Category কবিতা

অঁ

কিশোৰ বড়ো(অঁ- অ)পিৰালিত বহি নখৰ চেপাত ওকণিক বিদায় জনায়উৰ্ণা নোলোৱাকৈ গা লৰাই গাভৰু এজনী পাৰ হৈ যায়‘অঁ’ হয়নে, আমুক তামুক, ভচুক তচুক’… জিভাত ফুটে তেতিয়া আৰু এতিয়াৰ পাৰ্থক্যৰ আখৈ (অঁ- আ)পিৰালিৰ পৰাই চিঞৰি সোধে— বোলোঁ ভালনে? ক’লৈ ঢপলিয়াইছে?মুখামুখি হ’লে সৌহাৰ্দ্যপূৰ্ণ ভাব বিনিময়পিঠি দেখুৱাই আঁৰ হ’লেই…

ৰাতি আৰু মই

মুনমুন সৰকাৰ শইকীয়া বোন্দাপৰ দিয়া ৰাতিটো  হাঁহি-কান্দি কান্দি-হাঁহি সি কৈ আছে আৰু কৈ গৈছে তাৰ ক’লা বৰণৰ আঁৰৰ কাহিনী।   তাৰ কাহিনীত বুৰ গৈময়ো ৰাতিৰ বৰণ লৈছোঁ;মোৰ দাঁত আৰু হাতৰভৰিৰনখকেইটাৰ বাহিৰেমোৰ সৰ্বত্ৰ এতিয়া ৰাতিৰ ৰঙৰআধিপত্য।   মোৰো ক’বলগীয়া আছিল—এন্ধাৰৰ আঁৰৰ কাহিনী।ক’ব নোৱাৰিলোঁ,মই…

উঁই হাফলুৰ ঘৰ

 অৰ্চনা পূজাৰী পৰ্বতৰ শৃংগৰ এটি সৰু সংস্কৰণ   ভিতৰখন তলাতল ঘৰ বিচুৰ্তি  হোৱাৰ পাল কি দেখিলোঁ কি দেখিলোঁ অ’ সৰুকণ সামান্য পোক খলপা-খলপি বিশাল সাম্ৰাজ্য   বাঁহগছৰ চুপাটোৰ গুৰিতে উঁইহাফলু উঁইহাফলু ভাঙোতে দেখিছিলি নে অ’ সৰুকণ ৰত্নাকৰৰ ছাঁ   ওৰে বাটতো…

পুৰণি বগা চোলাটো

ডেইজী অনুৰঞ্জনা পুৰণি বগা চোলাটো মোৰ আলনাত এতিয়া নাথাকে    এসোপা কজলা দাগেৰে সি এতিয়া মাথোঁ বিচাৰি ফুৰে পিৰিক-পাৰাক চকুৰ বাট  . ৰ লাগি চাব পৰাকৈ আগৰ ভমকাফুলীয়া চাৱনিটো এতিয়া আৰু তাৰ নাই নতুনৰ চিকচিকীয়া গোন্ধটোও হেৰাল . মাজে মাজে সেমেকা চকুৰে…

অনূদিত কবিতা

মূল : ফৰাচী ঝঁ ফ’ল্যাঁ (Jean Follain) অনুবাদ : ড° প্ৰশান্ত মিশ্ৰ (১৯০৩ চনৰ ২৯ আগষ্টত জন্মগ্ৰহণ কৰা ঝঁ ফ’লাঁ (Jean Follain) পেছাত আৰম্ভণিতে অধিবক্তা আৰু পাছলৈ এগৰাকী ন্যায়াধীশ হয়গৈ। ফ্ৰান্সৰ অন্য কবিসকলতকৈ  কিছু পৃথক এই কবিগৰাকীৰ কবিতাত পূব এছিয়াৰ সাহিত্যৰ, ঘাইকৈ…

নিজগৰী

নীলিমা ঠাকুৰীয়া হক  কেঁচীৰে কেঁচ কেঁচকৈ কলাফুললৈ কাটি দিলেতাৰ উঁৱলি যোৱা জিনছৰ তলছোৱাকেঁচ কেঁচ শব্দটোৱে আৰু বহু কিবাকিবি কাটিলেএঙেৰুৱা ছালৰ তলত ঘাম হৈ বৈ থকা কথাবোৰ তাৰ আকাশখনো বিবৰ্ণ জিন্‌ছতলত বানৰ বালিয়ে পোতা গাঁওখনৰ কবৰস্থানখেৰৰ চালত সপোনৰ তৰাফুল গুজি দিব নোৱাৰেজীৱনৰ এছোৱা…

পাঠাগাৰ

 সভ্যতা ১ সম্পাদনা : বিপ্লৱজ্যোতি ভূঞা৷  বহু-আনন্দ, নগাঁও, ২০২১     অসমীয়া সাহিত্য-সংস্কৃতিৰ জগতত বিভিন্ন সময়ত বিভিন্ন লিটল্‌ মেগাজিন্ বা সাময়িকী প্ৰকাশ পাই আহিছে যদিও প্ৰায়বোৰ আলোচনীয়েই জীৱনকালৰ ফালৰ পৰা অতিকে ক্ষণস্থায়ী বুলি পৰিগণিত হৈছে৷ যোৱা শাতিকাৰ অষ্টম দশকত প্ৰকাশিত সংলাপ  আৰু সংজ্ঞা,…

লিংগপুৰাণ

 মণিকা দেৱী ‘‘লিংগটো দিছোঁ৷ চাবচুন কেনে পায়৷’’ মেছেজটো পঢ়ি এক মুহূৰ্তৰ বাবে থৰ হৈ ৰৈ গ’ল চিত্ৰা৷ কি মেছেজ এইটো? কোনে দিছে? নম্বৰটো অচিনাকি৷ ডি পিত থকা ফট’খনো অচিনাকি৷ ডেকাল’ৰা এজনৰ ফট’৷ ধুনীয়া, বৰ ধুনীয়া৷ চকুৰ চাৱনিয়ে একেবাৰে অন্তৰাত্মা কঁপাই তুলিব পাৰে৷ অন্তৰাত্মা…

নৱীন কবিলৈ চিঠি

 Letters to a Young Poet মূল (জাৰ্মান): ৰেইনাৰ মাৰিয়া ৰিল্কেএম্ জি হাৰ্টাৰ নৰ্টনে কৰা ইংৰাজী পাঠৰ পৰা অনুবাদ : ৰমানন্দন বৰা সপ্তম পত্ৰ    ৰোম, ১৪ মে, ১৯০৪        মৰমৰ মিষ্টাৰ কাপ্পাছ,        তোমাৰ শেহতীয়া চিঠিখন পোৱাৰ পাছতো বহু সময় পাৰ…

মিৰি নাও-ফিৰি নাও

 দিলীপ ফুকন বগীবিল দলংপূৰ্ব কথামালাত লিপিত খাই লাগি আছিল মিৰি নাও-ফিৰি নাও৷ চর্যাপদৰ নাৱৰ দৰে বোধিচিত্তস্বৰূপ নহয় এই নাও নাইবা নৈৰাত্মা নাৱৰীয়া৷ প্ৰাচীন পুৰুষ এই নাৱৰীয়াই কোনোকালে লৌহিত্যত স্নান কৰা নাই অথচ ঘূলিত পৰা ম’হৰ দৰে প্ৰাত্যহিক অৱগাহন লুইতৰ পানীত৷…