Category কবিতা

অ’নাম

প্ৰয়াগ শইকীয়া বলি আৰু বামন দুয়োৰে অ’নামত উপস্থাপন বলি দানী মহাবলী ত্ৰিলোকৰ অধিকাৰী দনুজ   বামন অৱতাৰী দশাৱতাৰৰ পঞ্চমজনা বিচাৰিছিল মহাবলী দনুজক পদৰ জোখাৰে মাটি তিনিখোজ অৱতাৰী ঈশ্বৰে ছলনাৰ এখোজেৰে ল’লে সৰগ এখোজেৰে মৰত মহাদানী বলিয়ে ক’লে তৃতীয়টি পদ থোৱা…

বুৰবুৰণি

 জোনমণি দাস   তোৰ বাবে, নেগুৰীয়া শামুকৰ খোলাত ঢৌবোৰ সামৰি সাগৰখন শুই থকা নাই। লতা বগোৱাদি বগাই ফুৰা ৰাতিবোৰ ৰৈ থকা নাই খালী গিলাচত বাকি লোৱা বটলৰ ৰঙাখিনিত।   বুৰবুৰণি, তোৰ বাবে মোক মাতষাৰ দি এইমাত্ৰ গুচি গৈছে হেমন্ত … গোলাপ গছত…

এজামচন্ (Assumption)

 সুশান্ত বৰা   ডালিনীয় ধাৰণাৰে মই গৈ ওলালোঁ ছেপ্টেম্বৰ আগষ্টৰ শেহ ৰাতিটো ভীষণ উষ্ম হোৱাৰ বিপৰীতে মেঘাচ্ছন্ন কোমল পুৱাৰ  ছেপ্টেম্বৰ, বৰষুণ হ’ব পাৰে মোৰ পিঠিত ঘামচি পকিছে৷ খিৰিকীৰ আইনাত এজনী শালিকীয়ে নিজৰ স’তেই চেকচেকাইছে, মই তাইক আঙুলিৰে চোওঁতে বৰষুণৰ ৰাতিৰ…

কৰুণা

 অলকেশ কলিতা (বান্ধৱী সঙ্গীতা মেধিৰ হাতত)   ধৰিব পাৰিছানে ৰাতি, তোমাৰ চৰাইজনীৰ মাতত, মোৰ অন্তৰাত্মাই চিপ কঢ়া ? শুনি থাকাঁ তাৰ স্বৰ, চিৰিলুইত চিৰকাল বৈ যাব, পকনীয়াৰ সৰু সৰু হাহাকাৰৰ মাজেৰে। তোমাকো চাগে নিশ্চয়েই কষ্ট দিয়ে, দিনৰ ৰ’দত লেৰেলা ৰাতিৰ…

ডাঠি তান চৰণে পৰিয়ো

অলকা মহন্ত বৰুৱা ভৈয়াই শুন আমাৰ কওঁ  ছাগলীৰ ছালৰ ভাতীত আউটি আউটি জুই জ্বলাওঁ আঢ়ৈসেৰীয়া হাতুৰীৰে হাফৰৰ জুইত দেহা পুৰি কাঁহ কোবাওঁ নিয়াৰিত থৈ আমি গঢ়ি পিটি উলিয়াওঁ কাঁহী-বাটি হাফৰত ৰঙাৈক জ্বলা শালখৰিৰ লগতে ক’লা হয় আমাৰ হাত গাৰ তেজ ঘাম…

চাৰি প্ৰহৰৰ মালিতা

প্ৰশান্ত মিশ্ৰ  বেলি চোৱা বেলিকা  চকুপতাত নিয়ৰৰ কণাবোৰ গোট মাৰিছিল  জাৰ লাগিছিল চকুত  লানিকৈ ৰোৱা সেউজীয়াৰ মাজত  শিৰীষৰ পাত সৰকি নামি আহিছিল বেলিটো  আৰু চকুপতাৰ বৰফত  বিচ্ছুৰিত পোহৰৰ প্ৰতিফলন  হাওঁফাওঁৰ ভিতৰলৈ দীঘল উশাহত  হাতৰ মুদ্ৰাত বুদ্ধ শোক নাই   আনন্দৰ আকুতিও…

আফ্ৰিকাৰ লোককবিতা

অনুবাদ: ড° প্ৰাণজিৎ বৰা   ১ তেওঁ‌ক ভাল পাবৰ পাছৰে পৰা এনে লাগে নিজে খাবলৈ বুলি যেন চাউলকেইটাত থকা ধান বাচি আছো ৰাতিয়ে-দিনে বাচোতে বাচোতে এখন পথাৰৰ চাউল শেষ হৈ যায় পিছে ক‘ত, শাঁ‌ত নপৰে দেখোন অন্তৰখন   ২  …

মাত-কথা

দিগন্ত কুমাৰ বড়া কাউৰীয়ে ৰমলিয়ায় কা কা কৰি। ফেঁচাবোৰে কুৰুলিয়ায় গছৰ ডালত বহি।। মৌ-মাখিৰ গুণ্ গুণ্, পাৰই দিয়ে ৰুণ। সাপৰ ফোঁচফোঁচনি আঁতৰৰ পৰাই শুন। শিয়ালে হোৱা দিছে বাঁহনিৰ আঁৰত। কুকুৰটোৱে ভুকি আছে পদূলি মুখত।। ম’হটোৱে টেঁটাইছে পথাৰৰ মাজত৷ ছাগলীয়ে বেবাইছে পেটৰ…

ষ্টপিং বাই ৱুডছ অন এ স্নোৱি ইভনিং

মূল (ইংৰাজী):  ৰবাৰ্ট ফ্ৰ’ষ্ট অনুবাদ : ড০ দীপশিখা ভাগৱতী   মই জানো কোন এই অৰণ্যৰ অধিৰাজ। যদিও এই গ্ৰামতেই তেওঁৰ অধিবাস; নেদেখিব তেওঁ মোক ক্ষন্তেক ৰোৱা আৰু মই চোৱা হিমস্নাত এই বনৰ আভাস।   আশ্বৰ্য প্ৰকাশ মোৰ কণমানি ঘোঁৰাটোৰ কিয়…

স্বাধীনতা

মূল : লেংষ্টন হিউজ অনুবাদ : মৌচুম বৰুৱা  ভয়, শংকা অথবা দমনৰ মাধ্যমেৰেআহিব পাৰে জানো স্বাধীনতা?ওহোঁ নাহে,আজি নাহে,কাইলৈ নাহে,অথবা কোনো দিনেই নাহে৷ আমাৰোতো তোমাৰ দৰেই অধিকাৰ আছেএগজ মাটিৰ ওপৰতআকাশ চাব পৰাকৈদুভৰিত থিয় দি থকাৰ৷ কিন্তু আমি শুনি শুনি ক্লান্ত হৈ পৰিছোঁ—‘‘সময়ত আমাৰ বাবেও আহিবএটা নতুন দিন৷’’ কিন্তু মৃত্যুৰ পাছত…