নিজকে টুকুৰা টুকুৰ কৰি
ৰাশ্বেল চৌধুৰী পথৰ মাজত নিজকে টুকুৰা টুকুৰ কৰি ছটিয়াই দি চিয়ঁৰিলোঁ যাৰ যি লাগে লৈ যাওক। ট্ৰেফিক পুলিচ এজনে আহি অবৈধ কাম নচলিব বুলি লাইচেঞ্চ বিচৰাত দুশৰীয়া কবিতা এটি লিখি দিলোঁ সি সন্তুষ্ট হৈ গুচি গ’ল নতুন চাইকেল এখন…
ৰাশ্বেল চৌধুৰী পথৰ মাজত নিজকে টুকুৰা টুকুৰ কৰি ছটিয়াই দি চিয়ঁৰিলোঁ যাৰ যি লাগে লৈ যাওক। ট্ৰেফিক পুলিচ এজনে আহি অবৈধ কাম নচলিব বুলি লাইচেঞ্চ বিচৰাত দুশৰীয়া কবিতা এটি লিখি দিলোঁ সি সন্তুষ্ট হৈ গুচি গ’ল নতুন চাইকেল এখন…
— বিভা দেৱী মস্তিষ্কটোএটা অস্থিৰতাৰ বাহ চেঁচুকীয়াত গজাশেলুৱৈৰ দৰে সেউজীয়াপিছল মই পাৰাস্তম্ভ লৈশেলুৱৈৰ তাপমাত্ৰা জুখিছিলোঁ আৰ্দ্ৰতা কিমানউত্তাপ কিমান শৈলুৱৈৰ সেউজীয়া:বুকুত পিছল খোৱা মস্তিষ্কত বিমূঢ় ঝংকাৰ
কৌস্তুভমণি শইকীয়া দত্ত কথাবোৰ দেখাত ৰংচঙীয়া হ’লেওআচলতে বিমূৰ্ত।মনটোৱেই সকলো—মনে ৰং সানিলে শৰীৰ হৈ পৰে কেনভাচ। আঙুলিয়ে কুণ্ডলি পকাই মেৰাই ধৰে পছোৱাকআৰু মই ওঁঠত সানো পলাশৰ ৰং। প্ৰসাধন মোৰ মুখা নহয়একান্তই আত্ম-বিস্তাৰ—যি আছিল মোৰ তাতে যোগ হয়আৰু অকণমান চকুতআৰু অকণমান ওঁঠতআৰু অকণমান…
অংকুৰ জ্যোতি বুঢ়াগোহাঁই ৰ’দ লৈ শুই আছে মানুহজনতেওঁৰ চোলাটোএটা শিলৰ ওপৰত শুকুৱাইছে! শিলটোৰ কাষতেমূৰ্চ্ছা গৈ পৰি আছে এখন নদী,পাতগাভৰুহঁতেশামুকৰ খোলাবোৰ বুটলি মালা গাঁঠিছে বালিচৰত শামুকৰ মালাবোৰকিনিবলৈ মানুহবোৰৰ হেতা-ওপৰা,অথচ কোনেও এবাৰো চোৱা নাইশুই থকা সেই মানুহজন…।—————————- কবিৰ ঠিকনা: তিতাবৰ বেবেজীয়া গাঁও ডাকঘৰ: পুৰণা তিতাবৰ…
শ্ৰী সুশান্ত বড়া *দোকানীক সুধিলোঁ, আপেল কেনে? বুকুৰ কাষলৈ নি ক’লে চাই লওক, বয়স ত্ৰিছ হ’ব, অভিজ্ঞ…!ক’লোঁ এক কিল’, মই জানো ইয়াৰ অধিকাংশই গেলা৷ *পোহাৰীক সুধিলোঁ জীয়া মাছ নাইনে, ক’লে লৈ যাওক ছাৰ, হাত পাতি চকুযোৰ ল’লোঁ শুকান পুখুৰীত পালোঁ জী থকা মাছ৷* পাচলিৰ দোকানত চিনাকি মানুহটো চালোঁ বাচ্ছাক বিহ দি…
