Category কবিতা

টেঙা মৰ্টন (কবিতা)

অংকুৰিতা ফুকন সিকি এটা মুঠিত লৈমই পৰিভ্ৰমণ কৰিছোঁ বৈয়ামৰ ব্ৰহ্মাণ্ড সৌৰজগতৰ যিকোনো দৃশ্যমান জ্যোতিষ্কৰ দৰে দোকানৰ‘গেৰেলা’ বৈয়ামকেইটাও মোৰ চকুত জিলিকি আছে  একো একোটা নক্ষত্ৰৰ দৰে সিকিটোৰে এটা টেঙা মৰ্টন কিনিম কাণসমনীয়া হৰেনৰ চকুৰ আঁৰ হৈহাতৰ টিপতে ভনীয়েক সুৰৰ মুঠিত গুঁজি দিম…   মোৰ খোজত  আজি বয়ঃসন্ধি প্ৰেমৰ…

এজন মৰা মানুহৰ লগত কথা পাতি আছিলোঁ (কবিতা)

নীলাভ সৌৰভ হাইস্কুলতে ফুলিছিল জী উঠাৰ মাধৈমালতিতেওঁৰ সৈতে কথা পাতি পাতি মৰি আহিছিলোঁ দিনক দিনে তেওঁ জীয়াই থাকিব লাগিছিলবহুবাৰ বজাৰত তেওঁক ভাল বস্তু কিনা দেখিছোঁ মৰাৰ পৰা দূৰলৈ উৰ্ত্তীৰ্ণ হোৱা এখন চহৰৰ মানুহ আছিল তেওঁ আচৰিত নালাগেনেতাৰ পাছত কেইবাবাৰো কথা কৈ কৈ মৰা…

বতাহৰ তৰোৱাল

জ্যোতিনীলিমা গগৈ  কি উৎসৱ হৈছিল ২০২০–ত? দেশে দেশে সকলোৰে বাবে এখনেই নিমন্ত্ৰণী পত্ৰ বসন্তৰ এপাহি কপৌ বা বৰ্ষাৰ এপাহি খৰিকাজাঁই কাৰো হাতত নাছিল স্বাগতৰ বাবে সুদীৰ্ঘ দিন টুলুঙা নাৱত চিপ্‌চিপাই পানী খেলি আহি আছিল শোকযাত্ৰী আজন্ম প্ৰীতিও কি যে এক পানীধেমালি …. মানুহবোৰে হাতে হাতে কঢ়িয়াইছিল নিৰ্জনতাৰ…

তুমি

 গীতালি বৰা   I desire the things which will destroy me in the end                     — Sylvia Plath এই যাত্ৰাৰ শেষ নাই৷  শূন্যতাৰ এই সুৰংগ অনন্ত৷ কিন্তু এই সুৰংগৰ শেষত ৰমক-জমক ফুলেৰে ভৰা জক্‌মকীয়া এক উপত্যকা…

সৌমিত্ৰ চেটাৰ্জীৰ দুটা কবিতা

 শ্ৰদ্ধাঞ্জলি সৌমিত্ৰ চেটাৰ্জী৷ বাংলা চিনেমাৰেই নহয়, বিশ্ব চলচ্চিত্ৰৰ এজন কিংবদন্তীস্বৰূপ অসাধাৰণ প্ৰতিভাসম্পন্ন মহাশিল্পী, গণশিল্পী, প্ৰচ্ছন্ন ভদ্ৰলোক৷ ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু সত্যজিত ৰয়ৰ পিছতেই বাংলা কলাজগতৰ এজন ‘ওখ মানুহ’৷ সত্যজিত ৰয়ৰ সৈতে তেখেতৰ অতুল্য কলাৰ ৰসায়নেৰে সৃষ্টি হৈছিল চৈধ্যখনকৈ মাষ্টাৰপিচৰ৷ অপু ত্ৰিল’জী,…

