Tag সমাজ

এক অদৃশ্য সত্য

পল্লৱী কৌশিক শৰ্মা    হত্যা নে আত্মহত্যা ? মুহূৰ্ততে ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা ভিডিঅ’টোৱে স্থানীয় নিউজ চে্ছনেলটোৰ নিউজ ৰূমৰ পুৱাৰ ব্যস্ততাখিনিও দুগুণে বঢ়াই তুলিলে৷ এডিটৰ-ইন-চিফ অভ্ৰনীল বুজৰবৰুৱাৰ নিৰ্দেশমৰ্মে নিউজ ৰিপ’ৰ্টাৰ বিতোপন আৰু কাবেৰীসহ কেমেৰা পাৰ্ছন বৰষা আৰু নীহাৰ ৰিপ’ৰ্টিঙৰ বাবে…

নিৰ্বাণ

(ফেন্টাচী উপন্যাসিকা) যশোৱন্ত নিপুণ                      দুপৰীয়াৰ আহাৰ খোৱাৰ পাছত বোধিসত্ত্ব টেৰণে অফিচৰ সম্মুখৰ পাৰ্কখনলৈ আহি প্ৰাচীন আঁহতজোপাৰ তলৰ বেঞ্চখনত আউজি বহি পৰিল ৷ দুহাতত মূৰটো থৈ ক’তো অকণিও মেঘ নোহোৱা নিৰ্মল নীলা আকাশখনলৈ তেওঁ চাই পঠিয়ালে ৷ দূৰ…

এখন ভোটাৰ কাৰ্ড, গণতন্ত্ৰ আৰু মেডোন অশ্বিনৰ চিনেমা

নিজৰা ৰাজকুমাৰী মেডোন অশ্বিন ২০২১ চনৰ এপ্ৰিল মাহত তামিল চিনেমা “মাণ্ডেলা”ৰ মুক্তিৰ আগলৈকে মেডোন অশ্বিন মোৰ বাবে আছিল এটা অচিনাকি নাম। নেটফ্লিক্সলৈ অহাৰ পাছত যেতিয়াই মাণ্ডেলা চাইছিলোঁ আৰু চিনেমাখনৰ প্ৰতিটো মুহূৰ্ত উপভোগ কৰিছিলোঁ, হাঁহিছিলোঁ, ভয় খাইছিলোঁ, চিন্তিত হৈছিলোঁ, ক্ষোভত ছটফটাইছিলো…

বতাহ-চকৰী

 অংগনা চৌধুৰী তাই তেতিয়া দহ-এঘাৰ বছৰীয়া৷ পখিলাৰ দৰে উৰি ফুৰাৰ বয়স৷ আবেলি হ’লেই তাইৰ গাত তত্‌ নাইকিয়া হয়৷ ‘মা, গধূলি দবা কোবালে ঘৰ সোমাম’ বুলি কৈ তাই উধাও হয়৷ সেইখিনি সময়ত যাৰ যাৰ ঘৰৰ সমুখত বহল চোতাল আছে, তাত চুবুৰি‍টোৰ…

কমলা কুঁৱৰীৰ সাধু

 অবন্তিকা পৰাশৰ  ন-কইনা হৈ অহাৰে পৰা ৰাধাই তেনেকৈয়েই দেখি আহিছে মানুহজনীক। শোৱাকোঠাৰ খিৰিকী, বাৰাণ্ডা অথবা ঘৰটোৰ আগ-পিছ সামৰি ৰখা বাৰীখনৰ কোনোবা এটা চুকত কিবা ভাবি-গুণি থিয় হৈ থাকে তেওঁ। ভাবলেশহীন মুখ, দৃষ্টি দূৰ-দিগন্তত। উদাস চকুযুৰিত চকুপানীৰ টৌ-খেল, এইমাত্ৰ যেন টোপাল…

সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰি মাতে

 সঞ্জীৱ সভাপণ্ডিত   টিউলিপ ফুল ফুলাৰ বতৰত কাশ্মীৰত হেনো ডাক্তৰৰ ওচৰলৈ যোৱা ৰোগী–বিশেষকৈ মনস্তাত্ত্বিক ৰোগৰ ৰোগীৰ, যেনে, depression, হতাশা, অৱসাদ, অজীৰ্ণ, ব্লাড প্ৰেছাৰ, emotional disorder আদি ৰোগীৰ সংখ্যা কমি আহে৷ আমাৰ এই বসন্ত কালেই হ’ল এই ফুল ফুলাৰ বতৰ৷ শীতকালিৰ…

সমন্বয়

দাদুল ভূঞা                     হাত এখন আগবঢ়াই দিলোঁ দলিয়াই দিলা বুকুখন দিলোঁ মৰমেৰে দুছেওকৈ কাটি দুটা ভাগ কৰিলা চকু মুদা কুলি হৈ চাই থাকিলোঁ সময় বতাহত শংখধ্বনি শুনি আওৰাই চালোঁ ষাঠিৰ বুৰঞ্জী…

বৰ্ণবৈষম্য আৰু শংকৰদেৱ

বৰ্ণালী বৰা   ভাৰতীয় বিদ্বান বি. আৰ. আম্বেদকাৰে কৈছিল- যিদিনাই দেশৰ সর্ব্বোচ্চ পদত এজন নিম্নবৰ্ণৰ ব্যক্তি অধিষ্ঠিত হ’বলৈ সক্ষম হ’ব, তেতিয়াৰপৰাই সমাজত বর্ণবৈষম্যমূলক বিচাৰধাৰাৰ বেলি ডুবিবলৈ আৰম্ভ কৰিব। ভাৰত স্বাধীন হোৱাৰ ৭৫ টা বছৰৰ অন্তত এইবাৰ এগৰাকী নিম্নবর্ণৰ (?) মহিলা…

বচা বকুল

ৰমানন্দন বৰা (যোৱা সংখ্যাৰ পিছৰ পৰা)  চৌবিছ   চৰকাৰক কৈ, খাজনা দি কোনোবাই ক’ৰবাত খেতি কৰিছে৷ এনেয়ে আবাদী পৰি থকা মাটি চহাই মৈয়াই লৈছে, তাত বেণুৰ আপত্তি কৰিব লগা কি আছে? উৎপাদন বাঢ়িব, চৰকাৰে খাজনা পাব৷ কৰক! খেতি কৰক! –…