Category কবিতা

আটাইতকৈ শোকভৰা কবিতা

মূল: পাবলো নেৰুদা ভাবানুবাদ: যশোৱন্ত নিপুণ মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷ হয়তো, এনেকৈ লিখিম: “নিশাটি তৰাভৰা, আৰু নীলা নীলা তৰাবোৰ দূৰত কম্পিত৷’’ নিশাৰ বতাহজাকে আকাশত পাকঘূৰণি খায় আৰু গায়৷ মই আজি নিশা আটাইতকৈ শোকভৰা কবিতাটি লিখিব পাৰোঁ৷…

বহেমিয়ান পদ্য

চন্দন গোস্বামী শগুণে‍ এৰি যোৱা হাড় চেলেকিবলৈ গাঁও এৰি অহা কুকুৰজাকলৈ মন দি থাকোঁতেই মুখামুখিকৈ স্থিৰ এখন ছবিৰ দৰে নিজৰ   ছবিখন জীৱনৰ  য‘ত আমি কিছু সময়ৰ আগতে লগ পোৱাৰ কথাটো আৰু এতিয়া লগ পোৱা তুমি তুমি নহয় মই মই…

আগন্তুক

 ৰশ্মিৰীয়া গগৈ   ভাবি থকা কথাবোৰ নভবা হলেই ভাল আছিল বুলি ভাবি প্ৰতি পল বিদ্ৰোহী হৈ উঠাৰ আগলৈকে আন্ধাৰ মায়াবোৰে ওমলাই থাকে মোক   বাট কাটি শেষ কৰিব নোৱৰা দিশৰ বিপৰীতে যি দৰে হয়তো তুমি সাৰে থাকাঁ   এই দিশে…

যেতিয়া কথাবোৰ শেষ হ’ব!

 সংগীতা মেধি   যেতিয়া কথাবোৰ শেষ হ‘ব কিহে দুয়োকে জোৰা লগাই থ‘ব   স্মৃতিকথা পানীৰ ছায়া বঢ়ালে বাঢ়়ি যায়   কথাবোৰ শেষ হোৱাৰ পাছত চাই থাকিম শীতৰ ধূসৰতাই বিবৰ্ণ কৰিব নোৱৰা নিৰ্মেদ ভাবনা   কথাবোৰ শেষ হোৱাৰ পাছত শুনি থাকিম…

হাত

 খনিন্দ্ৰ ভূষণ মহন্ত কণমানিটোৱে হাতখন মুখলৈ নি চুপি থাকে হাতে-গালে বগাই থাকে লেলাৱতি চকুৱে-মুখে নাচে স্বর্গীয় সুখৰ ফুল আইতাই কয় “গোসাঁয়ে অমৃত সানি পঠিয়াইছে। চুপি খা গোসাঁই, চুপি খা।”   হাতবোৰ ডাঙৰ হয় ফলিত অ-আ লিখি অমিতা আঁকি ভালপোৱা হাতবোৰে উকা…

ঈশ্বৰ কোন

অত্ৰেয়ী গোস্বামী সৰুতে পিতায়ে চুৱাপাতনিত ভাত চেলেকি থকা কুকুৰ এটাক দেখুৱাই কৈছিল, “সৌৱা চা ঈশ্বৰ”৷ এদিন পিতায়ে কাৰ্শলা এডালকো  ঈশ্বৰ বুলি কৈছিল৷   ডাঙৰ হৈ দেখিলোঁ শালগ্ৰাম, বুজিলো ৰাস্তাৰ শিলগুটিও ঈশ্বৰ৷ বাৰিষা কুমজেলেকুৱাবোৰ দেখিলে মণি-মুকুতা খচিত  ৰাজকীয় সজ্জাৰ মানুহৰূপী ঈশ্বৰ শামুক…

লেণ্ডস্কেপ

গায়ত্ৰী দেৱী বৰঠাকুৰ  (এক) কুৰি শতিকাটো উজ্জ্বল ৰং আৰু তীব্ৰ প্ৰকাশভংগীৰ ইপিঠি-সিপিঠি আছিল   এটি মুদ্ৰাৰ দৰে খলকনি সুক্ষ্ম ঝনঝননি   উজ্জ্বলতাত তীব্ৰতাৰ অস্বাভাৱিক উপস্থিতি   (দুই)  চোৱাঁচোন মাটিছ মানুহ বোৰে  কিছুমান কথা ক‘ব লাগে বাবেই কৈ থাকে   তুমি…

কিয় সোঁৱৰণি এপাহ গোলাপ

অমিতাভ ফুকন   কিয় তুলিকাত ওমলে আন্ধাৰে লুকুৱাই থোৱা বিলুপ্ত উশাহ টঙি ৰখা চিত্ৰকৰ গ্লানিৰ নয়ন ধুমকেতুৰ পছোৱা   কিয় সৃজনত বালিচৰ আপোনঘাটী পিৰালিত খৰাং চৌপাশে বিস্তৰ অসুৰ পিছলি পৰে অগৰু নিস্তব্ধ ৰঙ্গস্থলী তন্দ্ৰাতে সৰিল ধঁতুৰা এপাহ   কিয় সোঁৱৰণি…

মোৰ ছাঁ

হৰেকৃষ্ণ ডেকা মোৰ ছাঁ এটা আচৰিত বস্তু ই অশৰীৰী কিন্তু বিদ্যমান ৷ ই মই নহয় কিন্তু ইয়াক মই অস্বীকাৰ কৰিব নোৱাৰোঁ ৷ ই পোহৰ ভাল পায় কিন্তু নিজে পোহৰহীন হয় ৷ ই আকাৰ সলনি কৰে ৷ কেতিয়াবা মোৰ সমুখত ওলায়,…

কেইটিমান জাপানী কবিতা

অনুবাদ: ড০ প্ৰাণজিৎ বৰা পখিলা ছুবই শ্বিগেজি (Tsuboi Shigeji; 1897 – 1975) নমুনা সংগ্ৰহকৰা কোঠাটোত শাৰী শাৰীকৈ পৰি থকা আনবোৰৰ দৰে মোৰ শ’টোও পৰি আছিল পিন এটাৰে ক্ষত–বিক্ষত হৈ যেন কোনোবা মৃতকৰ শোক পালনৰ বাবেহে পৰি আছিলোঁ তেনেকৈ, নিৰৱে   শ্ৰান্ত,…