Category কবিতা

অনুভৱ তুলসী : মোৰ অনুভৱেৰে

ড০ স্বাতী কিৰণ                                      কিছুমান মানুহে পোহৰ আৰু কোমলতা কঢ়িয়াই ফুৰে।মোৰ বাবে অনুভৱ তুলসীও তেনে এক সত্তা।তেখেতক গুৱাহাটী গ্ৰন্থমেলাত লগ পালেই মনটো এনেয়ে ভাল লাগি গৈছিল, এই মুগ্ধতাক ভাষাৰে বুজাব নোৱাৰি, যদিও কবি হিচাপে অনুভৱ তুলসী নামটো কৈশোৰৰ পৰা পৰিচিত কিন্তু…

সপ্তপদী

অৰ্চনা ঠাকুৰীয়া এক কবিতা এক জটিল চৰিত্ৰ প্ৰতীক, চিত্ৰকল্প পাঠকেহে বিচাৰি উলিয়াই কবিয়েতো সহজভাৱেই কয় মনৰ কথা সেয়ে, কবি মোৰ মনৰ মানুহ                                   দুই অসীমক মই তোমাৰ কথা কলোঁ  ভালপোৱাৰ কি ৰং তেওঁৰ পৰাই বুজিলোঁ  এতিয়া, থাউকতে তোমাক কথাটো কওঁ…

তুমি, অমিতাভ

মূলঃ ডঃ তপোধীৰ ভট্টাচার্য (বাংলা) অসমীয়া অনুবাদঃ কুমুদ ঘোষ   তুমি, অমিতাভ, ভুল পথেৰে পাহাৰ আৰু অৰণ্যৰ পৰা সমতললৈ নামি আহিছিলা – ব্যস্ত জনপদত কোনে বাৰু তোমাক চিনি পাইছিল? নে তুমি সেই মুর্খ যুৱকৰ দৰে বিচাৰিছিলা ভুল অভি‍জ্ঞান? ঘাম আৰু…

দহন

 মৃদুল কুমাৰ বৰ্মন     জ্বলি আছোঁ অথচ ছাই হ’ব পৰা নাই   পুৰণি শতিকাটোৱে সোঁৱৰাই দিয়া কথাটোকে পাগুলি পাগুলি ফু দিছোঁ মোৰ মৰি অহা বাঁহীটোত   সুৰবোৰ ধোঁৱা হৈ উৰিছে   মানুহ চগা নহৈ পাৰেনে সময় যেতিয়া জুই হয়…

অহা জনমত তাই তেজীমলা হ’ব

অত্ৰেয়ী গোস্বামী   জন্ম, জন্মান্তৰ, পূৰ্বজন্ম বিশ্বাস-অবিশ্বাসৰ পেণ্ডুলামত দোলক হৈ দুলি থাকে অহৰহ৷   আকৌ এটা জনম হ’বনে? সেই জন্মত মনুষ্যৰ আকৃতি থাকিবনে? ইয়াৰ আগতেও জন্ম হৈছিল নেকি? তাই নাজানে৷ তাই জাতিস্মৰ নহয়৷   তথাপি তাই পুনৰ্জন্মৰ কথা ভাবে এইবাৰ…

ৰাতিৰ কথা

 হিল্লোলজ্যোতি সিংহ   ৰাতিটোৱে গজালি মেলে গধূলি তুলসীতলৰ চাকিটো জ্বলি উঠাৰ সময়ত মগৰীবৰ আজানৰ সুৰটোও ভাহি আহে চোতালত ঢাৰি পাতি পোনাকণে নেওতা মতাৰ তালে তালে এখিলা দুখিলা তাৰ পাত গজে জিলিৰ মাতৰ লগে লগে লহপহীয়াকৈ বাঢ়ে কুমলীয়া দেহা   দুপৰ…

কবিৰ বাবে অঁকা ছবিবোৰ

  ড° সঞ্জীৱ বৰা লগ পোৱা বহু কবিৰ মাজৰ এজন তেওঁ, বহু গ্ৰন্থৰ প্ৰচ্ছদৰ ভিতৰৰে কিছু তেওঁৰ ৷ হ’লেও অনুভৱ তুলসী ছাৰ কিয় নাজানো– যেন অলপ বিশেষ৷ সংবেদনশীল, মৃদুভাষী এক ব্যক্তিত্ব৷ বহু দীঘলীয়া সময় তেওঁৰ সৈতে কাম কৰিছোঁ৷ শেহতীয়া প্ৰায় আটাইকেইখন…

সমাপ্তি পৰৰ মধুৰ আবৃত্তি

ড° ৰত্নোত্তমা দাস বিক্ৰম   ক/ নৱেম্বৰ মাহৰ সোতৰ তাৰিখ, চন দুহেজাৰ ন খাকী য়ুনিফৰ্মৰ চোলাৰ বাহুত তৰা থকা দিল্লী পুলিচৰ এজন বিষয়াই মোৰ কঁপি থকা হাতত তুলি দিছিল বাংলাত লিখা এটা কবিতা৷ মুঠ আঠটা স্তৱকত বিভক্ত কবিতাটো লিখিছিল ড°…

হুমুনিয়াহ

 ৰূপাঞ্জলী নেওগ   এটি বিমূৰ্ত চাৱনি, বাৰে বাৰে জুমি চাইছে পদূলিমুখলৈ বুলি নৈৰাশ্যৰ চাদৰখনিয়ে বেঢ়ি ধৰিছে তাক কেউফালৰ পৰা থৰকবৰক যে তাৰ খোজ৷   সৌ দূৰণিৰ পৰা ভাহি আহিছে এজাক চৰাইৰ কাকলি মিঠা, ভাটিয়ালিৰ মৃদু আৱাহন, কিঙ্কিণীৰ ঝংকাৰত সাৰ পাই…

পিউমিছ

 অংগনা ভট্টাচাৰ্য্য   তুমি তুমি বুলি খেপিয়াই-ঘুৰ্মুটিয়াই ফুৰাৰ উদাস একাদশীত এবাৰ বিষণ্ণ বতাহ এজাক বলিছিল৷   মই ক্ষন্তেক ৰৈছিলোঁ৷ চাইছিলোঁ ভাবিছিলোঁ কিছুপৰ পাছত এহাতেৰে বুকুৰ বাওঁফালে হাতখন লগাই চকুদুটা মুদি দিছিলোঁ৷ ভিতৰৰ পৰা কোনোবাই কৈছিল— “সকলো অহা-যোৱাৰ খেল৷” মই তথাপি…