sdblogs2011

sdblogs2011

এজন ক্ষণজন্মা অসমীয়াৰ জন্ম শতবৰ্ষ : সশ্ৰদ্ধ স্মৰণ

প্ৰথম অসমীয়া হিচাপে ১৯৭৯ চনৰ জ্ঞানপীঠ পুৰস্কাৰেৰে সম্মানিত হোৱা ড॰ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য্যৰ জন্ম শতবৰ্ষ আৰম্ভ হৈছে যোৱা ১৪ অক্তোবৰ তাৰিখে৷ শিৱসাগৰ জিলাৰ চাফ্ৰাই চাহ বাগিচাত জন্মগ্ৰহণ কৰি ক্ৰমে ক্ৰমে আগ বাঢ়ি গৈ সৰ্বভাৰতীয় সাহিত্যৰ জগতত কেৱল স্বীকৃতি অৰ্জন কৰা বা…

একাত্ম

 হিল্লোলজ্যোতি সিংহ   নদীৰ সিপাৰৰ এগছি চাকিৰ দৰে তুমি ঢিমিক ঢামাককৈ জ্বলি আছা সাঁতুৰি গৈ সিপাৰ পালোঁ দিনৰ পোহৰত তুমি হেৰাই থাকিলা! এক বিজন বালিচাপৰিত ঘঁৰিয়ালৰ দৰে থৰ হৈ পৰি ৰ’লোঁ মই   ৰে’লৰেখা দুডাল গৈ য’ত লগ লাগিছে তাতেই…

বচা বকুল

 ৰমানন্দন বৰা (আঠ)   আহিন মাহৰ চিকুণ ৰাতিপুৱাটো পৰশুৱে নিজৰ বুকুৰ মাজত সুমুৱাই ল’লে৷ চোতালৰ মুখৰ শেৱালি জোপাৰ তলখন ফুলেৰে বগা হৈ উপচি পৰিছে৷ ক’তো এচপৰা মেঘ নথকা পৰিষ্কাৰ আকাশ৷ মাকে তালৈ ভাত বাঢ়ি দিয়া কাঁহৰ কাঁহীখন যেনেকৈ ক’তো মলি…

অনুবাদ কবিতা

মূল : নিকিতা স্তানেস্কু (ৰোমানিয়া) থমাছ কাৰ্লছনে কৰা ইংৰাজী অনুবাদৰপৰা অসমীয়া অনুবাদ : প্ৰাঞ্জল শৰ্মা     কবিতা এযুৰি কান্দি থকা চকু হালি পৰা ঠানিৰে এখন কান্ধ কান্ধখনৰ কান্দি থকা চকু কান্দি থকা হাতদুখন কবিতা কবিতা সেই হাতৰ কান্দি থকা চকু   কবিতা…

জীৱন জিন্দাবাদ

 বিপুল কুমাৰ দিহিঙীয়া   এটা ব্রেকিং নিউজৰ পাছত পূর্বজৰ শাৰীত আমি মৃতভক্ষ   মাজনিশাৰ পঁয়ালগা সপোনৰ ৰমণীয় উল্লাস আৰু সাৰ পাই দেখোঁ…   শব্দৰ খেলাৰ মাজেৰে ক্ৰমাৎ ধূসৰ এটা পুৱা বালিধুমুহাত জিল্‌মিল সৰিয়হ ফুল ক’ৰ পৰা জানো আৰম্ভ কৰে…  …

২০২৩ চনৰ সাহিত্যৰ ন’বেল বঁটা প্ৰাপক জন ফছিৰ তিনিটা কবিতা

 অনুবাদ : ড° ৰঞ্জিত দত্ত (১) পৰ্বতটোৱে খামুচি ধৰি আছে তাৰ উশাহটো  তেতিয়া তাত আছিল  এক গভীৰ নিশ্বাস আৰু তেতিয়া তাতেই থিয় হৈ  আছিল পৰ্বতটো আৰু থিয় হৈ আছিল পৰ্বতবোৰ আৰু সেইদৰেই  থিয় হৈ আছে আজিও পৰ্বতবোৰ এঢলীয়া  হৈ  নামি…

গগনযান অভিযান

 অভিজিত শর্মা বৰুৱা          যোৱা কিছুদিন ধৰি ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (Indian Space Research Organization, চমুকৈ ISRO বা ‘ইছৰো’) মহাকাশ ক্ষেত্রত তেওঁলোকৰ কিছুমান সফল উৎক্ষেপন আৰু অভিযানৰ যোগেদি বিশ্ববাসীক চমকিত কৰি আহিছে আৰু আমাৰ দেশকো এই ক্ষেত্রত পৃথিবীৰ ভিতৰতে…

কবিতা

মূল (বাংলা): – ডাঃ চাব্ৰিনা রুবিন অনুবাদ : উৎপল দত্ত   দেখা হ’বই লাগিব এনেকুৱা কথাতো নাই দেখা নহলেও সূৰ্য উদয় হ’ব অস্ত যাব মেঘৰ পৰা বৰষুণ সৰিব বজ্ৰপাত হ’ব অমাৱস্যাৰ পাছত পূৰ্ণিমা আহিব দিন যাব, মাহ যাব ডেউকা মেলা চৰাইৰ দৰে সপোনবোৰ বতাহত…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা  * ১৩ * সম্পূৰ্ণ তিনিমাহ বৰফৰ চাদৰে ঢাকি ৰখাৰ পাছত ক্র’ৱেছিয়াত প্রাণৰ স্পন্দন দেখা গৈছে। বৰফ ক্ৰমশঃ গলিবলৈ আৰম্ভ কৰিছে। গছৰ ডালে ডালে চৰাইৰ ব্যস্ততা। মেঘৰ আঁৰত সূর্যৰ উজ্জ্বল হাঁহি। এই সকলো মিলি জনাই দিছে— শীতকাল এতিয়া…

অন্ন, বস্ত্ৰ, আৰু বাসস্থান

(২) বস্ত্ৰ   ড° ভাৰত বৰুৱা বস্ত্ৰ মানুহৰ লজ্জা আৰু শীত নিবাৰণৰ এক মুখ্য আহিলা৷ আদিম যুগত মানুহে জন্তুৰ ছাল বা গছৰ বাকলিৰেই এই প্ৰয়োজন পূৰণ কৰিছিল৷ পিছে নিজে বস্ত্ৰ তৈয়াৰ কৰিবলৈ শিকাৰ পৰাই প্ৰকৃতিৰ পৰা পোৱা বিভিন্ন উপাদানেৰে মানুহে বস্ত্ৰ…