Tag সমাজ

ৰ’দে-বৰষুণে ইমান যে গান

     লোকনাথ গোস্ৱামী (মন দাপোনত – ৮) (১)  গাঁৱৰ কাহিনী কৈ অন্ত কৰিব নোৱাৰি৷ জন্মৰ পৰা যৌৱনৰ এছোৱালৈ অৰ্থাৎ কলেজৰ দেওনা পাৰ হৈ তেজপুৰ একাডেমীত কেইবছৰমান চাকৰি কৰালৈকে গাঁৱতে জীৱন অতিবাহিত কৰিছিলোঁ৷ গাঁৱৰ এই জীৱন পৰিক্ৰমা ইমানেই বিচিত্ৰ, বৰ্ণিল…

কৃত্ৰিম বুদ্ধিমত্তা – সংশয় আৰু সম্ভাৱনা

  ড॰ প্ৰিয়দেৱ গোস্বামী                 বৰ্তমান সময়ত বিজ্ঞান চৰ্চাৰ লগত জড়িত ব্যক্তিৰ পৰা আৰম্ভ কৰি সকলোবৰ্গৰ মানুহৰ এক ৰ্চচাৰ বিষয় হৈছে কৃত্তিম বুদ্ধিমত্তা (Artificial Intelligence) চমুকৈ AI ৷ আমাৰ মাজত AI শব্দটোৰ প্ৰচলন অধিক হোৱা দেখা গৈছে, অসমীয়া প্ৰতিশব্দৰ ব্যৱহাৰ…

দৈনন্দিন

 অংগনা চৌধুৰী দৈনন্দিন – ১ এলাৰ্মটো বজাৰ লগে লগে তাই জাপ মাৰি উঠিল৷ খিৰিকী খুলি দেখে বাহিৰত তেতিয়াও ভালদৰে পোহৰহোৱাই নাই৷ চৰাই-চিৰিকতিৰ খিচিৰ-মিচিৰ মাত আৰু শীতল বতাহ বাহিৰত অথচ সেয়া উপভোগ কৰিবলৈ তাইৰতো আৰু হাতত সময় নাই৷ ভাললগা পুৱাবোৰ কিমান…

পহিলা বহাগৰ পণ

অংকুৰণ আৰ্ফ ককাদেউতাৰ দিনৰে পৰা বাজি থকা কঁঠাল কাঠৰ ঢোলটো আকৌ বাজি উঠিল৷ সুৰটো অলপ পিছে বেলেগ৷ ঢোল অৱশ্যে ঢোলেই৷ কাঠৰে – গৰু ছালৰে ঢোল৷ সুৰ আৰু সময়টোহে বেলেগ৷ বেলেগ হোৱাটো আচৰিত হ’বলগীয়া কথা নহয়৷ যুগটো যে বেলেগ৷ এতিয়া তাহানিৰ…

বনৰীয়া ফুল

 মূল: অমৃতা প্ৰীতম অনুবাদ: পংকজ কুমাৰ নেওগ   আঙুৰী হ’ল আমাৰ প্ৰতিবেশীৰ পুৰণি আৰু আদহীয়া ভৃত্যজনৰ নতুন পত্নী। তাইক এই কাৰণে নতুন বুলি কৈছোঁ কিয়নো তাই মানুহজনৰ দ্বিতীয়া পত্নী। দ্বিতীয় বিবাহ কৰা মানুহক পাঞ্জাৱীত ‘দুহাজু’ বুলি কয়। এই শব্দৰ অৰ্থ হ’ল দ্বিতীয় জীৱনত প্ৰৱেশ…

