sdblogs2011

sdblogs2011

সম্পাদকীয়

শৈক্ষিক কৰণীয়, জাতীয়তা আদিৰ প্ৰসঙ্গত ছাত্ৰসমাজক লৈ কিছু চিন্তা         দেশে স্বাধীনতা অৰ্জন কৰাৰ পাছৰ বছৰবোৰতো অসমৰ জাতীয় জীৱন অনেকটা বিষয়ক কেন্দ্ৰ কৰি অস্থিৰ আৰু অনিৰাপদ হৈ আছে৷ বিভিন্ন কাৰণত অসমীয়া জাতীয় সত্তাৰ ভৱিষ্যৎ অন্ধকাৰ হোৱাৰ আশঙ্কাত ভুগি দলে…

কেইখনমান পানীৰঙী চিত্ৰ, উইলিয়াম লুকাৰ জুনিয়ৰ আৰু ৱিটিছ ভাৰতীয় সেনা

 পঙ্কজ প্রতিম বৰদলৈ  ১৯১৯ চনৰ ২৮ জুনত স্বাক্ষৰিত হোৱা ভাৰ্চাই চুক্তিয়ে আনুষ্ঠানিকভাৱে প্ৰথম মহাসমৰৰ অন্ত পেলায়। সেই একে বৰ্ষৰে জুলাই মাহত গোৰ্খা ৰাইফল্‌ছৰ কৰ্ণবাহাদুৰ ৰাণাই গৌৰৱেৰে হাতত তুলি লৈছিল অতি সন্মানীয় ভিক্টৰীয়া ক্ৰ’ছ। যুদ্ধক্ষেত্ৰত দেখুওৱা অতুলনীয় সাহসিকতাৰ বাবে, সি আছিল সেই সময়ৰ সৰ্বোচ্চ সন্মান।…

ৰুছ কবি ব্লাডিমিৰ হ’লেণ্ডৰ দুটা কবিতা

 ইংৰাজী অনুবাদ : জাৰ্মিলা আৰু ইয়ান মিলনা  (Jarmila and Ian Milner) অসমীয়া অনুবাদ : এপ’লো খাটনিয়াৰ ১) ৰাশিফল বিয়লি… সমাধি… আৰু শাণিত বতাহজাক যেন কচাইৰ কাঠৰ কটা হাড়ৰ টুকুৰা৷ যাতনাৰ পৰা মামৰে মুক্ত কৰে ই ধাৰণ কৰা দেহক৷ আৰু আটাইৰে ঊৰ্ধ্বত,…

পখিলাৰ পাখিত ধুমুহা

 লোপামুদ্ৰা ভট্টাচাৰ্য          ‘‘মা, তুমি butterfly effect মানে কি জানা নে?’’        মৃদুৱে মূৰ জোকাৰিলে৷ শঙ্কুৰ যে পঢ়াৰ পৰা উঠিবলৈ হৈছে তাই গম পাইছে৷ এনেকুৱা সময়তে সি এনে ধৰণৰ কথা কিছুমান উলিয়াই লয়৷ মাকে নজনা বিষয়বস্তুৰ ওপৰত ভাষণ এটা…

সিপাৰে বেলি এইপাৰে ডাৱৰ

 পৰিস্মিতা বৰদলৈ   বাহিৰত মুষলধাৰে বৰষুণ নামিছে৷ ঝৰঝৰ! ঝৰঝৰ! আধাখোলা খিৰিকীৰে উৰিব লাগিছে ৰেচমী পৰ্দাখন৷ পৰ্দাখনৰ ৰংটো কুহুমবুলীয়া৷ খিৰিকীখনৰ ওচৰতে ৰৈছেহি তাই৷ সোমাই অহা এচাৰকণি চিটিকি পৰিছে তাইৰ গালেমুখে, চকুৰ দুপতাত আৰু তাইৰ খোলা চুলিত৷ তাই আজি ৰ’দৰঙী কুৰ্তি এটা…

ছোৱালী মানুহৰ ঘৰ

 নৱজিৎ চেলেং   দুশাৰী দীঘলীয়া পাতাবাহাৰৰ মাজেৰে মণিমালাই দীঘলকৈ দূৰলৈ চালে। মণিমালাৰ দৃষ্টি পদূলি সাৰি মূল ৰাস্তাৰ পৰাও কিছু আগুৱাই গ’ল। সেইপাৰে এখন আকাশ আছে। আধা টুকুৰা আধা টুকুৰা বৰফি আকাৰৰ ছাইৰঙী পাহাৰে নক্সা কটা আকাশ। মণিমালাৰ আজন্ম চিনাকি। তাৰ তলে…

চৰকাৰী বিদ্যালয়ত গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিকোৱাৰ সম্পৰ্কত

ড° অমৃত গোস্বামী   বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰৰ দুয়োজন মূৰব্বীৰ মনোভাৱ এনেকুৱা যেন তেখেতসকলেহে সকলো জানে, বাকীসকলে ভবা বা কোৱা কথাৰ কোনো গুৰুত্ব নাই৷ কেৱল তেখেতসকলে যি ভাবে বা চিন্তা কৰে, সেইটো কেতিয়াও ভুল হ’ব নোৱাৰে৷ তেখেতসকলৰ পাৰিষদবৰ্গয়ো তেখেতসকলৰ নিজৰ বিচাৰ-বুদ্ধিৰে গাদী…

প্ৰেমৰ কবিতা

দিগন্ত নিবিড় মেটেকাৰ মাজৰ পৰা  চুচুক-চামাককৈ ওলাই অহা ডাউকহালৰ দৰেই  এদিন আমি ওলাই আহিছিলোঁ  ভালপোৱাৰ বাটটোৱেদি কোনোবাই দেখিব কোনোবাই জোকাব  কিমান যে সমস্যা হ’ব আমাৰ  কি ক’ম আমি বন্ধুবোৰে সুধিলে আমাক  মৰিয়েই থাকিম ঘৰে শুনিলে কথা আমাৰ  তুমি লুকাই লুকাই…

কবিতা

মৃদুল শৰ্মা  (ক) আৰু মই তেতিয়া শুবলৈ লৈছিলোঁ যেতিয়া ভৱিষ্যত আছিল জৰাগ্ৰস্ত এটা একাঙ্গী নিৰল জুপুৰী তাতে মাটি লেপি সপোনৰ ৰং সানি কোলাহলেৰে ভৰুণ কৰি তুলিবলৈ প্ৰস্তুতি আৰু সাৰ পাই দেখিলোঁ সময়ক আটায়ে হেৰুৱায় অথচ হিচাপ কৰে ধনৰ নিচিনাকৈ আৰু…

দেশ, কাল আৰু কবিতা

মূল : জীবনানন্দ দাশ (বাংলা) অনুবাদ : নিৰোদ গোহাঁই  কবিতা বুলিলে যদি কোনো এখন দেশৰ এটা বা অৰ্ধশতকৰ কাব্যক বুজায় তেনেহ’লে কবিতা সম্বন্ধে প্ৰায় সম্পূৰ্ণ আলোচনা বেছি সহজসাধ্য হ’ব, বেছি সফলতা, প্ৰায় গাণিত্যিক শুদ্ধি আশা কৰা যাব পাৰে৷ কিন্তু এই…