Tag সংস্কৃতি

গ্ৰন্থাগাৰ বিপ্লৱৰ পটভূমিত সমন্বয় পুথিভঁৰালৰ জন্ম কাহিনী

আবেদুৰ ৰহমান (যোৱা সংখ্যাৰ পিছৰ পৰা) ‘সমন্বয়’ পুথিভঁৰালৰ চৰিত্ৰগত দিশ কেনে হ’ব সেই সম্পৰ্কে আমি, বিশেষভাৱে ভূমিধৰ আৰু মই, আৰম্ভণিৰে পৰা সচেষ্ট আছিলোঁ। সেইবাবে আমি এখন গোহাৰিপত্ৰ উলিয়াই তাত স্পষ্টভাৱে উল্লেখ কৰিলোঁ যে সমন্বয় পুথিভঁৰাল হ’ব ৰাজহুৱা পুথিভঁৰাল। ইয়াত গণতান্ত্ৰিক…

দিশহাৰা বিশ্বনেতৃত্ব: আমেৰিকা-চীন সংঘাত

সঞ্জীত কুমাৰ বৰদলৈ আমি এখন মুক্ত পৃথিৱীৰ বাসিন্দা৷ ১৯৯২ চনত সেই সময়ৰ বিত্তমন্ত্ৰী ড° মনমোহন সিঙে আমাৰ দেশত মুক্ত অৰ্থনীতিৰ সূচনা কৰিলে৷ এতিয়া স্বাভাৱিকতে বিশ্বৰ আগশাৰীৰ দেশবোৰৰ গতিবিধিয়ে আমাৰ দেশকো প্ৰভাৱিত কৰে৷ বিশ্বৰ পৰিৱৰ্তিত গতিবিধিৰ পৰা আমি বিচ্ছিন্ন হ’ব নোৱাৰোঁ৷…

বাস্তৱতা আৰু গণিত

ড° প্ৰিয়দেৱ গোস্বামী ভাষা মানৱ সভ্যতাৰ প্ৰথমটো স্থায়ী খোজ। বাস্তৱ পৃথিৱীখনত ঘটা, দেখা পোৱা বিভিন্ন বস্তু, ঘটনা-পৰিঘটনা আদিৰ বিষয়ে এজনে আনজনৰ লগত হোৱা ভাব বিনিময়ৰ ফলতে কথিত ভাষাৰ উৎপত্তি হয়। ই মানুহৰ সভ্যতাৰ দিশত আগবঢ়াৰ আদিতম অৱস্থা। কথিত ভাষাক চিত্ৰলৈ…

মূল কবিতা: The Waste Land

কবি:  টি.এছ. এলিয়ট অসমীয়া অনুবাদ:  ড° দীপশিখা ভাগৱতী ছন পৰা মাটি দ্বিতীয় পক্ষ: এহাত দাবাখেল (A Game of Chess )   উজ্জ্বল সিংহাসনৰ দৰে, যি আসনত তেওঁৰ অধিস্থান, উদ্ভাসিত মৰ্মৰত, য’ত বেলোৰ আলিংগনৰত হয় দ্ৰাক্ষালতাৰ অলংকাৰশোভিত সেই মান্যতাৰ উত্থানৰ দ্বাৰা…

অসমীয়াৰ সংজ্ঞা— ২

ধ্ৰুৱজ্যোতি বৰা (১) ভাষাই হ’ল অসমীয়া সংজ্ঞাৰ কেন্দ্ৰীয় বিষয়বস্তু ভাষা জাতিৰ প্রাণ। ভাষা নথকাকৈ পৃথিৱীত ক’ৰবাত জাতি আছে বুলি মই নাজানো। হয়, এই ভাষাবোৰ কোনোবা জাতিৰ ক্ষেত্ৰত অত্যন্ত বিকশিত আৰু আধুনিক আৰু আন কিছুমান জাতিৰ ক্ষেত্রত হয়তো ‘কথিত ভাষা’ oral…

