সিহঁত নাহিলেও বসন্ত আহিব!
মানস প্ৰতিম দত্ত পথবোৰ পকী হ’ল মনবোৰ ধনী পথবোৰ বহল হ’ল মনবোৰ? গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন পাত সাৰিবলৈ মানুহ লাগে এতিয়া সাৰিবলৈ পাত নাই বসন্তৰ বতাহজাকৰ খবৰ দিবলৈ সিহঁতৰ কিচিৰ-মিচিৰ চিৰিক-চিৰিক মাতবোৰ নাই …
মানস প্ৰতিম দত্ত পথবোৰ পকী হ’ল মনবোৰ ধনী পথবোৰ বহল হ’ল মনবোৰ? গছবোৰ থকা হ’লে পাতবোৰ সৰিলহেঁতেন পাত সাৰিবলৈ মানুহ লাগে এতিয়া সাৰিবলৈ পাত নাই বসন্তৰ বতাহজাকৰ খবৰ দিবলৈ সিহঁতৰ কিচিৰ-মিচিৰ চিৰিক-চিৰিক মাতবোৰ নাই …
কৌস্তুভমণি শইকীয়া সুৰবোৰ বিচাৰি হাবাথুৰি খাইছোঁ বৰ অসহায় সময় লতাশিল খেলপথাৰ ৰিঙা ৰিঙা পুৰণি ঘৰটোৱে কথা পাতে নিজৰ ভিতৰতে স্মৃতি-বিস্মৃতিৰ পাঁজৰত এডোঙা অনিশ্চিত দুখ দুঃসহ । _ _ _ দূৰভাষ – ৯৪৩৫৫৪৫৭০৭
অনুভৱ তুলসী সন্ধ্যা, তোমাৰ প্ৰতি চাঁহি মাটি মই চিনি পাওঁ গছৰ পাতত বতাহৰ কঁপনি ফেঁহুজালিৰ পঢ়াশালিও মই চিনি পাওঁ তোমাৰ অচেতনৰ আন্ধাৰ গলিত চৰি ফুৰা নিজান বতৰৰ বতৰা মই বহু আগতীয়াকৈ পাওঁ গাত লোৱা গামোচাৰ দীঘ-বাণিৰ সূতা আৰু আঁচুৰ ৰৈ-ৰমলি…
এম. কামালুদ্দিন আহমেদ প্রতিটো বানে মনত বালিচৰ একোটা থাপি যায় অলক্ষিতেই ঘটি আছিল এই ঘটনা অৱচেতনত বালিচৰবোৰ সোমাই আছিল বানত মানুহ এজন উটি যোৱাৰ শৈশৱৰ ছৱিখন আজিও ৰ’দৰ দৰে জিলিকে আজি বালিচৰবোৰ ওলাই আহিছে এইমাত্ৰ…
অজন্ত কুমাৰ বৰা নিগূঢ় জীৱনটো নিতান্তই নিজৰ নিজৰ জীৱনৰ নৌকা নিজৰ মতে বাওঁ নিজৰ সময়বোৰো নিজৰমতে নিয়াওঁ নিজৰ সময়বোৰত নির্জনতাত বুৰ যাওঁ নিজৰ সময়বোৰত নিজকে বুজাবলৈ নির্মোহ সমালোচনাৰে নির্মল আইনাত নিজকে চাওঁ নিজকে জুকিয়াওঁ নিজকে সকীয়াওঁ …
ভাস্কৰ জে নাথ সূৰ্যৰ পৰা নামি অহা ৰে’লখনি হালধীয়া হালধীয়া দবা সাতোৰঙী ধূলিকণা যাত্ৰী কোনে কয় ধূলিকণাৰ ঘৰ নাই! কোনে কয় ধূলিকণাৰ গতি নাই ! বিছনাত অলৰ অচৰ দেহ এটি মন, খিৰিকীৰ সূৰ্যত চাই আছে ধূলিকণাৰ ৰং…
প্ৰদীপ শইকীয়া ভাবিছিলোঁ মণিপুৰ মানে ছাংগাই পহু ৷ তাৰ শিঙৰ ফাঁকেদি দেখা জোনৰ মুখ ভাবিছিলোঁ মণিপুৰ মানে পুং চ’লম্ ৷ তালে তালে নচা বগা পাগুৰি মণিপুৰ মানে বৈষ্ণৱ-কীৰ্তন ৷ ৰাসলীলা ধীৰগতি ৰাধা লাই হাৰাওবা পেনা-খোংবা বীণাৰ মিড় …
উদয় কুমাৰ বৰুৱা “ All beautiful things start from heart” অনেক অপেক্ষাৰ শেষত এটি মাথোঁ মুহূৰ্ত – বেলিমাৰ যেন শৰতৰ মেঘতকৈও চঞ্চল হোৱাৰ এক দুৰন্ত বাসনা হৃদয়ে বাৰু কেতিয়াবা ভুমুকিয়াইছেনে বেলিৰ ভাৱচোতালত ৰাতিয়ে জানে এটা সমুজ্জ্বল পুৱাই বেলিৰ…
হিল্লোলজ্যোতি সিংহ “মৃত্যু এক ফুলস্টপ”– খুশৱন্ত সিং সেউজীয়া ধাননিত বিলীন হৈ যোৱা বেলিটোৰ দৰে ময়ো এদিন গুচি যামগৈ সূৰ্যৰ দৰে সত্য ই এক অৱশ্যাম্ভাৱী প্ৰক্ৰিয়া জীৱনটো বিলাই বিলাই কঙাল ৰিক্ত দুহাত ক্ৰমে শুকাই গৈছে বুকুৰ অভ্যন্তৰ শেষ হৈ…
যশোৱন্ত নিপুণ যিদিনাই মই সচেতন হ’বলৈ শিকিছিলোঁ, আৰু শব্দবোৰৰ অৰ্থ বুজিবলৈ আৰম্ভ কৰিছিলোঁ, ঠিক তেতিয়াই ঘটনাটোৰ আৰম্ভণি হৈছিল, এটা কোলাহলে মোক খেদি ফুৰিছিল অহৰ্নিশে ৷ অথচ মোৰ প্ৰয়োজন আছিল সামান্য, বিচাৰিছিলোঁ মাত্ৰ অলপ নীৰৱতা, শান্তি, নিঃসঙ্গতা, কোনো কোলাহলে…