Tag সংস্কৃতি

মিনহঁতৰ দেশ ইন্দোচীনত— ৬

 তপন কুমাৰ শৰ্মা   “আপোনাৰ নামটো?”- টেক্সিত বহি লৈ চালকক হোটেলৰ নাম আৰু ঠিকনা থকা ম’বাইলৰ ফটোখন দেখুৱালোঁ। সন্মতিসুচক ভংগীত গাড়ীৰ বেগ বঢ়াই দিয়াৰ পাছতে নামটো সুধিলোঁ। “ডুঅং”- উত্তৰটো পালোঁ। “আপুনি চীনা লোক নেকি?”- জানিব খুজিলোঁ। “নহয়…” পথৰ সমুখলৈ চকু…

জীৱন সংগী

 অনামিকা বৰা   এটা অপ্ৰত্যাশিত ফ্ৰেণ্ড ৰেকুৱেষ্ট! একাধিকবাৰ ন’টিফিকেশ্বন৷ মাণ্ডৱী মধুকল্য৷ শ্লিভলেছ্‌ ব্লাউজ, অগ্নিপথৰ প্ৰিয়ংকা চোপ্ৰাৰ নিম্ন মধ্যবিত্ত স্বনিৰ্ভৰশীলতা, কিছু প্ৰগলভ্‌ কৰি তোলা ধৰণৰ বুকুৰ ঠেক উপত্যকা, ঠিক এটা গিৰিপথৰ দৰে নক্সাৰে বৈ অহা চিলচিলিয়া পানীৰ দৰে চিফনৰ এটুকুৰ চাদৰ,…

কিছু সাহিত্যিক চিন্তা-দুঃচিন্তা

  আমাৰ সমাজখনত আন আন ক্ষেত্ৰৰ লোকসকলতকৈ সাহিত্যিক-গায়কৰ সমাদৰ বেছি৷ একেদৰেই আন আন ক্ষেত্ৰত কাম কৰিবলৈ আগ্ৰহী লোকতকৈ আমাৰ সমাজত সাহিত্যিক আৰু গায়কৰ সংখ্যাটো ডাঙৰ৷ উপৰি উক্ত প্ৰথমষাৰ কথাৰ আঁৰৰ কাৰণটো হৈছে, সাহিত্যিকসকলৰ লেখা আমি পঢ়িবলৈ পাওঁ, পঢ়ি আনন্দ লাভ…

ৰঘুবংশ

মূল : মহাকবি কালিদাস অনুবাদ : কৌস্তুভমণি শইকীয়া দত্ত  || একাদশ অধ্যায় || ৰজা দশৰথৰ কাষলৈ আহিল মুনি কৌশিক, বিচাৰিলে কাকপাখিৰ দৰে চুলি বন্ধা বালক ৰামক । বিঘিনিৰ পৰা যজ্ঞ ৰক্ষা কৰিবলৈ বনলৈ নিবলৈ, বিৱেচনা নকৰি বীৰ তেজস্বীসকলৰ বয়স ।…

সাগৰৰ গোলাপ

 কবি- জোৱান ৰেমন জিমিনেজ অনুবাদ- ড° ৰঞ্জিত দত্ত (গীতিধৰ্মী কবিতাৰ কাৰণে ১৯৫৬ চনৰ সাহিত্যৰ ন’বেল বঁটা বিজয়ী স্পেইনৰ কবি  Juan Ramon Jimenez (জন্ম ২৩ ডিচেম্বৰ, ১৮৮১, মৃত্যু ২৯ মে, ১৯৫৮) ৰ সাহিত্যিক অৱদান অসামান্য। বিশেষকৈ বিশুদ্ধ কবিতা (pure poetry) ৰ…

হীৰাগুড়ি পাহাৰৰ দেৱতা

 (ধাৰাবাহিক শিশু-উপন্যাস) বিদিশা দত্ত  (২)   পুৱাৰ বেলিয়ে হাবিখনক সম্পূৰ্ণকৈ পোহৰাই তুলিবলৈ পোৱাৰ আগতেই ভুচুৱে সাৰ পালে। গাঁতৰ ওচৰতে পোক দুটামান বগাই ফুৰিছিল। গাঁতৰ পৰা ওলাই পোককেইটা দেখি তাৰ মনটো ভাল লাগি গ’ল। ৰাতিপুৱাৰ জলপানৰ যোগাৰ এনেকৈয়ে হৈ গ’ল। চৰাইবোৰে বিভিন্ন…

ভালপোৱাৰ এসাঁজ ভাত

 প্ৰতীক্ষা বৰা   ভালপোৱাৰ এসাঁজ ভাতেই যথেষ্ট।  আৰুনো কি লাগে? এমুঠি দাইল, চাউলৰ বাবেইতো যতমানে হাহাকাৰ, মৰা–কটা, অন্যায়–অবিচাৰ, অঁৰিয়াঅঁৰি। তাতেই যদি কপালত মিলি যায় সুস্বাদু বিবিধ ব্যঞ্জনেৰে সজাই যতনাই দিয়া এখন ভাতৰ কাঁহী, আমাৰ দৰে মানুহে সুখ বিচাৰি পাওঁ তাতেই। …

বচা বকুল

 ৰমানন্দন বৰা ছাব্বিছ দহ দিন পাৰ নৌ হওঁতেই ঘটনাটো ঘটিল৷ দাউ দাউকৈ জ্বলি উঠিল নতুন চাপৰিৰ জুপুৰিকেইটা৷ সন্ধিয়া লাগি ভাগিছিল৷ তেনেকুৱাতে বকুল চাপৰিৰ মানুহৰ হুলস্থুল লাগিল৷ জুই… জুই… সঁচাকৈয়ে একুৰা ভয়ঙ্কৰ জুয়ে পোহৰ কৰি তুলিছে নতুন চাপৰিৰ আকাশ৷ আটাইবোৰ মানুহে…

উচ্চ শিক্ষাৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা আৰু প্ৰস্তুতি

 ড° বুলজিৎ  বুঢ়াগোহাঁই   উচ্চ শিক্ষাৰ বাবে বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ বাবে অনুষ্ঠিত কৰা কেইটামান প্ৰতিযোগিতামূলক পৰীক্ষা হ’ল – সাধাৰণ বিশ্ববিদ্যালয়ৰ প্ৰৱেশ পৰীক্ষা (Common University Entrance Test, CUET; ); বিশ্ববিদ্যালয় অনুদান আয়োগ (ইউজিচি)-নেট (University Grants Commission, UGC-NET ; ); বৈজ্ঞানিক আৰু…

বুৰঞ্জী, ভাষা-সংস্কৃতি আৰু ঐতিহ্য-পৰম্পৰা ৰক্ষাত মহন, দেওধাই আৰু বাইলুংসকলৰ ভূমিকা

 পদ্মজা বৰুৱা মহন   প্ৰতিটো জাতি-জনগোষ্ঠীৰে একোটিকৈ স্বকীয় বৈশিষ্ট্য আছে৷ জাতিটোৰ বুৰঞ্জী, ভাষা-সংস্কৃতি, ঐতিহ্য-পৰম্পৰা আদিয়ে সেই বৈশিষ্ট্য নিৰূপণ কৰাত সহায় কৰে৷  ইতিমধ্যেই বিশ্বৰ বুকুত গৌৰৱময় আসন অধিকাৰ কৰি নিজৰ মহত্ব আৰু স্বকীয়তা প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হোৱা জাতি-জনগোষ্ঠী সমূহলৈ লক্ষ্য কৰিলে…