Category কবিতা

জাগীৰোড কাগজ কলৰ মালিতা

 ময়ূৰাক্ষী মহন্ত শইকীয়া   মৃত এখন নগৰৰ মাজত বাট বুলি আছিলো আমি জী থাকোতেই বন্ধ হ’ল এজাক মানুহৰ উশাহ বুকুৰ স্পন্দন ব্যস্ততাৰ খোজ হৃদয়ৰ অহংকাৰ অথচ বন্ধ নহ’ল সিহঁতৰ ভোক-পিয়াহবোৰ লাজ মান স্বাভিমান কিম্বা সুখ দুখৰ মালিতা তিতাচঁপা আৰু চেগুনৰ…

পৰশুৰাম

 নীলোৎপল বৰুৱা   নতুন চাম নাট্যকৰ্মীৰ ভিতৰত ৰূপান্তৰ বৰপাত্ৰগোহাঁই এটা চিনাকী নাম৷ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনত পাৰিৱেশ্য কলা বিষয়ত স্নাতকোত্তৰ সমাপ্ত কৰা বৰপাত্ৰগোঁহায়ে ধেমাজিৰ ভদ্ৰাপাৰাত ‘থিয়েটাৰী ৰং থিয়েটাৰী ঢং’ নামৰ এটা নাট্যগোষ্ঠী গঠন কৰাৰ উপৰিও এখন‌ নাট‌্য বিদ্যালয় নিয়মীয়াকৈ চলাই আহিছে৷…

ব্লাউজ

 ৰেমী শৰ্মা কেইবাবছৰ ধৰি ব্লাউজটো তাইৰ লগতে শুইছে দুটা চমকা তৰা ঢাকি থোৱা ব্লাউজটো পিন মৰা ঠাইতে ফিচিকি গ’ল চিৰিংকৈ মাৰিলে আকাশৰ তলত গাজনি    কেতিয়া খুলিছিল তাই সেইটো সেইদিনা চাগে তৰা চাবলৈ ভিৰ হৈছিল আকাশত   ডাৱৰ আৱৰি ৰখা…

ৰাম কথা

অজন্ত কুমাৰ বৰা   তুমি ৰাম বোলাঁ নে হৰি বোলাঁ গড বোলাঁ নে আল্লা বোলাঁ   তুমি চাকি জ্বলোৱাঁ নে মম জ্বলোৱাঁ যজ্ঞ কৰাঁ নে হজ কৰাঁ   সেয়া তোমাৰ কথা   আমি বাধা নিদিওঁ প্ৰতিবাদো নকৰোঁ   পিছে  তেজ…

সূত্ৰ

ৰাজীৱ বৰা   সন্তুষ্টি এতিয়া বৰষুণৰ পানী? সুখৰ সংজ্ঞা সলাব পৰাকৈ আমি জ্ঞানী৷   চোৱাঁ, কিমান সহজ প্ৰেম-অপ্ৰেম ভালপোৱা সহবাস৷ ঢাকনি নাই, বান্ধনি নাই, প্ৰকৃতিৰ দান যৌন উন্মাদনা সহজ পাপ ঘৃণা জিঘাংসা…   ভাল পাবলৈ সহজ বতাৰ্ই ৰখা টান৷ সংসাৰ…

কথকী চৰাইবোৰ মৰাৰ পাছত

মনোজ নেওগ     কথাত কথা বাঢ়ে কথাতে কথকী চৰাইবোৰ মৰি সৰাপাত হ’ল। নিমাওমাও গধূলিৰ ফু এটা হৈ ফুৱাই গ’লহি ধূলিৰ শৰীৰ আচলতে আমি আমাক খামুচি ৰাখিব নোৱাৰা শূন্যতাই সঁচা   জানানে, এদিনৰ নিস্ফল দিৱসত কতখন অৰণ্য জ্বলি গ’ল সাগৰীয়…

গৈৰিক ভৈৰৱ

 উদয় কুমাৰ বৰুৱা   ৰাতিৰ নীৰৱতা ভেদি কোমল বতাহত ভাহি আহিছিল সুৰৰ গৈৰিক ভৈৰৱ সপ্তস্বৰত  মেৰখাই পৰিছিলো   অনুভৱৰ স্তৰে স্তৰে বিয়পি পৰিছিল কি এক সোণালী জ্বালা ৰাগৰ ছন্দে-ছন্দে এই আৰোহন এই অৱৰোহন যেন গৈ আছো ল’ৰালিৰ ধুলিময় প্ৰাচীন গো-বাটটোৰে…

প্ৰেম

 ছালমা জামান     ঘৃণাৰ চহৰত এজন উন্মাদ প্ৰেমিকৰ সন্মতিৰ যুঁজত চৰাই হৈ গান গাইছিল তাই   গান গাই থাকোঁতে মাজে মাজে তাই উচুপিছিল   বৈধ-অবৈধৰ কথা নাভাবি তাই কৈছিল, ওঁঠৰ বিশ্বাস চুমি তুমিও হ’ব পাৰা দুৰ্দান্ত সাহসী প্ৰেমিক  …

জোন

হিল্লোলজ্যোতি সিংহ নিঃশব্দে উৰি আহি বাদুলী কলথোকত পৰাৰ দৰে এঢোক গধূলি গিলি হতাশাই জপটিয়াই ধৰি কাবু কৰি পেলাইছিল মোক আৰু মই হৈ পৰিছিলোঁ কণা কলা বোবা কোঙা ক্লীৱ ক্ষোভ আৰু দুখৰ এলান্ধু জালত ওলমি থাকিলোঁ এযুগৰো ওপৰকাল…   এদিন ইকৰাৰ…

কবিৰ সংজ্ঞা

 আকাশ দীপ্ত ঠাকুৰ   কবিতা বুলিলেই হ’ব পাৰে প্ৰতিবাদী নহ’লে নহয় কবি, হয় বেতনভোগী অথবা হিতাধিকাৰী শোভনীয় নহয় কবিৰ অনুভৱত ফুল-তৰা-গান মাতত ভাঙিব লাগিব দাঁত আহক বা নাহক এসাজ ভোকৰ ভাত   কবিৰ হাতৰ মোনাত পাচলি-মাছ বেতনৰ দোষ, দোষ কবিতাৰ…