যথেষ্ট
যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল, বোধহয় সেয়াই যথেষ্ট আছিল। নিযুত নিযুত কীটৰ এটাই মাথোঁ সেই ডিম্বাণুৰ ওচৰ পাইছিল…
যশোৱন্ত নিপুণ বহু হাজাৰ আমৰ বীজৰ কেইটামান মাত্ৰ গজিল আৰু মাত্ৰ এটা গৈ ডাল-পাতেৰে বৰ এজোপা গছ হ’ল আৰু ছাঁ দি ফল দি এদিন খৰি হৈ গ’ল, বোধহয় সেয়াই যথেষ্ট আছিল। নিযুত নিযুত কীটৰ এটাই মাথোঁ সেই ডিম্বাণুৰ ওচৰ পাইছিল…
ৰুদ্ৰ সিংহ মটক জুবিন জুবিন জুবিন ! ৰাইজৰ মাজত থাকিও ৰজাৰ দৰেই আছিলা তুমি সকলোৰে সুখ-দুখ হাঁহি-কান্দোনৰ ভাগ লৈছিলা আৰু কি আচৰিত, কেৰ্কেটুৱাই বাৰীৰ তামোলথোকা খোৱা, কলথোকাত বাদুলী পৰা কথাটোও উদাসীন গঞাৰ কাণে কাণে কৈছিলা তুমি …
বিনিময় দাস তুমি যিমানেই থাকাঁ নিঃশ্চুপ, একো কথাকে নোকোৱাঁ, মই জানো, তুমি মোক ভাল পোৱাঁ৷ যদিও প্ৰত্যাশা তোমাৰ অপ্ৰকাশিত, মই অনুভৱ কৰিছো নদীৰ উজান৷ যদিও হেঁপাহ তোমাৰ নিশব্দতাত দ্ৰৱীভূত, মই শুনিছো অন্তৰ তৰঙ্গত জীৱনৰ গান৷৷ যদিও…
বন্দনা কৌশিক বৰদলৈ ইমানবোৰ কথাৰে মুখৰিত পৃথিৱী! অথচ আপুনি কাহানিও কোনো নোযোৱা বাট এটাৰ নিচিনা … এদিন আপোনাক সুধিব বিচাৰিছিলোঁ কি বিচাৰি ফুৰিছে আপুনি ৰৈ ৰৈ বুকুত বাজি থকা বিশেষ এটা মাত? নে এটা নিতাল মাৰি শুই থকা বাট? নে…
ৰৌচন আলি চানাৱালাৰ চানা বন্ধা কাগজ এটুকুৰাৰ মাজত নিদ্ৰাহীন চকু দুটা লৈ শুই আছিল এটা কবিতা চানাৱালাৰ ওচৰলৈ ক্লান্ত-শ্ৰান্ত হৈ গ্ৰাহক এজন আহিল আৰু অধীৰ আগ্ৰহেৰে চানাৱালাক ক’লে– তেল-মছলা সানি চানা দহ টকাৰ দে ! ইতিমধ্যে চানাৱালাৰ কাগজ টুকুৰাৰ পৰা …
দিগন্ত শইকীয়া মৃত্যুৰ এছটা অচল ডাৱৰে সাঁফৰ মাৰি ধৰিছে ভোক-ভাগৰুৱা মানুহবোৰে ভুনভুনাইছে গুণগুণাইছে মৃত্যুকথা মৃত্যুগান হতাশাত মৃত্যু হুমুনিয়াহত মৃত্যু ওকালিত মত্যু বমিত মৃত্যু ৰাতিৰ এন্ধাৰত মৃত্যু ফ্লেশ্বলাইটৰ জোনাকীত মৃত্যু জোতাৰ গিৰিপনিত মৃত্যু হাৱাই চেণ্ডেলত মৃত্যু উকা ভৰিত মৃত্যু হুইলচেয়াৰত মৃত্যু…
হিল্লোলজ্যোতি সিংহ মোক জ্বলোৱাৰ পাছত মোৰ ছাইখিনি নৈত উটুৱাই নিদিবা শেষ ৰাতিলৈ কমাটোৰ দৰে তাত শুই থাকক কুকুৰ এটা অন্ততঃ মোৰ উমক অৱজ্ঞা নকৰিব সি ফুটছাইখিনি বেঙেনাপাতৰ ওপৰত ছটিয়াই দিবা বেঙেনা ফুলে অন্ততঃ কিছু সময়লৈ গাব মোৰ বিষাদ গাঁথা…
গায়ত্ৰী দেৱী বৰঠাকুৰ (এক চুটকী সিন্দূৰ কী কীমত তুম ক্যা জানো ৰমেশ বাবু…) মোৰ হাতত এখন আতচী কাঁচ ভৰ দুপৰীয়াৰ ৰ’দত বহি ক’তবাৰ শুকুৱাইছোঁ কাগজৰ শুকান সভ্যতা আইনাত ঝুম কৰি পঢ়িছোঁ স্বগতোক্তিৰ ইতিবৃত্ত অথবা প্ৰতিসৰণৰ সূত্ৰ …
নিৰু দত্ত পালেহি আহিনমাহ অময়া শৰতকাল ষষ্ঠীত দিওঁ বেদীত স্থান, অচলা ভক্তিৰে পূজি সপ্তমী অষ্টমী তিথি দশমীত কৰোঁ বিসৰ্জন। যুগে যুগে ধৰণীতে তোমাক পূজোঁ ভকতে ৰাম কৃষ্ণ তোমাৰ সেৱক, আমি সৰল মনিচ নহওঁ নকল নবীছ আই তুমি বিপদ-বাৰক। শৰতত বসন্তত ধৰালৈ নামিবা দেই বৰণীয়া ফুলেৰে পূজিম, নীলাকৈ অপৰাজিতা পদুম ধুঁতুৰা…
(Unfolded Stories of a Mother) ৰত্নোত্তমা দাস বিক্ৰম প্রথমাংশ প্রথম অধ্যায় মোৰ ফৰাছী বন্ধু আৰু সিহতৰ দেশত কমলাৰ গুটি গজি পুলিয়ে পোখা মেলাৰ কাহিনী এই কাহিনীটো এতিয়ালৈকে মই মোৰ ঘনিষ্ঠ বা মোৰ কাষৰ-পাজৰৰ যিসকলক কৈছোঁ, তাৰ ভিতৰত কোনো কোনোৱে…