sdblogs2011

sdblogs2011

ড° লক্ষ্মীনন্দন বৰা : সশ্ৰদ্ধ স্মৰণ

ড° অৰবিন্দ ৰাজখোৱা ৰামধেনু যুগৰ যিকেইগৰাকী সাহিত্যিকে সাহিত্য জগতত একবিংশ শতিকা পৰ্যন্ত নিজৰ স্থিতি সবল কৰি ৰাখিলে তেওঁলোকৰ ভিতৰত ড° লক্ষ্মীনন্দন বৰা অন্যতম৷ মৃত্যুৰ সময়লৈকে গল্প আৰু উপন্যাসৰ জগতত সৃষ্টিশীল হৈ থকাই নহয়, তেওঁ ‘গৰীয়সী’-ৰ দৰে ঐতিহ্যপূৰ্ণ সাহিত্য আলোচনীও সম্পাদনা কৰি গ’ল৷…

অনলাইন শিক্ষাৰ সম্ভাৱনা আৰু সমস্যা

 ছাজিছ আলম “প্ৰযুক্তিবিদ্যাৰ দ্ৰুত প্ৰসাৰ আৰু সাম্প্ৰতিক সময়ৰ পৰিপ্ৰেক্ষিতত অনলাইন শিক্ষাই সমগ্ৰ দেশতে ব্যাপক জনপ্ৰিয়তা অৰ্জন কৰিছে৷ এই ক্ষেত্ৰত আমাৰ দেশ ভাৰতবৰ্ষও পিছ পৰি থকা নাই৷ কিন্তু অনলাইন শিক্ষাৰ ফলপ্ৰসূতাৰ বাবে ল’বলগীয়া আনুষঙ্গিক ব্যৱস্থাবোৰৰ ক্ষেত্ৰত আমাৰ দেশ অন্যান্য দেশৰ তুলনাত…

চক্ৰশিলা ১

পংকজ গোবিন্দ মেধি  ভুকি থকা কুকুৰবোৰ নিমাত হৈছিল মানে খাদ্যৰ সন্ধানত চিকাৰী শ্বাপদবোৰে গাঁৱৰ ঠেক অঁকোৱা-পকোৱা নিমাখিত ৰাস্তাবোৰত তহল দিছিল   ৰাতিপুৱা সেই ৰাস্তাৰে জুই আৰু নিমখ বিচাৰি গঞাই অহা-যোৱা কৰা আজি কেইবা শ বছৰ হ’ল   ঘনঘোৰ নিশা থুঁতৰিদঢ়ীয়াজনে…

জিঞাৰ লগত টিটিৰ আলাপ

নৱনীতা ভট্টাচাৰ্য্য কিছু দিনৰ পৰা টিটি ঘৰতে সোমাই আছে৷ বাহিৰলৈ যোৱাটো দূৰৰে কথা এই আপদীয়া ৰ’দৰ উৎপাতত সি চকু মেলি বাহিৰলৈকে চাব পৰা নাই৷ এই দিনকেইটা সি কেনেকৈ কটাইছে সিহে বুজিছে৷ ঘূৰি-ফুৰি ভাল পোৱা টিটিৰ বাবে ই কিমান কষ্টকৰ কোনেনো…

বাঘিনীৰ সত্য জীৱন কাহিনী

 ‘বাঘৰাণী খইৰী’ মূল : অখিল মোহন পট্টনায়ক অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম  প্রায় এমাহৰ ভিতৰতে খইৰী বেছ দীঘল হৈ গৈছে। তাইৰ মূৰৰ পৰা নেজৰ আগ পর্যন্ত এশ ষোল পইণ্ট পাঁচ চেণ্টি‍মিটাৰ। দিনক দিনে তাই বেছ স্বাস্থ্যৱান হৈ উঠিছে আৰু সকলো…

উলাহেৰে উভতি চাওঁ-১৬

 ড০ পোনা মহন্ত শংকৰদেৱ চৰ্চাৰ আদিপাঠ উজনিৰ এখন মহাপুৰুষীয়া সত্ৰত জন্ম লাভ কৰি আমি তেনেই সৰুকালতে পোৱা আটাইতকৈ ডাঙৰ সম্পদ হ’ল মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱৰ নাম আৰু কৰ্মৰ সৈতে হোৱা সাধাৰণ পৰিচয়৷ ‘কৰ্ম’ মানে দুয়োগৰাকী মহাপুৰুষৰ বিচিত্ৰ ৰচনাৰাজিৰ কথা কোৱা হোৱা নাই, ইয়াৰ…

অসময়

মূল  : হুমায়ূন আহমেদ অসমীয়া অনুবাদ  : জোনালী পাটোৱাৰী ঘৰৰ ভিতৰ সোমায়েই দেখিলোঁ‌— বহাকোঠাৰ ছ’ফাত হালধীয়া কাপোৰ এখন গাত লৈ কোনোবা এজন শুই আছে। মুখখন দেখা নাযায়। টনটনীয়া সিৰ ওলোৱা লেতেৰা ভৰি দুখন ওলাই আছে। ছ’ফাখনৰ এহাতত লাগি থকা দাগটোৰ উৎসও যে সেই ভৰি…

অপযশ

 মূল : এণ্টন  ছেখভ অনুবাদ : ড০ ৰমেশ চন্দ্ৰ গোস্বামী (এণ্টন পাভল’ভিচ ছেখভ আছিল বিশ্বৰ সৰ্বকালৰ শ্ৰেষ্ঠ চুটিগল্পকাৰসকলৰ মাজত ভোটাতৰাস্বৰূপ৷ এগৰাকী কৃতী নাট্যকাৰো৷ তেওঁৰ The steppe, Three Sisters, The Cherry Orchard, Ivanov  আদি নাটৰ সৃষ্টি বহুল সমাদৃত৷ পেছাত এগৰাকী চিকিৎসক ছেখভে…

বাষষ্ঠি

অনুভৱ তুলসী   বাষষ্ঠিৰ মন গ’লেই পেবলো পিকাচ’ৰ ছবিৰ একাধিক মুখ আৰু চকুৰ গতিৰ স’তে চাব্বিছৰ বলুকা ওলায়গৈ৷ তাৰপৰা চাকি জ্বলোৱা সন্ধিয়াৰ সিপাৰলে চাই পঠিয়ায়৷ তাতচোন সেয়া আকাশ আৰু সাগৰৰ মাজত লাহতী লাইটহাউছ নিৰ্মাণৰ যো-জা চলিছে৷ আমখৰিৰ কেঁচা ধোঁৱাই উদিত ৰাতিৰ বৰণ…

নুবুজা কথাবোৰ…

ডেইজী অনুৰঞ্জনা  . যিবোৰ কথা বুজিব পৰা নাছিলোঁ সেইবোৰ এতিয়া লাহে লাহে বুজিব ধৰিছোঁ . নুবুজা কথাবোৰৰ বাবেই আমি এৰি আহোঁ আত্মীয়তা, এৰি আহোঁ ৰিণি ৰিণি বাজি ৰোৱা আপোনজনৰ বুকুৰ বহু কথা, এৰি আহো ৰঙা হৈ জ্বলি ৰোৱা সিপাৰৰ পুৰণি…