স্নেহগচ্ছিত

মেঘনা চৌধুৰী ‘‘তুমি শৃংগাৰ কৰিলে দেবুৱে বৰ ভাল পাইছিল। অন্ততঃ সেইবাবেই তুমি নিজকে ভালকৈ ৰখাটো জৰুৰী।’’ কথাষাৰে পলকতে মোৰ তন্ময়তা ভাঙি পেলালে। হস্পিটেলখনৰ চতুৰ্থ মহলাৰ বেলকনিত ৰৈ আছিলোঁ আমি। অলপ আগতে ঠাইখিনি ছেনিটাইজ্‌ড কৰা হৈছিল। তেতিয়াও ধোঁৱাই আমনি কৰি থকা…

জনপ্ৰিয় শিশু-সাহিত্যিক, সাংবাদিক যুগললোচন দাসৰ সৈতে কিছু অন্তৰংগ ক্ষণ

পলী হাজৰিকা অসমীয়া সাহিত্য-জগতৰ এটি সুপৰিচিত নাম হ’ল যুগললোচন দাস৷ ১৯৮৫ চনৰ পৰাই তেখেতে সাহিত্যৰ ক্ষেত্ৰখনলৈ অৰিহণা আগ বঢ়াই আহিছে৷ ২০১৮ চনৰ সাহিত্য অকাদেমিৰ শিশু-সাহিত্য বঁটা প্ৰাপক জনপ্ৰিয় লেখকগৰাকী একাধাৰে শশিু-সাহিত্যিক, সাংবাদিক, গল্পকাৰ, প্ৰবন্ধকাৰ, কবি আৰু গীতিকাৰ৷ অসমৰ ক্ৰীড়া-সাহিত্যক জনপ্ৰিয়…

বিজ্ঞানভিত্তিক অসমীয়া শিশু সাহিত্যৰ বিকাশৰ অন্তৰায়: এক চমু অৱলোকন

ড° ৰমেশ চন্দ্ৰ গোস্বামী শিৰোনামত বাৱহৃত ‘শিশু সাহিত্য’ শব্দৰ দ্বাৰা শিশু আৰু চেমনীয়া উভয়ৰে বাবে ৰচিত সাহিত্যক বুজোৱা হ’ব। অর্থাৎ মোটামুটিভাৱে আঠৰ পৰা চৈধ্য বছৰমান বয়সৰ ল’ৰা-ছোৱালীৰ বাবে ৰচনা কৰা বিজ্ঞানভিত্তিক সাহিতাকহে সামৰা হ’ব। বিজ্ঞানভিত্তিক সাহিত্য বা বিজ্ঞান সাহিত্যনো কি?…

পিছলৈ উভতি চাওঁ—৫

মোৰ ওপজা ঠাই: বাঁহগড়, বাৰেঘৰ ড° পোনা মহন্ত মই শ্বিলঙৰ ছেইণ্ট এড্‌মাণ্ড্‌জ (St. Edmunds) কলেজত পঢ়ি থাকোঁতে প্ৰথম অৱস্থাত হ’ষ্টেলৰ আৱাসী আৰু কোনো কোনো সহপাঠীয়ে মোৰ আৰু শৈশৱ-কৈশোৰৰ সৈতে জড়িত বাঁহগড়‍, বাৰেঘৰ, মেজেঙা আদি নামবোৰ লৈ মোক জোকোৱা বা ভেঙুচালি…

অসম মুলুকৰ এক আশাবাদী যাত্ৰা

সঞ্জীৱ সভাপণ্ডিত আমেৰিকাৰ ইলিনয় ৰাজ্যৰ এহাল অৱসৰপ্ৰাপ্ত দম্পতীৰ ঘৰত মই এবাৰ সাত দিন আছিলোঁ৷ এটা গাড়ীৰ টায়াৰ নির্মাণ কৰা ক’ম্পেনিৰ পৰা গিৰিয়েক ঘৈণীয়েক দুয়ো অৱসৰ লৈছিল৷ তেওঁলোকে মোক বহু ঠাইলৈ লৈ গৈছিল৷ কেতিয়াবা গ’ল্‌ফ ক’ৰ্টলৈ, কেতিয়াবা গীৰ্জালৈ, কেতিয়াবা বহু দূৰৰ…