Anyayug Contributor স্ৰোতস্বিনী তামুলী

সাত বছৰে বলোৰাম

 স্ৰোতস্বিনী তামুলী            বলোৰাম ! … তেওঁৰ সমুখত বিশাল সেউজীয়া ধাননি৷ কাষতে চাহৰ কেটলিটো হাতত লৈ ৰৈ আছে তেওঁৰ জীয়ৰী ৰীমা৷ তাই একেথৰে চাই ৰৈছে মানুহজনৰ অসহায় কৰুণ মুখখনলৈ৷ তেওঁলোকৰ মূৰৰ ওপৰত প্ৰখৰ ৰ’দৰ তাপ৷ দহ পুৰা মাটিৰ ধান খেতি…

জোনফুলৰ নিশা আৰু মেখেলাৰ গল্প

স্ৰোতস্বিনী তামুলী                    মেল খাই থকা উপন্যাসখন বুকুতে লৈ তাই টোপনি গৈছে। টোপনি নহয় যেন তাই টাইম মেচিনৰ অনন্ত শয্যাত উঠি হুগাওং উপত্যকা পাইছেহি। গোষ্ঠীজীৱন – হঠাৎ সেনাৰ অপাৰেচনত ভূমিত চিটিকি পৰা জৰায়ু।…

দ্য লেণ্ড অৱ্ ঝাৰিচ্

স্ৰোতস্বিনী তামুলী                 ধীৰ গতিত নামি অহা উৰাজাহাজৰ সৰু খিৰিকীখনেৰে দেখিবলৈ পাইছিলোঁ শুকান সৰু সৰু শিলৰ পাহাৰবোৰ। ঠাইখন সেউজীয়া নাছিল। বৰঞ্চ শুকান ৰঙা আৱেশ এটাইহে যেন ঠাইখনক আৱৰি ৰাখিছে।              …

ফা-ঘুণ

স্ৰোতস্বিনী তামুলী যোছেফ মাৰাকৰ কটা যোৱা ভৰিখনত শুকান পাতৰ খৰমৰণি   বাঘজানৰ মানুহবোৰৰ চকুত শিমলুৰ ৰঙা   মোৰ মূৰৰ ওপৰত ফটফটীয়া নীলাতকৈও নীলা আকাশ   এয়া মোৰ ফাগুন তলসৰা! পূৰ্বৱৰ্তী পৃষ্ঠা পৰৱৰ্তী পৃষ্ঠা PRINT

স্বৰ্গ স্বৰ্গাৰোহণ

 স্ৰোতস্বিনী তামুলী          পৃথিৱীখনে বৈদুৰ্য মণি হেন বৰণ লৈছিল, দেখি এনে লাগিছিল যেন সমুখৰ পথাৰ, খেৰেৰে সজা কলহৰ মুখখনেৰে টেলেকা-টেলেক চকুৰ ছোঁবোৰ, ধূলিময় গোবাটবোৰ আৰু আনকি দূৰৈৰ সৰু সৰু ঘৰবোৰো এক নীলা নিচাত বুৰিবলৈ ধৰিছে। ক্ৰমশঃ ধূসৰ হৈ পৰিছে সকলো।…

এটা মাল্টি কালাৰ্ড গল্প

 স্ৰোতস্বিনী তামুলী ওখ বিল্ডিংটোৰ চাদৰ পৰা ধমহকৈ সৰি পৰিল সি— চিঞৰ এটা বনফৰিং হৈ উৰা মাৰিল। তাৰ হাত-ভৰিকেইটাই মাটিক লেহন কৰিছে। মাটিৰ চেঁচা কেঁচা-কেঁচা গোন্ধটোত সি সাৰ পালে। অসহ্য লাগিল তাৰ। গেট লষ্ট!— নালাগে আৰু আহিব আজিৰ পৰা তুমি। তোমাৰ প্ৰয়োজন শেষ। এই…

থেকেৰা ফুলৰ কলি

স্ৰোতস্বিনী তামুলী মদনৰ দোকানৰ সমুখত বাইকখন থৈ নয়নে ইংগিতেৰে চিগাৰেট এটা বিচাৰিলে। আঙুলিকেইটাৰে জপৰা চুলিবোৰ ঠিক কৰি কৰি সি নিজৰ ভিতৰৰ অস্থিৰতাখিনিক নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰিলে। ছাৰ্টটো ঠিকে আছেনে? কিবা এক ক্ষণিক সচেতনতাৰে সি পিছলৈ হাত দুখন নি অনুমান কৰিবলৈ…

আইতাৰ চশ্‌মা (শিশু অনুবাদ গল্প)

 মূল ৰচনা: ৰাস্কিন বণ্ডে অনুবাদ: স্ৰোতস্বিনী তামুলী অংকন: বৰ্ণিল মহন্ত আইতাকে দূৰৈৰ নৈখনৰ কল্‌ কল্ শব্দ শুনা পাইছিল, ভৰিৰ তলুৱাত পাইন গছৰ বেজীৰ দৰে পাতবোৰৰ উমান পাইছিল, তেওঁ তেওঁৰ নাতি ল’ৰা মণিৰ  উপস্থিতি অনুভৱ কৰিছিল। কিন্তু তেওঁ নদীখন অথবা গছবোৰক দেখা নাপাইছিল, আনকি মণিকো।…

ফট’গ্ৰাফ

মূল: ৰাস্কিন বণ্ডঅনুবাদ: স্ৰোতস্বিনী তামুলী অংকন: বৰ্ণিল মহন্ত মই তেতিয়া দহ বছৰীয়া আছিলোঁ। মোৰ আইতা এদিন আম গছজোপাৰ তলৰ সৰু বিছনাখনতে বহি আছিল। সেয়া আছিল গৰমকালিৰ শেষভাগৰ সময়— সূৰ্যমুখী ফুলবোৰ বাগিচাত ফুলি আছিল আৰু চৌপাশে গৰম গৰম বতাহ বলিছিল। আইতাই জাৰৰ…