ভ্ৰম ভাবনা
দ্বীপৰাজ হামি এটাক চুৰটৰ ধোঁৱা সাজি ফুৱাই দিয়া কথাবোৰ কি ঠিক একোটা মুদ্ৰাদোষ বিলাসৰ আঙুলি ভাঙি হাতৰ তলুৱাত বোৱাই দিয়া নৈখন কি ঠিক চিত্ৰ বাসনা (?) ৰাতিবোৰে যদি এৰুৱাব পাৰে হালধীয়া ৰুণ আমাৰ চিঞৰবোৰ পুতিব পাৰোঁ এটা শিলত…
দ্বীপৰাজ হামি এটাক চুৰটৰ ধোঁৱা সাজি ফুৱাই দিয়া কথাবোৰ কি ঠিক একোটা মুদ্ৰাদোষ বিলাসৰ আঙুলি ভাঙি হাতৰ তলুৱাত বোৱাই দিয়া নৈখন কি ঠিক চিত্ৰ বাসনা (?) ৰাতিবোৰে যদি এৰুৱাব পাৰে হালধীয়া ৰুণ আমাৰ চিঞৰবোৰ পুতিব পাৰোঁ এটা শিলত…
স্বপ্নালী কলিতা কথাবোৰ জঁটা হওক বুলি এদিন কোনোবা অচিন ধনুৰ্ধৰে এপাট শৰ মাৰি দিলে কোনোবা অচিন মুখলৈ সেই সময়ত কথাই বাগি মাৰি খেলিছিল পাভলুটিৰ খেল শৰৰ মুখত ধাৰ দিবলৈও নাছিল হাতত শাণ মুখ থেকেচা খোৱা শৰে মাটিত পৰি…
পাপৰি গোস্বামী পৰমেশ্বৰ কলিতাৰ অসুখ। যোৱা কেইবাদিনো ধৰি পৰমেশ্বৰ কলিতা অসুখী। তেনে কোনো ডাঙৰ বেমাৰো নহয়…। ঠিক খাব নোৱৰা, শুব নোৱৰা বিধৰ অসুখ। দুদিনৰ আগতে ডাঙৰ পুতেক সৌৰভে তেখেতক মেডিচিনৰ ডাক্টৰক দেখুৱাই ভিটামিনৰ টেবলেট, ছিৰাপ আদিও আনিছে। সময়ে সময়ে শ্ৰীমতীয়ে দৰব…
সত্যজিৎ গগৈ নমস্কাৰ গ্ৰহণ কৰিব৷ বিগত কেইটামান দিনৰ পৰা শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু আহোমসকলৰ মাজত এক বিতৰ্কৰ সূত্ৰপাত হোৱা দেখিবলৈ পোৱা গৈছে৷ সেয়েহে এই চিঠিখন আপোনালৈ লিখিলোঁ৷ আপুনি নিশ্চয় আহোমসকলৰ বিষয়ে বহু ভালকৈ জানে৷ কিয়নো আপুনি অসমৰ অসমীয়া সন্তান৷…
হেমচন্দ্ৰ কছাৰী বাপুজীৰ চিৰনমস্য মূৰটোতকৈ তেওঁৰ মূৰৰ চাপবোৰৰ প্ৰয়োজনযে বহুগুণেই বেছি সেই কথা সকলোৱে জানে সঁচাকৈ, নম্বৰ সংপৃক্ত বাপুজীৰ মূৰবিহীন পল এটাৰ কথাচোন ভাবিবই নোৱাৰি বগাই হওক বা ক’লাই হওক জেপত বাপুজীৰ মূৰ থাকিলে চৰাই হৈ উৰিব পাৰি ভুকুৱাই পকাব…
(সাধুকথাৰ ভিত্তিত) পূৰৱী তালুকদাৰ আছিল এজন দৰিদ্ৰ লোক নাম তেওঁৰ বাপুকণ, খুদ-কণ এটি ঘৰত নাথাকিলেও অতিথি পৰায়ণ। খং উঠে তেওঁৰ ঘৈণীয়েকৰ এই কথাটোক লৈ, ভাগৰি পৰে বাপুকণৰ আগত অভাৱৰ কথা কৈ। তথাপি বাপুকণৰ স্বভাৱত সালসলনি নাই, যিদিনা ঘৰলৈ অতিথি নাহে…
অৰ্চনা ঠাকুৰীয়া ঘৰগোনা কথাবোৰ অঘৰী হোৱাৰ বেদনাত খোজবোৰ থৰক-বৰক সম্পৰ্কৰ ভাৰখন গধুৰ তাতোকৈ গধুৰ মন এইবাৰ আহিলে তুলাচনী লৈ আহিবা জুখি চাম বিৱেকৰ ওজন টোৰটোৰাই থকা প্ৰতিটো ৰাতিয়েই নিজম প্ৰতিটো ৰাতিয়েই যি কয় সেয়া উশাহঘন নহয় সুখৰ…
মিণ্টুল হাজৰিকা শুকাই কাঠ হোৱা ডিঙি বনৰীয়া লতাৰ দৰে একোছা চুলি বুকুত সাবটি বুৰ মৰা বেলি নতুন বৌঠান হালধীয়া কেন্ভাছ ওলমি থাকে গজালৰ সাংসাৰিক ড্ৰয়িংৰুমত শ্বেত মুখবলয়ত হৰিণনিশাৰ বিষাদ চকুজুৰিত বৰলীয়াই বান্ধ ছিঙি বুৰাই মৰা বাৰিষাৰ…
নিবিড় অনুৰাগ মানস (ভাইটিৰ হাতত) অতদিনে ঘৰলৈ কিমান বসন্ত আহিছে গৈছে ঠিক নাই। বসন্তৰ জানো হিচাপ ৰাখে কোনোবাই! শিমলু ফুলাৰ শেষত কিমানে জানো তুলাৰ সাধু! সাধু মানে কিংবদন্তি মাটিৰ ডলি-চপৰা গচকি নোপোৱালৈকে ভাবিব পাৰি খেতি কৰাটো একেবাৰে…
সঞ্জীৱ সভাপণ্ডিত অসম আন্দোলন মানে ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ অবৈধ বিদেশী নাগৰিকৰ বহিষ্কৰণৰ বাবে সদৌ অসম ছাত্ৰ সন্থা আৰু সদৌ অসম গণ সংগ্ৰাম পৰিষদৰ যৌথ নেতৃত্বত অসমত হোৱা জনজাগৰণ তথা আন্দোলনক বুজোৱা হয়৷ সদৌ অসম গণ সংগ্ৰাম পৰিষদত সদৌ অসম…