ঘৰে পদূলিয়ে
যশোৱন্ত নিপুণ ঘৰে পদূলিয়ে কিমান দুখ কিমান আন্ধাৰ, আমাৰ বুকুত কিহৰ একুৰা জুই জ্বলে ইমান ফুল কিয় হঠাতে সৰে ? কি ভুল হ’ল আমি যদি মেজত একেলগে বহি চাহ একাপ ভগাই লওঁ, এটা কৌতুকত প্ৰাণখুলি কেতিয়াবা হাঁহোঁ ?…
যশোৱন্ত নিপুণ ঘৰে পদূলিয়ে কিমান দুখ কিমান আন্ধাৰ, আমাৰ বুকুত কিহৰ একুৰা জুই জ্বলে ইমান ফুল কিয় হঠাতে সৰে ? কি ভুল হ’ল আমি যদি মেজত একেলগে বহি চাহ একাপ ভগাই লওঁ, এটা কৌতুকত প্ৰাণখুলি কেতিয়াবা হাঁহোঁ ?…
হিল্লোলজ্যোতি সিংহ (ড° ধ্ৰুৱজ্যোতি চৌধুৰীৰ সোঁৱৰণত) চাওঁ, তোমাৰ হাতখনত ধৰোঁ এবাৰ শ্বৰ্ট মিডউইকেটত ফিল্ডিং কৰা সেই দুখন শক্তিশালী হাত যিয়ে তুলি আনিছিল নিৰাশাৰ চাকনৈয়াত ককবকাই থকা কিমানৰ হাত তোমাৰ আধামেলা ওঁঠ দুখনিৰ মাজত মই দেখা নাই চিগাৰেট…
অৰুণ গগৈ আঘোণ মাহত সোণালী সাজত পথাৰ উপচি পৰে চহাৰ প্ৰাণত সৰল মনত সুখৰ মুকুতা সৰে ৷ সোণালী ধাননি শুৱনি দাৱনী ভৰি পৰিছে পথাৰ খোজত নাচিছে ছন্দত হালিছে জোনবিৰীয়াৰ ভাৰ ৷…
মূল : অংশুমান কৰ অসমীয়া অনুবাদ : কুমুদ ঘোষ সেই ঘৰ এৰি অহা বহুদিনেই হ’ল৷ আহোঁতে-যাওঁতে, তথাপি, মাজে-সময়ে চকুত পৰে৷ দেখোঁ, নীলা-বগাৰ সলনি উৰিছে গোলাপী পৰ্দা দেখোঁ, যিটো আছিল চ’ৰাঘৰ সেইটো হ’ল বে’ডৰূম দেখোঁ, বাঁওফালৰ সলনি সোঁফালৰ চুকত…
(পিংকুজিৎ দাসৰ হাতত) পৰাগজ্যোতি মহন্ত কত কথা হৈ যায় কোৱা – তথাপি, আমি ইমান কিয় অধীৰ এই যেন শুনিম এই যেন ক’ম ক’ৰবাত কোনোবাখিনিত কোনোবাই কেঁকুৰিত ৰৈ কিবা যেন কৈ যাবলৈকে এপলকৰ বাবে উভতি চাইছে আমালৈ ইমান চিনাকি…
উদয় কুমাৰ বৰুৱা জীৱন জীবিকাৰ প্ৰপঞ্চৰ পৰা এদিন উভতি গৈছিলোঁ অহাৰ বাটেৰে স্মৃতিয়ে কুৰুকি কুৰুকি খান্দি উলিয়াইছিল ঠটা মাটিত মোৰ উদং ভৰিৰ ভকভকনি আৰু হাৱাই চেণ্ডেলৰ নিৰস পৰিক্ৰমা এদিন এজন কথকে কৈছিল – কাহিনীনো কি কেতিয়াবা বোঁৱতী সুতি,…
জ্যোতিনীলিমা গগৈ সুদীৰ্ঘ দিন মোৰ অহা যোৱা আন্ধাৰ বাটেৰে কেতিয়াবা স্বপ্নপথত এডাল শিৰীষৰ ছাঁয়া কেতিয়াবা সাগৰ তীৰত নিৰন্তৰ কথন কেতিয়াবা অৱচেতনাত পাৰাপাৰহীন ৰঙা মেঘৰ আলোড়ন ভাৱনাৰ পৰা নিৰ্ভাৱনালৈ ইমান যে দূৰত্ব শিলাময় বাটৰ কাষত জাৰে জহে ফুলি…
গজেন মিলি ডিঙিত ৰছী বান্ধি এৰাল দি কুকুৰ ভাল পোৱা প্ৰেমিক বহু দেখিছোঁ সেই কামটো কৰিবলৈ অলপ ধনী হ’ব লাগে এই পৰিচয় চৌখিনতাৰ নিজে গঢ়ি লোৱা আচৰণ এদিন শিক্ষিত জ্যেষ্ঠ লোক এজনে মৃত্যু সাবটি লৈছিল আমাৰ চকুৰ আগত…
ৰুদ্ৰ সিংহ মটক মৌচুমী বড়া বৰুৱাৰ পেছা শিক্ষকতা। কিন্তু তেওঁৰ নিচা শব্দ আৰু সত্য। তেওঁৰ সাধনা হ’ল কবিতা আৰু মানৱতাৰ জয়গান। কৈশোৰ বা যৌৱনতে তেওঁ সাহিত্যৰ, কবিতাৰ প্ৰেমত পৰিছিল। এটা সময়ত এই প্ৰেমেই হৈ পৰে কাব্য সৃষ্টিৰ চিৰন্তন আৱেগ…
উৎপল বৰকটকী দীঘলীয়া বাট ৷ মৰা সাপৰ দৰে পৰি আছে ৷ গছৰ পাতবোৰ, বাটৰ ধূলিবোৰ, বতাহৰ দুৰু দুৰু স্পন্দন; সকলো এতিয়া আলৰ ৷ আকাশৰ নীল বিশালতাক ডাৱৰে শুহি খায় ৷ আকাশত এতিয়া সেই নীলা নাই ৷ সেউজীয়া পাহাৰখন যেন এটা…