Anyayug Contributor মৃদুল শৰ্মা

বোধ

মৃদুল শৰ্মা (যুদ্ধক ঘৃণা কৰা প্ৰতিজনৰ হাতত) কি আনন্দ-উল্লাসত হাজাৰ কোটিটকীয়া মিছাইল উৰি গুচি যায় আকাশ ফালি সাগৰৰ বুকু কঁপাই কোন বিষণ্ণতা কোন উত্তেজনাই  আন্ধাৰ দলনিত পোনা মেলে কোটি কোটি দলনিৰ বোকাৰ মাজেৰে পিছল বাট উলিয়াই যেন সোমাই যায় চিনাকি…

চিৰন্তন

  মৃদুল শৰ্মা বৰ হেঁপাহৰ ঘৰখন বাসিন্দাসকলৰ   ইজন সিজনৰো   অতিথিসকলকো আদৰে হাঁহিমুখে যদিও অপেক্ষাত নৰয় কোনো অতিথিৰ বাবে   যাৰ বাবে প্ৰত্যেকেই প্ৰতীক্ষাৰত সি কাকো হাঁহিবলৈ নিদিয়ে   তাক কোনেও আদৰি নলয় হাঁহিমুখে   কিন্তু সি নহাকৈ নাথাকে…

দিশহাৰা

মৃদুল শৰ্মা (উছৰ্গা ঃ গৰিমা শইকীয়া গাৰ্গ) নাহৰৰ তোৰণ ওপৰত ৰ’দৰ নৈ তাৰো ওপৰত স্বৰনক্ষত্ৰ পাতৰ ফাঁকে ফাঁকে সৰকি পৰিছে পোহৰৰ ছিটিকণি মায়া মায়াবিনী দিন নে ৰাতি এয়া হাঁহি নে কান্দোন সঙ্গীত নে উচুপনি আৰে! আৰে! শুকুলা ডাৱৰবোৰক শিয়া মেলি আৱৰি…

জীৱন বিষয়ক কিছু গল্পচেষ্টা

  মৃদুল শৰ্মা   বুকুখনত, বুকুৰ ঠিক সোঁমাজতে এটা ফুটা– তাতে কোন কাহানিবাই যে প্ৰতিষ্ঠা হৈছে এটা চকু– কোনেও নেদেখা এটা চকু– অনুভৱৰ এটা চকু– এটা শূন্যতাৰ চকু– বিশাল এটা অতি সূক্ষ্ম সংসূচক চকু৷ স্বচ্ছ শূন্যতাৰ এখন লেন্স– তাৰ মণিটো৷…

অ’ জীৱনান্ত

মৃদুল শৰ্মা (অনুভৱ তুলসীৰ সশ্ৰদ্ধ সোঁৱৰণত) কেতিয়ানো তুমি মোক  স্পৰ্শ কৰিলা? কৰমৰ্দন? আলিঙ্গন? চুম্বন? নে তোমাৰ স্পৰ্শৰেই মই মই হৈছিলোঁ আৰু কি তাৰ পাছতে মই মৰিলোঁ! তোমাৰ আহ্নিক স্পৰ্শতো মই জী আছোঁ তোমাৰ নিৰন্তৰ আলিঙ্গনৰ চেপা খায়ো মই ৰৈ যোৱা নাই…

ঘৃণা

মৃদুল শৰ্মা মোক চাৰিওফালৰপৰা ঘেৰি ধৰি ঘৃণাৰে চাই থাকাঁ যাতে মই মূৰ তুলি চাব নোৱাৰোঁ কোনো ফালে পশুৰ সৈতে মোৰ তুলনাৰে পশুক অপমান নকৰিবা মানুহ মই কেৱল সিহঁতৰ সৰলতাৰে পাহৰি গৈছিলোঁ যে সিহঁততকৈ বহু তলখাপৰ জীৱ মই দুঠেঙীয়া মনিচ মই…

মহাবৃত্ত

 মৃদুল শৰ্মা ৩৪ অৰ্জুন৷  সৰ্বশ্ৰেষ্ঠ যোদ্ধা! মহাবীৰ!! গাণ্ডীৱধাৰী!!! এই অভিধাবোৰে মোক বিগত কিছুদিন ধৰি বিদ্ৰুপ কৰিছে অসহনীয়ভাৱে৷ আশৈশৱ যি নৈতিকতাৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ বেদব্যাস প্ৰমুখ্যে পিতামহ ভীষ্ম, আচাৰ্য কৃপ, আচাৰ্য দ্ৰোণ আদি মহাত্মাসকলৰপৰা সেই নৈতিকতাই মোক সম্প্ৰতি তীব্ৰভাৱে হানিছে সংগোপনে৷…

মহাবৃত্ত

 মৃদুল শৰ্মা ৩১ কৰ্ণ৷ মোৰ জননী হেনো পাণ্ডুপত্নী কুন্তীদেৱী৷ কুন্তীদেৱীয়ে মোক সূৰ্যকান্তি কৰ্ণৰূপে জন্ম দিয়া বুলি দাবী কৰিছিল৷ কিন্তু যথাৰ্থতে সুত অধিৰথহে মোৰ পিতৃ আৰু মোৰ মাতৃ হৈছে ৰাধা, মোৰ শ্ৰদ্ধেয় পিতৃদেৱ সুত অধিৰথৰ পত্নী৷ কাৰণ কুন্তীদেৱীয়ে হেনো প্ৰাকবিৱাহ কালতে জন্ম দিছিল কৰ্ণক…

মহাবৃত্ত

 মৃদুল শৰ্মা ২৯ দ্ৰৌপদী৷ মই ভাৰতবৰ্ষৰ শ্ৰেষ্ঠ পুৰুষ শ্ৰীকৃষ্ণক জীৱনসঙ্গী হিচাপে আশা কৰিছিলোঁ৷ তেওঁৰ সান্নিধ্য লাভক উদ্দেশ্যেই মই অশেষ সম্পদেৰে পৰিপূৰ্ণ পিতৃগৃহ পৰিত্যাগ কৰি দ্বাৰকাত উপস্থিত হৈছিলোঁগৈ৷ দ্বাৰকাত যিগৰাকী মহিলাই মোক আশ্ৰয় প্ৰদান কৰিছিল তেওঁ মোৰ আগমনৰ উদ্দেশ্য জানিব খুজিছিল…

মহাবৃত্ত

 মৃদুল শৰ্মা ২৫ অৰ্জুন ৷  জ্ঞানাৰ্জনৰ দিন ধৰি মই ভৱিষ্যতৰ চিন্তাতে মগ্ন হৈ আহিছোঁ৷ মাজে মাজে অতীতৰ একোটা ঘটনাস্ৰোতে মোৰ ভৱিষ্যন্মুখী স্বপ্নক অধিক শক্তিশালী কৰি আহিছে৷ অতীতৰ ঘটনাস্ৰোত কেৱল এটাই– পিতৃ পাণ্ডুৱে বাৰু স্বেচ্ছায় হস্তিনাপুৰৰ সিংহাসন ত্যাগ কৰিছিলনে? যদি সেয়ে…