মধ্যপ্ৰাচ্যৰ প্রথিতযশা মানৱতাবাদী কবি নিঝাৰ কাবানি

 ৰুদ্ৰসিংহ মটক   “Who will rescue the Quran?Who will save Christ?Who will save man?”(Jerusalem)   উদ্ধৃত কবিতাফাঁকি মধ্যযুগীয় ধৰ্মান্ধতা, অন্ধবিশ্বাস, শোষণ, গোড়ামিৰ অন্ধকাৰ আৱৰ্তৰপৰা মানৱ মুক্তিৰ সপোন দেখা বৰেণ্য কবি নিঝাৰ কাবানি (Nizar Qabbani) ৰচিত  “জেৰুজালেম” শীর্ষক কবিতাৰ। ১৯২৩ চনত…

অজিৎ বৰুৱাৰ ‘জেংৰাই-১৯৬৩’ কবিতাৰ এটি সমীক্ষা

  চন্দ্ৰ শইকীয়া সাহিত্য অকাডেমিৰ বঁটা প্রাপ্ত অজিৎ কুমাৰ বৰুৱা(১৯২৬-২০১৫) একেধাৰে কবি, গীতিকাৰ, উপন্যাসিক, সমালোচক, অনুবাদক আৰু ৰম্যৰচনাকাৰ। ‘জেংৰাই-১৯৬৩’ নামৰ  বিখ্যাত কবিতাটিৰ জন্মদাতা হোৱাৰ পৰাই এই কবিজন ‘জেংৰাই কবি’ হিচাবেই প্ৰখ্যাত হৈ পৰে। উজনি মাজুলীৰ জেংৰাইমুখ অঞ্চলতে তিব্বতৰ পৰা ওলাই…

বিষ্ণু ৰাভা আৰু অসমীয়া মধ্যবিত্ত সমাজ

  পঙ্কজ প্রতিম বৰদলৈ ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্রাক্‌স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্রায় একুৰি দুবছৰ অসমৰ সমাজ জীৱনৰ বিষ্ণু ৰাভা এক এৰাব নোৱাৰা অংগ আছিল। অসমৰ মধ্যবিত্ত সমাজত বিষ্ণু ৰাভা এক মধ্যবিত্ত আৱেগ। এই…

মহাকাব্য পঠনৰ আনন্দ : ইলিয়াড আৰু প্ৰাচ্য সাহিত্য

ভাস্কৰজ্যোতি নাথ এজন মানুহে তেওঁৰ জীৱনকালত সকলো কিতাপ অধ্যয়ন কৰাটো সম্ভৱপৰ নহয়৷ জাৰ্মানি‍ৰ জ’হান্স গুটেনবাৰ্গে ছপাযন্ত্ৰ আৱিষ্কাৰ কৰা দিন ধৰি পৃথিৱীত আজিলৈকে কিমান কিতাপ ছপা হৈছে, তাৰ লেখ–জোখ উলিওৱাটো সম্ভৱপৰ নহয়৷ পৃথিৱীৰ প্ৰায়বোৰ ভাষাত বিশ্বজুৰি খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হোৱা কিতাপৰ…

ধোনীৰ বাবে এটা কবিতা

ধীমান বৰ্মন (end of dhoni era or no end of dhoni era!!) যদিওবা গুঁজৰি আছেবাঘ বুঢ়া হৈছে সময়ৰ এই নিৰ্ঘাত বেজীৰ পৰাবাঘৰ ৰক্ষা নাই বুলি সি নিজেও জানে তথাপি প্ৰাণটাকি দৌৰিছেনখ মাৰিছে বতাহত বনৰ ৰজা হৈমনোবল পৰিবলৈ নিদিয়াকৈ নিজ সৈন্যৰবুঢ়া বাঘে যুঁজিছে হাৰিলেও ঘাঁহ খাবলৈ অপাৰগবাঘটোৰ…