Category কবিতা

চগা জীৱন

প্ৰাঞ্জল জ্যোতি দত্ত   গামোচাৰে হাতী বন্ধা মুখৰ কথা নহয়। সেই বুলিয়েই জানো বৰণ কৰি ল’ব পাৰি পৰুৱা মৰণ। চোঁচৰাই নুফুৰিলে দেখোন জীৱনটোৱেই ফুটত নুঠে। উজাই ল’ব জানিলে উশাহ- গেঁথনি এটায়ো দিব পাৰে জী থকাৰ সম্বাদ   নুমি নুমি ‘কাৰ্ছিন’ৰ…

মুনি

দ্বীপৰাজ   ইটাৰঙী মাটিত গিলিপ খোৱা এটুকুৰা শিলত বহি থকা ধোঁৱাবৰণীয়া বৰ্ণ এটা তপস্যাৰ ফচিলত আঁক এটা ভাজ হৈ মোচোৰা খাই আছে কাণ।৷ ঢেঁকীয়া ফুল হৈ থকা হাঁকোটাডালে বতাহক |   – এইটো ক!   মাটিফুলৰ গোন্ধ লাগি থকা পাহাৰটোৰ…

আত্মকথা

অৰুণ গগৈ                 গৰখীয়া বাটত লগ পোৱা কৃষকজনে মোক বৰ দৃঢ়ভাৱে ক’লে “ঘড়ী নোহোৱাকৈয়ে বেলি চাই ক’ব পাৰোঁ সময়ৰ হিচাপ ৰ’দে-বৰষুণে সহিব পাৰোঁ জীৱনৰ উত্তাপ” মই তেওঁৰ ফটা বনিয়নৰ ফাঁকত দেখা পালোঁ ৰ’দৰ…

বসন্ত

দেৱমল্লিকা দেওঘৰীয়া     হাজাৰ বছৰ ধৰি শুকাই আছিল নদী  এদিন পাহাৰে সুধিলে ভালপোৱা কি?  পখিলাৰ টোপনি ভাঙি নৈয়ে ক’লে জীৱন,  এপুখুৰী বেঙে এৰাতি গালে ৰাতিৰ বাগিচাত কেতেকীৰ সাধু, এৰাবাৰী উপচি টেঙেচি ফুলিলে  তজবজী তগৰে মিচিকিয়াই বিয়পালে গা, উটি উটি নৈয়ে…

ভালপোৱাবোৰো সংক্ৰামক হোৱাহেঁতেন…

অৰ্চনা ঠাকুৰীয়া ছটিয়াই দিয়া ভালপোৱাবোৰ উভতি আহি মোতেই বিলীন হ‘ল সংকুচিত হৈ আহিল পৰস্পৰৰ প্ৰতি বিশ্বাসৰ আয়তন   মই মোক নিঃশেষ কৰাৰ পৰিকল্পনা এতিয়ালৈ কৰা হোৱা নাই। সেয়ে আৱেগবোৰ থুকি থুকি জপাটোত ভৰাইছোঁ, কেতিয়াবা দুচকুত পিন্ধি লৈছোঁ যন্ত্ৰণাৰ অথবা আনন্দৰ…

মানসিক

অত্ৰেয়ী গোস্বামী   জীয়াই থকাৰ তাগিদাত সময়ক পাঞ্জাৱী চোলাৰ জেপত ভৰাই চক পেঞ্চিলেৰে আখৰ লিখোঁতেই পাৰ হৈ গ’ল এটা জীৱন৷ পাটীগণিতৰ পিঠিত ভেঁজা দিওঁতে চুঁচৰি গৈছিল তেওঁৰ চুৰিয়া, ৰঙা মাটিৰ দাগ এটা ৰৈ গৈছিল নফটালৈকে৷   তেওঁৰ চৰিত্ৰ অসামাজিক হোৱাৰ আগৰ কাহিনীবোৰ…

সপোনপুৰত জোনাক

উচ্চজিৎ দশগিৰি   সপোনপুৰত এদিন জোনাক নামিছিল; আমাৰ স্বৰ্গৰ দুৱাৰত জ্বলিছিল আকাশ-বন্তি। আমি চাবলৈ নাপালোঁ, আমি তেতিয়া ব্যস্ত আছিলোঁ জীৱিকাৰ মৃত নগৰীত।   আমাৰ আকাশ বিষাদে ঢাকি আছিল, আমাৰ চকুত নাছিল সপোন দেখাৰ হাবিয়াস। আমি এক অজান ভয়ত পলাই ফুৰিছিলোঁ…

নৃত্যৰতা পৃথিৱীৰ কবিলৈ

জোনমণি দাস   দুপৰীয়াটোৰ ডেউকা গজিলত মই পানীৰ পোছাকযোৰ খুলি থ‘লোঁ আৰু আৱাহনী মন্ত্ৰৰে বোধন কৰিলোঁ বসন্তক   শিলবোৰ নৈ হৈ বৈ গ‘ল পখিলাৰ পাখিত ৰঙা হৈ ৰৈ গ‘ল ৰ‘দ   মই গানত গা ধোৱা গছবোৰলৈ চালোঁ আৰু দৃষ্টিক দৃষ্টান্ত…

মগনীয়া

মূল হিন্দী (ভিক্ষুক) : সূৰ্যকান্ত ত্ৰিপাঠী নিৰালা  অসমীয়া অনুবাদ: দীপমণি দাস তেওঁ আহে আমাৰ হৃদয় চিৰাচিৰ কৰি দিব পৰা দুৰ্বহ মুখ এখন লৈ ৰাস্তালৈ আহে পেট আৰু পিঠি একাকাৰ কৰি লাখুটি এডালত ভৰ দি এমুঠি খুদকণ বিচাৰি- ভোক পূৰাবলে’ মুখফটা…

ভুলতে তোমাৰ ঠিকনা নিদিবা

 সুশান্ত বৰা    ভুলতে তোমাৰ ঠিকনা নিদিবা  ভুল হ’বলৈ ভুলে বাট পালে  হোৱাৰ ভুলক ভুল বুলি নক’বা ৷   ঠিকনা ভুল কৰা বহু পথিকৰ অপঠিত কবিতা ৰাতি উচাপ খাই সপোনৰ নেগুৰ হেৰুওৱা মই দেখিছোঁ,  মই দেখিছোঁ সুৰময়ী কথকী উদ্ভিদ  ধান…