Category Manual Review Needed

অনুপ্ৰেৰণা

 নৱনীতা ভট্টাচার্য্য অংকন : বৰ্ণিল মহন্ত উম বিচাৰি বিচাৰি হাবাথুৰি খোৱা টিটিয়ে‍ আজি আকৌ শীত বিচাৰি সকলোৰে পৰা নিলগত বনৰ এই গহীন কোণত অকলে অকলে দিন কটাবলগীয়া হৈছে। এৰি অহা দিনবোৰৰ স্মৃতিয়ে তাক আজি বৰকৈ আমনি কৰিছে। মাকৰ বুকুৰ উমাল মৰম, সহোদৰৰ স্নেহ, দেউতাকে…

গছপাত আৰু বৰষুণৰ কণিকা

সৌৰভ শইকীয়া সকলোতকৈ শক্তিশালী কল্পনাবোৰপোনে পোনে প্ৰকৃতিৰ মাজৰ পৰাই আহে৷ ডাল এৰি হঠাতে কিয় উৰি গ’লা?অলপ আগলৈকে তুমিপ্ৰশ্নবিদ্ধ আছিলা৷ তুমি সেউজীয়া কাঁইটমই পিপাসাৰ্ত, তেজলগা গানৰ কণিকাদৰ্শক হৈয়ে চাই থাকিবা? মই কেতিয়াও, কোনো দিনে দৰ্শকৰ কাৰণেনাটক কৰা নাই৷নাটক কৰিছোঁ নিজৰ কাৰণেযি নাটকত নিজকে চাব বিচাৰিছোঁ তুমি…

উলাহেৰে উভতি চাওঁ-১০

 কি নাম দি মাতিম তোমাকড০ পোনা মহন্ত মহাকবিয়ে তাহানিখনেই কৈ গৈছে নামতনো কি আছে? গোলাপক গোলাপ নুবুলি আন নামেৰে মাতিলেও একেই সুগন্ধি পোৱা যাব৷ অসমীয়া সাহিত্যৰ প্ৰথমখন আধুনিক নাটকৰ নায়িকা চৰিত্ৰয়ো ঠিক একেটা কথাকে কৈছে৷ গুণাভিৰাম বৰুৱাৰ ৰাম-নৱমী নাটকৰ এটা আদিৰসসিক্ত দৃশ্যত…

সোণালী আৰু কমলা এই শতিকাৰ প্রিয়তম ৰং

নিয়ৰকণা কাশ্যপ সোণালী আৰু কমলা এই শতিকাৰ প্রিয়তম ৰং, বুজিছাসেয়ে নৈ পুতি বিৰিখ ঢাকি বাঢ়ি আহিল মৰুভূমি তেওঁৰ মাতত আছিল উচুপনিত সেমেকা ভগা-ছিগা উশাহহৰিৎহীনতাত ভুগি ৰঙচুৱা হোৱা অৰণ্যানিত এয়া, মোৰ সোঁকান্ধত মূৰ থৈ এজন জঁই পৰা পুৰুষ ববচা বনৰ দৰে ঘনকৈ বঢ়া লোভ আৰু ৰাজনীতিতভেঁকুৰতকৈও শুকুলা…

বলি

 বিদ্যুৎ বিকাশ শর্মা হৰিণাৰ চকুত হেনো মায়া সনা থাকে— এনে এষাৰ কথা বলোৰামে শুনিছিল, কিন্তু অনুমান কৰিব পৰা নাছিল সেই মায়াৰ ৰং, ৰূপ। অনুমানেই বা কৰে কেনেকৈ? তাৰ কাৰবাৰ হাঁহ, পাৰ, ছাগলী, ম’হ, কোমোৰা অথবা কুঁহিয়াৰৰ দৰে সামগ্ৰীৰ লগত। হৰিণাৰ ডিঙিৰ জোখ-মাখ লোৱাৰ সুবিধা তাৰ নাই। কিন্তু…

খঞ্জৰ-ই-ইস্ক

 জুৰি বৰুৱা কুকাৰৰ হুইছেল আৰু বাউল। নির্দোষীৰ চকু আৰু দালানৰ লক্‌ডাউন। অস্বস্তিত ভোগা কুলিৰ মাত। দাৱতবিহীন ঈদ। আৰু এই দীঘল বাটত খঞ্জৰ এখন হৈ বাঢ়ি অহা নিৰৱতা। চাৰা দুনিয়া যেনিবা কিনিয়ে পেলালা, কিবা লাভ হ’ব বুলি ঘোষণা কৰিব পাৰিবা? এই কথা আজিকালি…

প্ৰাৰ্থনা

এম. কামালুদ্দিন আহমেদ অনুচ্চাৰিত শব্দবোৰমুখগহ্বৰতে লুকাই থাকেস্বৰ্গীয় পোহৰৰ এচমকাসেইবোৰতে লিপিট খাই থাকে গোটেই ৰাস্তাতে‍আখৈৰ অঞ্জলিদোকমোকালিতে দোৰোণ ফুল ইমানকৈ ফুলিছে আখৈৰ বৰণ একেই আছেদোৰোণ ফুল দোৰোণ হৈয়েই আছেৰূপান্তৰৰ নিয়ম সিহঁতে পাহৰিছে তোমাৰ জিভাত থিত লগা শব্দবোৰ উচ্চাৰিত হৈপ্ৰাৰ্থনাগৃহতে আবদ্ধ হৈ আছেবাহিৰ ওলাব নোৱাৰি দিগ্‌বিদিক হেৰুৱাইছে তোমাৰ…

চ্যালুইনৰ পৰা লুইতলৈ

 ড° চন্দ্ৰধৰ চমুৱা (এঘাৰ) ছ্যুৰ জীৱনৰ এয়া দ্বিতীয় দীঘলীয়া যাত্রা। আগৰবাৰত যাত্রা কৰিছিল পূবৰ ফালে, আকৌ চেংচেলৈ, তাৰ জন্মৰ ঠাই চেংচেলৈ ঘূৰি অহাৰ নিশ্চিতিৰে। আজি যাত্রা কৰিছে পূবৰ দুৱাৰেদি ওলাই ক্ৰমাৎ পশ্চিমলৈ, দেউতাকৰ ৰাজ্য মঙ্‌-মিতলৈ, নাম্‌কিউৰ সাৰুৱা উপত্যাকালৈ, পুনৰ ঘূৰি অহাৰ আশা আৰু সম্ভাৱনাৰে নহয়।…