অসহযোগ আন্দোলন আৰু অসমৰ চাহ বাগিচাৰ শ্ৰমিক

 ভৃগুমণি নাথ   ভাৰতৰ বৃটিছ বিৰোধী জাতীয় আন্দোলনত মোহনদাস কৰমচাঁদ গান্ধী, জনপ্ৰিয়ভাৱে মহাত্মা গান্ধীৰ পদাৰ্পণ এক লেখত ল’বলগীয়া ঘটনা৷ গান্ধীজীয়ে প্ৰতিবাদৰ ভাষা হিচাপে সত্য আৰু অহিংসা এই দুই শক্তিৰ ওপৰত আস্থা ৰাখিছিল৷ প্ৰথম অৱস্থাত গান্ধীয়ে ব্ৰিটিছৰ কাম-কাজত সমৰ্থন জনাইছিল; আনকি…

হাজো আৰু মধ্যযুগীয় অসমৰ বাণিজ্য পথ

পংকজ প্ৰতিম বৰদলৈ   ভাৰতৰ অসমৰ এখন চহৰ হাজো কেৱল ধৰ্মীয় কেন্দ্ৰই নহয়, মধ্যযুগীয় বাণিজ্যিক পথৰ ই এক গুৰুত্বপূৰ্ণ স্থান আছিল৷ ঐতিহাসিক তথ্য অনুসৰি ই ভূটান-অসম বাণিজ্যিক পথৰ অংশ আছিল, প্ৰায় ১৭০ কিলোমিটাৰ দৈৰ্ঘ্যৰ, ভূটান আৰু তিব্বতক অসমৰ সৈতে সংযোগ…

গ্ৰন্থ আলোচনা

  ‘প্ৰাক্ বৈদিক শামুকবোৰ’ অনিতা গগৈৰ তৃতীয় কবিতাপুথি। প্ৰখৰ ঐতিহ্যবোধ, তীব্ৰ জীৱন জিজ্ঞাসা, দায়বদ্ধ সমাজবোধ, প্ৰকৃতিৰ অনিৰ্বচনীয় সৌন্দৰ্যৰ প্ৰতি শ্ৰদ্ধাভৰা আশ্চৰ্যদৃষ্টি আদিৰে তেওঁৰ কবিতাৱলী সমৃদ্ধ। প্ৰকৰণৰ দিশতে চিত্ৰকল্প নিৰ্মাণৰ প্ৰতি ধাউতি, সাঙ্গীতিক লয়ৰ প্ৰতি অনুৰাগ আৰু ভাবনাৰ সাঙ্কেতিক প্ৰকাশৰ যোগেদি…

বেংডোবাৰ ঘাট

জয়ন্ত মাধৱ বৰা   ৷৷ চাৰি৷৷ মনটো অস্থিৰ হৈ উঠিলেই গণেশ বেংডোবাৰ ঘাটলৈ আহে৷ সৰুতে অস্থিৰ হ’লে, ভয় লাগিলে সি মাকক সাৱটি ধৰিছিল৷ মাকে তাক দদান ৰজাৰ কাহিনী কৈছিল৷ সেনাপতি মাৰুক্ষেত্ৰীৰ কাহিনী শুনাইছিল৷ কৈছিল–‘তুইও মাৰুক্ষেত্ৰী নিচিনা হ’বা লাগ্‌ব’৷  সি জোৰ…

জনপ্ৰতিনিধিৰ ছাৰ্ভিচ বুক

  অলপতে অসম বিধান সভাৰ মজিয়াত বিধায়কৰ আচৰণক লৈ কিছু হুলস্থুল হৈছিল৷ এইখিনি সময়তে আকৌ স্কুল-কলেজবোৰত চৰকাৰী পৃষ্ঠপোষকতাত অনুষ্ঠিত হৈ আছে ‘যুৱ সংসদ’৷ কেন্দ্ৰীয় চৰকাৰৰ ‘বিকশিত ভাৰত’ আঁচনিৰ অধীনত উদীয়মান যুৱশক্তিৰ মাজৰ পৰা ভৱিষ্যতৰ দিনত শিক্ষিত সাংসদ-বিধায়কৰ প্ৰস্তুতিৰ বাবে এনে…