Category কবিতা

কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে

গায়ত্ৰী দেৱী বৰঠাকুৰ   কি অসুখত ভুগিছে সেউজীয়া নাৰীয়ে   যে খৰস্ৰোতা নদীবোৰে ক্ৰমাৎ পাহৰি পেলাইছে  গতিশীলতাৰ  সুপ্ৰাচীন স্বৰলিপি     আকাশ ধিয়াই বাঢ়িব খোজা গছবোৰে উদ্ভ্ৰান্তৰ দৰে অকস্মাৎ আৰম্ভ কৰিছে প্ৰলাপ     শস্য শ্যামল উপত্যকাত  হঠাতেই বাজি উঠিছে …

পল এলুৱাৰ্দৰ কবিতা

ইংৰাজী অনুবাদ : জন হেইজ অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ  (কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।) পাঁচটা হাইকু   বতাহজাক অমীমাংসিত …

আয়োজন বিষয়ক

 উদয় কুমাৰ বৰুৱা   এদিন কবিতা এটাক সুধিছিলো নিৰ্মাণৰ সৌন্দৰ্যবোধ কেনেকৈ অনুভৱ হয়   কবিতাৰ তাৎক্ষণিক সঁহাৰিঃ তুমি য’ত থিয় হৈ আছা তাৰপৰাই সাধনাৰ জখলাৰে যেনেকৈ স্পৰ্শ কৰা সৃষ্টিৰ আকুল আকাশ   এৰা, বৰষুণ নাহিলেও মননত কদৰ আছে কাজল মেঘৰ…

বছৰৰ শেষ দিনটোৰ কবিতা

 হৰেকৃষ্ণ ডেকা   (১)   বছৰৰ শেষ দিনটোত বেলি ডুবাৰ সময়ত পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ।   কেৰ্কেটুৱাটোও ৰৈ আছে, ভ্ৰুক্ষেপ নকৰাকৈ, দিন-বাৰৰ হিচাপ নকৰাকৈ, কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি, সন্তোষেৰে পেট পূৰাই। (২)…

ৰাইজ মই যাবলৈ ওলালোঁ

দিলীপ ফুকন   ৰাইজ মই যাবলৈ ওলালোঁ৷ আপোনালোকৰ হালোৱা হাত, হাবি ভঙা, কোৰ মৰা, ঢোল-খোল বজোৱা হাতবোৰ মোৰ শিৰৰ ওপৰত থওক৷ যাবলৈ অকণো সত যোৱা নাই তেও মই যাবলৈ ওলালোঁ৷   এচলু পানী খাবৰ মন গৈছে, বোৱতী নৈৰ অপৰিশোধিত পানী…

ফলাফল

 জয়ন্ত দত্ত   ফলাফলৰ খবৰে উতলাই পেলাইছে দুপৰীয়াটোক ঢোলে-ডগৰে, ফটকাৰে… প্ৰজ্ঞা একাডেমিৰ সন্মুখৰ পথত মোতায়েন কৰা হৈছে যান-বাহন নিয়ন্ত্ৰণৰ আৰক্ষী   এই কিছু সময়ৰ আগতে তাই পাৰহৈ গৈছেহি যেন এপাহ শেতাফুল পাহীৰ পৰা পিছলি লালায়িত চকুবোৰে যেতিয়া স্তবক চেলেকেগৈ কেইবাবাৰো…

অৰ্থৱাদ*

(অৰ্থৱ বেদৰ  দুটা মন্ত্ৰৰে  এটা কবিতা…) গায়ত্ৰী দেৱী বৰঠাকুৰ      (এক)   অ’ প্ৰিয়া   তোমাৰ-মোৰ  এই যে চকুকেইটা  সেইকেইটাই  কলহৰ কাণে  বৰষক মৌ     চাৰিচকুৰ কোণত ওলমি থাকক  কজলা কাজল   তোমাৰ আটকীয়া হিয়াখনত  মেৰ খাই থাকিম…

চহৰৰ জোন

উমানন্দ কলিতা   চহৰৰ জোন নিয়নৰ জোন ইয়াত তুলসী নাথাকে সোণ   মোক চোৱা মোক চোৱা ৰঙা নীলা হালধীয়া হালধীয়া বগা সেউজীয়া সুমথিৰা সুমথিৰা   বৰ্ণসংকৰ বিৱস্ত্র বিচ্ছিন্ন   মোক কিনা মোক কিনা   জোনজনী এতিয়া বাঈ অনলাইনত উজাগৰী পায়…

এখন চহৰৰ স্নেপশ্বট্

পৰাগজ্যোতি মহন্ত   অকস্মাৎ- চহৰৰ চৰাইখানাত এদিন লাগিল হট্টগোল ৷  সোঁৱে-বাঁৱে –   ঈষাণে-নৈঋতে, আকাশে-বতাহে বিয়পি পৰিছিল এখিনি শুভ্ৰতা   চহৰখনৰ চকুহালি হৈ পৰিছিল ঈষৎ শেঁতা যি শঙ্খৰ শুভ্ৰখিনিৰ নিচিনা   সিদিনা শেঁতা পৰি যোৱা চহৰখনৰ  বুকুলৈ অহা নাছিল ৰ’দ…

ক’লৈ গ’ল

(পাৰিপার্শ্বিক কবিতা ) মানস প্রতিম দত্ত   কোন ক’লৈ গ’ল  মানুহৰ ভৰিৰ খোজত ৰৈ গ’ল পৃথিৱী   পৃথিৱীৰ ভৰিৰ তলত  মানুহৰ ছাঁ আছেনে ?   চৰাইবোৰ ক’লৈ গ’ল?  পুৱাৰ গান অথবা নিশাৰ আৱহ সংগীত স্মৃতিৰ ডেউকাত বতাহ ভেদি দোল খায়। …