লুইত কিৰণ দাস ঢোলে গুমেগুমায় অ’ সোণপখিলী,এই যৌৱনতে ক’লৈ পলালি?(পলাল নে বান?)টেটৌ মাহীয়ে নাতিনীয়েকৰ বিয়াত কঁপাই দিছিল চোতালবানে-গানে মিলাই জমি উঠিছিল এটকীয়া আইৰ ৰাতি৷ সাত জাঁপ মাৰি পীতাম্বৰ পেহাই মৃদংগ খেলিছেষাঠিজোপা তামোলৰ মালিক পেহাদেউ।কঁপাই তোল বৰপুখুৰীৰ পাৰনিজানৰ চকুৱেদি ককাই চাই আছে বাৰহটীয়া নাচ। ‘টাওঁ খিটা…
দেৱাশিস বুঢ়াগোহাঁই এজন কবি আহিছিল, হাতত আধালিখা কবিতা এটা কবিতাটোৰ দুটামান শাৰীত আছিল বাল্মীকিৰ আখৰ দুটামানত হ’মাৰৰ দুটামানত বাইৰনৰ (জঁপিয়াই থকা, তেজাল) দুটামানত নেডাৰ (স্ফুলিংগযুক্ত) শেষলৈ ৰিণি ৰিণি দেখিলোঁ, এটা শাৰী। নহয় এটা ৰিং হৰিৎ প্রান্তৰত হঠাৎ বাজি উঠা ঘণ্টাৰ ধ্বনি… শাৰীবোৰৰ কোনোবাটো— পাখিৰে লিখা, অস্পষ্ট…
উচ্চজিৎ দশগিৰি তাহানি এদিন শ্ৰাৱস্তীৰ অৰণ্যত সৌম্য প্ৰশান্তিৰে বুদ্ধই ক’লে, ‘‘বন্ধু হোৱা, শান্তি পাবা!’’ অঙ্গুলিমালৰ হাতৰপৰা উদ্যত কুঠাৰ সৰি পৰিল। এতিয়া আজি মৃতকল্প এই নগৰীবোৰত বুদ্ধ ক’ত? সৰি পৰা কুঠাৰবোৰে দেখোন উদ্যত হোৱাতহে বিচাৰি পাইছে সাৰ্থকতা, চৌদিশে মাথোঁ স্বাৰ্থান্বেষী…
শিখা গোস্বামী মহন্ত গালত শীতল চুমা যাচি এয়া জাৰৰ আৰু এটি দোকমোকালি… কুঁৱলী ফালি ফালি গৈ থাকোঁ ইথাৰৰ ইপাৰৰ ডাঠ কহুঁৱা অত কুঁৱলীতো মই ঠিকেই দেখোঁ ৰ’দৰ জিলিকনিত যি চমক আছিল… শীতে সাঁচ কাটে নে মোৰ ভ্ৰম (ধাৰণা…
কৌশিক জ্যোতি বৰা একে নহয় যদিও ৰণ আৰু ৰণাংগন,একেই ভাগৰ যুদ্ধ আৰু প্ৰেমত।এইবুলি কৈ মোৰ নিচেই কাষতে বহিলহি নেপোলিয়ন…। যুদ্ধত শত্ৰুক কচুকটা দিআত্মসমৰ্পণ কৰোঁ প্ৰেমৰ বেলিকা।যুদ্ধত জয়ী আৰু প্ৰেমত পৰাজিতজনহে প্ৰকৃত যোদ্ধা।এয়াই ইতিহাস যুদ্ধ আৰু প্ৰেমৰ। শূন্যত উদাস নেপোলিয়নৰ চকু। হৰুওৱাতকৈ হাৰিবলৈ সহজ,যদিও…