Category কবিতা

জে’মছ জয়চ্ আৰু তেওঁৰ ‘য়ুলিছিছ’ (১৯২২)

ড° চুলতান আলী আহমেদ ইংৰাজী সাহিত্যৰ বুৰঞ্জীত ১৯২২ চনটো এটা গুৰুত্বপূৰ্ণ জলচ্ছেদ (Watershed) হিচাপে পৰিগণিত হৈছে৷ এইটো বছৰতে তিনিখন এনেকুৱা ধৰণৰ সাহিত্যকৰ্ম প্ৰকাশিত হৈছিল যি তিনিখনক আধুনিকতাবাদী (modernist) সাহিত্য আন্দোলনৰ গুৰুত্বপূৰ্ণ পাঠ (text) হিচাপে গণ্য কৰা হয়৷ এই তিনিখন গ্ৰন্থ…

প্ৰাচ্যৰ পোহৰত ‘দ ৱেষ্টলেণ্ড’: অনাদি অনন্তপ্ৰসাৰী

ড° দীপশিখা ভাগৱতী টি. এছ. এলিয়ট   “…বতাহত উথলি পৰিছে কিহৰ কোলাহল মাতৃক সন্তাপৰ অনুচ্চ ধ্বনি আচ্ছাদিত অঘৰী শোভাযাত্ৰাৰে অনন্ত সমভূমি জুৰি গুণগুণনি দ্ব্যৰ্থহীন দিগন্তেৰে বলয়াবৃত পৰ্বত শিখৰৰ মহানগৰ … …দত্ত, দয়দ্ধম, দম্যত..”                   (‘কি ক‘লে মোক বজ্ৰ নিৰ্ঘোষে‘, হোৱাট…

হামি

গুণোজীৎ দাস হামি এটাৰ বাহিৰে যেন নিজৰ বুলিবলৈ আন একোৱেই ৰৈ যোৱা নাই নিজৰ বুলিয়েই এটাৰ পিছত মাৰি আছোঁ আনটো হামি হামিৰ ব্যৱধান কমি সি সাং হোৱালৈ মাজতে পিঠিৰ খজুৱতি বাঢ়িল  কালে মোকলাই দিয়া হামি আৰু খজুৱতিত এটাও যদি গছপুলি বাঢ়িলহেঁতেন…

ভোগবাদী পৃথিৱীত খেয়ালী কবি

প্ৰাঞ্জল কুমাৰ লাহন এই ভোগবাদী পৃথিৱীৰ খেয়ালী কবিৰ কি কাম কবিয়ে অকল কবিতাৰে পেট পূৰাব পাৰেনে কবিয়ে কবিতাত শব্দৰ যাদুৰে বহুজনৰ মন-প্ৰাণ ভৰাব পাৰে পিছে মন-প্ৰাণ ভৰিলেই জানো এই ভোগৰ পৃথিৱীত কবি সুখেৰে জীব পাৰে! ভোগৰ পৃথিৱীৰ অনেক উপাদানে আউল…

টুনী চৰাই অ’ টুনী চৰাই

ধ্ৰুৱজ্যোতি দাস টুনী অ’ টুনী চৰাই, তোৰ ঠোঁটত কি গুটি আনিছ আনিছ কি গছৰ গুটি? পানীৰ পকনীয়াই থানবান কৰিলে গেঁৰধৰা পথাৰ; নৈয়ে অনা বালিৰ তলত পোত গ’ল আৰু পোত গ’ল গৰ্ভৱতী ধানগছ। অ’ টুনী তোৰ ডেউকাৰে কি বতাহ কোবাইছ তোৰ ঠোঁটেৰে…

টেমিচুৰুণী

 প্ৰদীপ শইকীয়া অকহি পুৰুষেও খুলিব নোৱাৰা তলাটো খুলিল দেখাত একোৱেই নাছিল নতুন হাতুৰীয়েও নতমস্তকে স্বীকাৰ কৰিছে ভাঙিব নোৱৰা তলাটো এটা অংক ঘৰ ঘৰোৱাহেও জানিছিল টেমিটোৰ গৰ্ভতে সোমাই আছে এখন অদ্ভুত ব্ৰহ্মাণ্ড আমি যেতিয়া ককবকাই আছিলোঁ অতিমাৰি বানত টেমিৰ বাসিন্দাই ভূ…

বুটামাতংক

ঋষভ নাথ বুটামেৰে মুখ জপাওঁতে মোৰ দাঁতৰ শব্দত এবাৰ হেড বাইদেউৰ চক ভাগিছিল ৰেলগাড়ীৰ দৰে হাঁহি ঠিক পিছে পিছে বহু পৰ হাড়ৰ চিৰি কঁপাই ঘূৰি থকা চকাকেইটাও যেন বুটামেই মাৰ চুৱেটাৰৰ বুটামতলত পৰি এদিন দুই পিপৰা তিনিগুণ হৈছিল আঙুলিমূৰ পুৰিছিল…

এই চহৰ— এটি প্ৰৱণতা

উদয় কুমাৰ বৰুৱা শীতৰ কুহেলিকা পাৰ হৈ ক্ৰমাৎ সুৰভিত হয় নষ্ট সময় মৰা শামুকৰ খোলাত মাৰ যায় অপ্ৰাপ্তিৰ দীঘল হুমুনীয়াহ আৰু মই স্বপ্নমাতাল হৈ খোজ থওঁগৈ শতাব্দী প্ৰাচীন এখন চহৰৰ লুণীয়া মাটিত স্মাৰ্টফ’নৰ পৰা স্মাৰ্ট চিটীলৈ সৰ্বত্ৰ কেৱল নিৰ্বেদ অনুৰাগ…

প্ৰাচেত

(প্ৰচেতসো অহম্ –উত্তৰকাণ্ড-৯৬/১৯) গায়ত্ৰী দেৱী বৰঠাকুৰ শতিকাৰো বহু শতিকাৰে পৰা কবি এজন অভিমানত আছে ভিতৰ -ভিতৰি প্ৰচণ্ড ধুমুহাৰ ৰু ৰুৱনি প্ৰেমত ওহোঁ  মুঠেই নহয় আপোনাৰ মনত প্ৰশ্ন জাগিছে পৰিচয়ৰ হকেও অভিমান কৰিব পৰা কবি এজন হ’লেও তাৰমানে আছে কোন হ’ব…

‘দ ৱেষ্টলেণ্ড’ৰ শতবৰ্ষ

ড° বিৰিঞ্চি কুমাৰ দাস ২০২২ বছৰটো কেৱল ইংৰাজী সাহিত্যৰেই নহয়, সমগ্ৰ বিশ্বসাহিত্যৰ বাবেই এটা উল্লেখনীয় বছৰ বুলি বিৱেচিত হ’বৰ যোগ্য মূলতঃ এইটো কাৰণতে যে এই বছৰটো হৈছে ইংৰাজী সাহিত্যত আধুনিকতাবাদী ধাৰাৰ ভেটি টনকিয়াল কৰাত বিশেষ ভূমিকা লোৱা দুটা গুৰুত্বপূৰ্ণ সাহিত্যকৰ্মৰ…