাচাৰ্য প্লেটফৰ্মখন জনশূন্য। নিশা ন বাজিছে। সি আৰু তাৰ লগৰ দুজন গাড়ীৰ ভিতৰতে আছে। ট্ৰেইনখন হয়তো দহমান বজাতহে পাবহি। গাড়ীৰ পৰা নামিলেই মাস্কখন পিন্ধিব লাগিব। সেইখনে মুখখন ঢকাৰ লগতে যেন গোটেই পৰিৱেশটোকে চেপি ধৰে। এনেকুৱাতে ফিৰদৌছদাৰ ফ’ন আহিল। — “কি…

বকচ্ছপৰ ঠিকনা

মূল বাংলা : কান্তাৰভূষণ নন্দী অসমীয়া অনুবাদ : কুমুদ ঘোষ (কান্তাৰভূষণ নন্দীৰ জন্ম ১৯৬৯ চনত অসমৰ নগাঁও জিলাত৷ ডাঙৰ-দীঘল আৰু পঢ়া-শুনা গুৱাহাটীত৷ বৰ্তমান অধ্যাপনাৰ সৈতে জড়িত কান্তাৰভূষণ নন্দী গল্প-আলোচনী ‘যাপনকথা’ সম্পাদনাৰ লগতো জড়িত৷ প্ৰকাশিত গল্প সঙ্কলন ‘কয়েকটি মৃত্যুৰ অসম্পূৰ্ণ বিৱৰণ’৷ গল্পকাৰৰ অনুমতি সাপেক্ষে বৰ্তমানৰ গল্পটিৰ অনুবাদৰ আয়োজন৷) চিগাৰেট…

বাঘৰাণী খইৰী

 বাঘিনীৰ সত্য জীৱন কাহিনী ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম কিছু দিনৰ পাছত কুকুৰপোৱলিটোৰ চকু মেল খালে। আৰু সি সূৰুযৰ কোমল কিৰণত যাক প্রথম দেখিলে, সেয়া আছিল তাৰ বাঘিনী মাহী খইৰী। চকু মেলাৰ পাছত খইৰীয়ে…