Category কবিতা

পাঠাগাৰ

আহুতি নগেন গোস্বামী বাণী মন্দিৰ, গুৱাহাটী, ২০১৩ পৌৰাণিক বিষয়বস্তুক লৈ উপন্যাস লিখাটো বৰ সহজ নহয়৷ বিশেষকৈ বিষয়বস্তু যদি প্ৰাক মহাকাব্য যুগৰ হয় তেতিয়া কামটো আৰু কঠিন হৈ উঠে৷ তেনে অৱস্থাত কেৱল মহাকাব্য আৰু সমসাময়িকভাৱে ৰচিত অন্য পাঠৰ আধাৰত এখন কল্পিত…

সদায় কোৱা কথাবোৰৰ পুনৰাবৃত্তি আৰু নহয়

No More Cliches মূল: অক্টাভিঅ’ পাজ ভাবানুবাদ: যশোৱন্ত নিপুণ  ধুনীয়া মুখযি ডেইজীৰ দৰে পাহিবোৰ সূৰ্যলৈ মেলি দিয়েঠিক তেনেকৈয়েতুমি পৃষ্ঠাটো লুটিয়াওঁতে তোমাৰ মুখখন দেখুওৱাঁ৷ মোহনীয় হাঁহিযিকোনো পুৰুষেই তোমাৰ সন্মোহনত বন্দী হ’ব,আহ্, সৌন্দৰ্য এখন আলোচনীৰ৷ তোমাৰ কাৰণে কিমান কবিতা লিখা হ’ল?কিমানজন ডাণ্টেই তোমালৈ লিখিলে, বিয়েট্ৰিচ?তোমাৰ সেই যুক্তিহীন…

দিখৌপৰীয়া কবি হৰেন গগৈৰ কাব্যগ্রন্থ— ‘জাৰসন্ধ্যাৰ জুই’

 ৰুদ্ৰ সিংহ মটক ..কাব্যভাষাই হৈছে কাব্যিক উৎকৰ্ষৰ মানদণ্ড (ৰবার্ট ফ্রষ্ট)। হৰেন গগৈ অসমীয়া কাব্য জগতৰ এজন প্রতিষ্ঠিত কবি। কবিৰ যৌৱনকালত ৰচিত কবিতাবোৰ সন্নিৱি‍ষ্ট প্রথম সংকলন জোনাকতে জোৰণ প্ৰকাশ পাইছিল ১৯৯৬ চনত৷ পৰৱৰ্তী সময়তো কাকত–আলোচনীবোৰত তেওঁৰ কবিতা প্রায় নিয়মীয়াকৈ প্ৰকাশ পাইছে৷ ২০০০ চনত…

ইমানবোৰ

অনুভৱ তুলসী আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে উল্কাপাত অৱস্থান —উৰু নাভি দুদু নিতম্ব আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে   শঙ্কুমুনি অৱস্থান— উৰুসন্ধি কলাফুল কেঁচাপাট কটি আপুনিয়েই কওকচোন, মোৰ মূৰে কাম নকৰা হৈছে   অশ্বচক্র অৱস্থান— কাষলতি কাণপটি গলধন থুঁতৰি আপুনিয়েই কওকচোন, মোৰ মূৰে কাম…

ডেটিং (এক)

সমুদ্ৰ কাজল শইকীয়া কথাবোৰ এনেকুৱা আছিল, নখবোৰ দীঘল হৈছে। দাঢ়ি কাটিম বুলি ভবাতে থাকিল, কটাহে নহ’ল। কথাবোৰ এনেকুৱা আছিল, ইমান জোৰেৰে গান বজালে কিবা ভাল নালাগে। অ’ ৰ’বা, আজি কি হ’ল জানা? আৰম্ভহে হ’ল কথাখিনি শেষ নহ’ল। কি হ’ল বুলি তেওঁ নুসুধিলে, নে মইহে নক’লোঁ মনত নাই। কথা কৈ থকাৰ…

দৈনন্দিন

ফাৰহান জাৱেদ টোপনিত পৰিভ্ৰমণ নকৰালৈকেআমি এখন পৃথিৱীত মজি থাকোঁয’ত অতি নিৰ্মম নীতিয়ে আমাক কাবু কৰেআমাৰ সম্ভাৱনাআমাৰ দুৰ্ভাৱনাক প্ৰতিপালন কৰে মানুহ হৈ থাকিবলৈকেজীৱন জটিলতাৰ বিষ পান কৰিব লাগেঅন্যথা প্ৰাচুৰ্যই স্বভাৱ বেয়া কৰে… মানুহ হৈ থাকিবলৈকেঅপ্ৰাপ্তিৰ বোজা কঢ়িয়াব লাগেকোনো নীড়হাৰাৰ আশ্বাস হ’বলৈকেঅসুখ এটা গজাই ল’ব…

অতীত

জুবিলী গগৈ সকলোৰে এটা অতীত থাকে কেতিয়াবা উৰুখা চালৰ ফুটাৰেঅতীত জিলিকি থাকেআকাশ হৈ কেতিয়াবা সোণালী সূতা হৈদেহত ওলমি থাকে অতীতশৌৰ্য হৈ শিলে শিলে ঘঁহনি খাইজ্বলি উঠা জুইৰোএটা অতীত আছেযি জুইত জাহ গৈছিল সৰি পৰা হালধীয়া পাতবোৰ গছৰ গুটিবোৰ বগাই ফুৰিছিলবুকুৱে বুকুৱেচলন্ত চকা হৈ দুৱাৰ নথকা ঘৰবোৰ ঘৰবোৰলৈ যেতিয়াই দুৱাৰ আহিলকিছুমান…

ছাঁ-পোহৰৰ বাট

উদয় কুমাৰ বৰুৱা জাৰণিৰ সিপাৰে মাৰ যোৱা বেলিটো সদায় চাওঁ— হেঁপাহ নপলায় তুমি মনে মনে অঁকা ছবিখনত আটাইবোৰ ৰং আহি ভিৰ কৰেহি আন্ধাৰৰ মুখামুখি হওঁতে  তোমাৰ শুনো নুশুনো মাতটো  ছাঁ-পোহৰৰ বাট এটা হয় কোনে জানো দি গ’ল খবৰ, সেই বাটেৰেই হেনো…

দুঘৰৰ দোঘোৰা

মুনীন্দ্ৰ মহন্ত দুঘৰৰ টিনপাতৰ চালি বৈ আহে বৰষুণৰ পানী দুঘৰৰ দোঘোৰাত  দুখন চালৰ পানী একেলগ হয় এসোঁতা হৈ বয় দুঘৰৰ ঘৰৰ ভিতৰত হুতাহ বাহিৰত বতাহ দুখন তোৰণ দুঘৰৰ তোৰণ তলেৰে ওলাই বাটলৈ একেটাই ৰাজআলি দুয়োঘৰৰ ভোকৰ পাত  দুয়োঘৰৰ মাতৰ নাট…

শীতৰ এটা ৰাতি

মামণি দাস কি ক’ব খুজিছিলোঁ নক’লোঁ শুনিবলৈ ব্যাকুল শ্ৰোতা‌ এজন থকা হ’লে হয়তো কিছু অভিমানী হ’লোঁহেঁতেন ইমান ঠাণ্ডাত জুই একুৰাৰ আগত ধোঁৱা ফুৱাই ফুৱাই কোনেও নুশুনিলেও এনেয়ে ক’লোঁ এই ঘন কুঁৱলীখিনি মোৰ অনীহা নিজতকৈ মুগ্ধ শ্ৰোতা কোনো নাই তথাপি পুহৰ…