ধূলি poem-utpal-barkotoky-february-2026
উৎপল বৰকটকী মৃত্যুৰ সমীপত ৰৈ বুজিলোঁ জীৱন — এটি ধূলিতকৈও নগণ্য মানিব খুজিলেও মনে নামানে দেহটোক জীয়ন দি ৰাখিছোঁ ৷ ম’বাইল – ৮১৩৩০-১০০৬৩, ইমেইল: borkatakiutpal@gmail.com
উৎপল বৰকটকী মৃত্যুৰ সমীপত ৰৈ বুজিলোঁ জীৱন — এটি ধূলিতকৈও নগণ্য মানিব খুজিলেও মনে নামানে দেহটোক জীয়ন দি ৰাখিছোঁ ৷ ম’বাইল – ৮১৩৩০-১০০৬৩, ইমেইল: borkatakiutpal@gmail.com
ধীমান বৰ্মন জন্মদিনত প্ৰতাৰণা নহয় পৃথিৱীত জন্মদিনত প্ৰতিজাক ৰ’দে আগবঢ়াই নিয়ে মিছিলৰ নায্য প্ৰতিবাদ জন্মদিনত জুয়ে জাৰ খেদিবলৈ পিন্ধে সন্ধ্যাৰ উৱলি যোৱা চুৱেটাৰ জন্মদিনত পুৰণি এখন বাছ পুৰণি এখন চহৰলৈ আহিব আহিব যেন ভাৱনাত ডুবি থাকে…
মূল : ৰিচার্ড ব্ৰটিগান (Richard Brautigan) অসমীয়া অনুবাদ : কুমুদ ঘোষ ৰোমিঅ’ আৰু জুলিয়েট মোৰ বাবে তুমি যদি প্ৰাণ দিয়াঁ ময়ো তোমাৰ বাবে প্ৰাণ দিম আৰু আমাৰ সমাধিবোৰ হ’ব দুই প্ৰেমিক-প্ৰেমিকাৰ দৰে, যিয়ে ধোবাৰ ঘৰত একেলগে কাপোৰ থুকুচে তুমি…
ৰুদ্ৰ সিংহ মটক একো নাজানো যদিও ক’বলৈ ক’লে মই ভালপোৱাৰ কথাই কম এবেলামান যদিও ভালপোৱাৰ বিষয়ে বিশেষ একোৱেই নাজানো, মাথো জানো ভালপোৱা খাদ্যবোৰ চাকি চাবলৈকে ভগৱন্তই জিভাখন দিছে ৰসাল মাঘী কুঁহিয়াৰ চোবাবলৈকে বত্ৰিশটাকৈ দাঁত অ ক’বলৈকে পাহৰিছিলো, ভালপোৱাৰ দৰে ভাল আন…
হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে ভোগালীৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে কিবা বিচাৰি আছা সকলো আহা, জ্ঞাতি-গঞাই বিচাৰে, তোমালোকেও এসাজ লগে-ভাগে খোৱা,…
মানস প্ৰতিম দত্ত গছ আছিল নৈ আছিল ছাঁ আছিল বতাহ-বৰষুণ-সপোন আছিল মানুহ আহিল এতিয়া ক’লৈ যাওঁ গছ, নৈ নোহোৱা পৃথিৱীত আপাততঃ মই আছো মই নাই… ***
অঞ্জুমণি ভৰালী এখন “নাম্মা য়াত্ৰি” অট’লৈ অপেক্ষাএডাল ধূলিৰে ঢাক খোৱা বগেনভেলিয়াএকাপ ফিল্টাৰ কফি.. গৰম…যিমান দূৰলৈ চাব পাৰিগোটেই বাটতো লানি পাতি থকা গাড়ীবোৰৰৈ থকাৰ বিচিত্ৰতা..বিভিন্নতামোৰ পদাৰ্থ বিজ্ঞানৰ অংকবোৰলৈ মনত পৰিছেKE = ½mv²আৰু ফ্ৰিকচনআমি যে ইয়াত ৰৈ থাকিও গৈ আছোঁ আচলতেহিচাপ কৰাঁচোন…
নৱ ৰাজন শৱটো শুৱাই থৈ কিছুপৰ তাতে জিৰালোঁ বহু বাটৰুৱা পাৰ হৈ গ’ল কাৰোবাৰ লোলুপ চাৱনি কাৰোবাৰ কিৰিলি বুজিলোঁ– মৃত্যুৰ পাছত একো বাকী নাথাকে এন্ধাৰৰ খিৰিকী খুলি উৰি গ’ল বুকুৰ পোহনীয়া জোনাকী চমকি উঠিল ‘টাৱাৰ অফ ছাইলেঞ্চ’ জিলিকি উঠিল– ‘হাঁহিবলৈ…
মৃদুল শৰ্মা বৰ হেঁপাহৰ ঘৰখন বাসিন্দাসকলৰ ইজন সিজনৰো অতিথিসকলকো আদৰে হাঁহিমুখে যদিও অপেক্ষাত নৰয় কোনো অতিথিৰ বাবে যাৰ বাবে প্ৰত্যেকেই প্ৰতীক্ষাৰত সি কাকো হাঁহিবলৈ নিদিয়ে তাক কোনেও আদৰি নলয় হাঁহিমুখে কিন্তু সি নহাকৈ নাথাকে…
দাদুল ভূঞা ধৰ্মৰ অঁৰিয়াঅঁৰিত উদং হোৱা সভ্যতাৰ উলম্ব আকূতিত জাহ যাবলৈ ধৰা ঘোঁৰা এটাক সিদিনা মিছাকৈয়ে পিন্ধাইছিল স্বাধীনতাৰ লেকাম অস্তাবলত হিঁ-হিঁয়নি তুলি ঘোঁৰাটোৱে চিঞৰিলেও নিমাতে টোপনি গৈছিল ৰজা চন্তৰীয়ে জাগি থকা মানুহৰ বিপক্ষে অপৰাধনামা লিখি হুকুমলৈ বাট চাই…