Tag শিক্ষা

মিণ্টুল হাজৰিকাৰ হালধিহাট

 ফাৰহান জাৱেদ   কবিতাক কোনোৱে বৌদ্ধিক কছৰৎৰ সংক্ষিপ্তি বুলি কয় আৰু কোনোৱে সৰ্বসাধাৰণৰ হৃদয়ৰ আকূতি বুলিও ক’ব খোজে৷ আমাৰ বাবে কবিতা কেৱল সাময়িক বিলাস নহয়, আমাৰ বাবে কবিতা জীৱন-চৰ্যা৷ আনহাতে কবিতা-পঠনক আমি বুদ্ধিদীপ্ত চিন্তাৰ পৰ্যায়লৈয়ো নিব পৰা নাই৷ অৱশ্যে কবিতা…

হেৰাই যোৱা মন্দিৰৰ যাদু

 মূল:  সুধা মূৰ্তি অনুবাদ:  স্ৰোতস্বিনী তামুলী   নুনি এজনী বাৰ বছৰীয়া ছোৱালী। তাই দৌৰি-ঢাপৰি, গছত উঠি বৰ ভাল পায়। তাই খায়ো ভাল পায়। কিন্তু ৰন্ধা-বঢ়াতহে অলপো চখ নাই। আনকি তাই টিভি চায়ো খুব বেছি ভাল নাপায়। অৱশ্যে তাই কেতিয়াবা চোটা ভীম…

অপ্ট’মেট্রি (Optometry)

 ড° বুলজিৎ বুঢ়াগোহাঁই   অপ্ট’মেট্রি (Optometry) পাঠ্যক্রমত মানৱ দেহৰ অন্যতম অংগ চকুৰ গঠন আৰু কাৰ্যপদ্ধতিৰ বিষয়ে অধ্যয়ন কৰা হয়। অপ্ট’মেট্রি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। অপ্ট’মেট্রিষ্টসকলে চকুৰ বিভিন্ন ধৰণৰ ৰোগ নিৰ্ধাৰণৰ বাবে পৰীক্ষা-নিৰীক্ষা কৰে আৰু চকুৰ বাবে আৱশ্যক হোৱা…

দাহালথুংগ্ৰি: এখন মননশীল উপন্যাস

 ড° পোনা মহন্ত   ‘দাহালথুংগ্ৰি’ – অসমৰ অন্যতম ভূমিপুত্ৰ বড়োসকলৰ মাজত অতীজৰে পৰা চলি অহা এক বিশেষ লোকনৃত্য৷ খেৰাই পূজাত জনগোষ্ঠীটোৰ প্ৰধান উপাস্য বাথৌ দেৱতাৰ সন্তুষ্টিৰ অৰ্থে দেৱতাগৰাকীৰ থাপনাৰ চাৰিওফালে ঢাল-তৰোৱাল লৈ এই নৃত্য পৰিৱেশন কৰা হয়৷ যিহেতু আক্ৰমণ বা…

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি

বানপানীৰ দিনৰ ভাবৰ বুৰবুৰণি এইবাৰ শেষ বহাগতে বানপানীৰ বতৰ আৰম্ভ হ’ল আৰু জেঠ মাহত বানে অসমৰ বহুখিনি অঞ্চল প্লাৱিত কৰিলে (এতিয়াও ন ন ঠাইত বানপানী হৈয়ে আছে) ৷ অসমীয়াত এষাৰ কথা আছে, ‘শাওনৰ পানী ৰাওণে খায়, ভাদৰ পানীতহে ঘৰ তল…

এটা ভৰুণ দুপৰৰ ‘ৰাইটাৰ্লি’ কথকতা

 ভাস্কৰ জ্যোতি নাথ   কপৌৱে ৰুণ দিয়া এটা ভৰুণ দুপৰীয়া৷ ৰদে জলমল পৃথিৱী৷ গল্পটো লিখিবলৈ লৈ মোৰ হঠাতে  ষ্টক হাউচেইনলৈ মনত পৰি গ’ল৷  কেনেকুৱা হ’ব পাৰে বাৰু হাউচেইনৰ ন’টছবোৰ ? শ্ৰোতাৰ কৰ্ণকূহৰত শ শ পাইপাৰৰ স্বৰৰ বন্যা বোৱাই আনিব পৰা…

হিতে বিপৰীত

 সঞ্জীৱ সভাপণ্ডিত এইবাৰৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন (৫/৬/২০২২) গুৱাহাটীৰ পৰা প্ৰায় ৭০ কিলোমিটাৰ দূৰৈৰ এখন ঠাইত অনুস্থিত এটা অনুষ্ঠানলৈ যাবলগীয়াত পৰিছিলোঁ৷ স্কুলীয়া ল’ৰা–ছোৱালীৰ লগত কিছু সময় কটাব পাৰিম বুলি মনটো ভাল লাগি আছিল৷ ওচৰতে এটা জলপ্ৰপাত আছে৷ এখন বিয়াগোম হাবি…

ঈশ্বৰ আৰু পুৰুষৰ বিৰুদ্ধে প্ৰথমগৰাকী বিদ্ৰোহিনী : লিলিথ

 মূল : উত্তম দত্ত অনুবাদ : ময়ূৰী শৰ্মা বৰুৱা (লেখক পৰিচিতি : উত্তৰ বঙ্গ বিশ্ববিদ্যালয়ৰ কোচবিহাৰ কেম্পাছত বাংলা ভাষা-সাহিত্যৰ অধ্যাপকৰূপে কৰ্মৰত উত্তম দত্তদেৱ একাধাৰে এগৰাকী প্ৰতিষ্ঠিত কবি, চুটি গল্প লেখক তথা প্ৰবন্ধকাৰ। ইতিমধ্যে প্ৰকাশিত একাধিক কবিতা সংকলন, গৱেষণা গ্ৰন্থৰ মাধ্যমেৰে তেখেত সমকালীন বাংলা…

ধৃতৰাষ্ট্ৰৰ সঞ্জয় আৰু অক্ষমৰ জালুক কিংবা বৃদ্ধাৱস্থাৰ যন্ত্ৰমানৱ

 ড০  ভাৰত বৰুৱা মহৰ্ষি বেদব্যাস দেৱৰ ৰচিত মহাকাব্য মহাভাৰতৰ এক অনৱদ্য চৰিত্ৰ হৈছে সঞ্জয়। সঞ্জয় হস্তিনাপুৰৰ কুৰুবংশী অন্ধ ৰজা ধৃতৰাষ্ট্ৰৰ সাৰথি হোৱাৰ লগতে অতি বিশ্বাসী অনুচৰো আছিল। তদুপৰি মহৰ্ষি বেদব্যাসে কুৰুক্ষেত্ৰৰ যুদ্ধৰ সময়ত সঞ্জয়ক এক অলৌকিক শক্তি প্ৰদান কৰিছিল, সেয়া হৈছে দিব্যদৃষ্টি।…

বৰ্ণাশুদ্ধিৰ তিতা-কেঁহা কিছুমান

গীতাৰ্থী গোস্বামী ‘এই মানুহজনীয়ে অলপ বেছি কৰে। তেওঁহে যেন সকলো বানান জানে! ইমান কষ্ট কৰি এসোপা লিখিলোঁ, এওঁ আক’ বানানত ভুল ধৰে!’ মই বৰ্ণাশুদ্ধি দেখুৱাই দিয়া একাংশ মানুহৰ ধাৰণা এয়া। হয়, মই সঁচাকৈ বহুত কথা নাজানো। তথাপি আখৰ-জোঁটনিৰ ভুলবোৰ  চকুত…