Anyayug Contributor প্ৰশান্ত মিশ্ৰ

পল এলুৱাৰ্দৰ কবিতা

অনুবাদ : প্ৰশান্ত মিশ্ৰ [কবি পৰিচয় : এগৰাকী প্ৰখ্যাত ফৰাচী কবি (১৮৯৫-১৯৫২)আৰু ফ্ৰান্সৰ অধিবাস্তৱবাদী (Surrealism) আন্দোলনৰ অন্যতম পৃষ্ঠপোষক। দ্বিতীয় মহাযুদ্ধৰ সময়ত নাজীবাদ বিৰোধী কবিতাৰ যোগেদি সমগ্ৰ বিশ্বত খ্যাতি লাভ কৰে।]  পাঁচটা হাইকু  ইংৰাজী অনুবাদ: জন হেইজ অসমীয়া অনুবাদ: প্ৰশান্ত মিশ্ৰ …

হেৰোৱা আঙুঠি

প্ৰশান্ত মিশ্ৰ   গভীৰ এন্ধাৰে আবৰি ধৰা চাহ গছজোপাৰ তলতেই হীৰাৰ দৰে জিলিকি‌ আছিল তাইৰ হেৰোৱা আঙুঠিটো   আঙুঠিটো আগুৰি আছিল এটা ক’লা ৰঙৰ সাপে   সিদিনা ৰাতি তাইৰ প্ৰেমিকৰ তেজহাগনি হৈ মৃত্যু হৈছিল   তাইৰ দৃঢ় বিশ্বাস আঙুঠিটো হেৰুৱাই…

মানৱ গ্ৰহাণুবোৰ

প্ৰশান্ত মিশ্ৰ মানৱ গ্ৰহাণুবোৰে এদিন আমাক গিলি থ’ব। কাৰ বাবে আকাশ মুকলি আছিল  আছিল মেঘৰ দ্যুতি পথাৰৰ পৰা ঘূৰি অহাৰ পথত আঁহত গছৰ ছাঁ; নৈৰ চেঁচা পৰশ হাবিয়নিৰ এন্ধাৰৰ ভীতি  পাহাৰৰ স্থিতপ্ৰজ্ঞ চাৱনি  তধা লাগি চাইছিল ডোঙাত ভাহি যোৱা মাছবোৰে…

এটা পুথিভঁৰালৰ মৃত্যু

 মূল (ইংৰাজী) : ৱেল্ডন কীজ (Weldon Kees, ২৪ ফেব্ৰুৱাৰি, ১৯১৪- ১৮ জুলাই, ১৯৫৫ ) অনুবাদ : প্ৰশান্ত মিশ্ৰ যেতিয়া কয়লা জ্বলোৱা শেষ হ’ল, আমি  এখন এখনকৈ কিতাপবোৰ পুৰিবলৈ আৰম্ভ কৰিলোঁ; প্ৰথমেই বুলৱাৰ-লিটনৰ ৰচনাৱলী আৰু তাৰ পাছত ৱাল্টাৰ স্কট কিতাপবোৰে আমাক…

দুটা কবিতা

প্ৰশান্ত মিশ্ৰ ১. শত্ৰু-মিত্ৰ    পণ্ডিতৰ সভাত মূৰ্খৰ কাম শত্ৰুতা   শত্ৰু- মিত্ৰনো কোন কোনেও নাজানে   মনুষ্য জীৱনত সকলোৱে হাঁহিব বিচাৰে পিছে সৌভাগ্যশালীনো কোন আটায়ে কেৱল কান্দে   অসূয়া এৰি মিত্ৰতাৰ পথলৈ আহাঁ তুমিও পণ্ডিত নিজৰ জগতত।   ২.…

অমৰত্ব

মূল (ইংৰাজী) : ক্লেৰ হাৰ্ণাৰ অসমীয়া অনুবাদ : প্ৰশান্ত মিশ্ৰ মোৰ শ্মশান ঘাটত ৰৈ উচুপি নাথাকিবা  মই তাত নাথাকোঁ মই মৃত্যুঞ্জয় মই সহস্ৰ বতাহ  বলি থাকোঁ মই সেই হীৰা  বৰফত উজলি থাকোঁ মই  পকা ধাননিৰ ওপৰত  বেলিৰ কিৰণ মই ফাগুনৰ …

পুৱাৰ জলপান

মূল (ফৰাচী) : ঝাক প্ৰেভে’ৰ (Jackoes Prevert)  অনুবাদ : প্ৰশান্ত মিশ্ৰ  (এলাষ্টেইৰ কেম্পবেলে কৰা ইংৰাজী অনুবাদৰপৰা) পিয়লাটোত তেওঁ অকণমান ক‘ফি ল‘লে ক‘ফিৰ পিয়লাটোত তেওঁ গাখীৰ বাকিলে গাখীৰমিহলি ক‘ফি পিয়লাত  তেওঁ চেনি মিহলালে ক‘ফিৰ পিয়লাটোৰ মিশ্ৰণখিনি তেওঁ সৰু চামোচ এখনেৰে লৰাই…

আধুনিক প্ৰযুক্তি আৰু আমি

প্ৰশান্ত মিশ্ৰ                 আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি মূল্যবোধৰ পৃথিৱীলৈ ধাৱমান হৈছোঁ নেকি?প্ৰশ্নদুটা মনলৈ আহিছিল টেলিভিচনক যথাৰ্থতেই “মুৰ্খৰ বাকছ” আখ্যা দিয়া অভিধাটোৰ পৰা। এতিয়া জনপ্ৰিয় টক চ’ সমূহৰ…

সৃষ্টি নে স্ৰষ্টা : এটা অমীমাংসিত প্ৰশ্ন আৰু সৃষ্টিৰ ধাৰাবাহিকতা

প্ৰশান্ত মিশ্ৰ      ৰাতিপুৱা শুই উঠি বাথৰূমত গা ধুবলৈ সোমাই গীজাৰৰ চুইচ্ছ দিওঁতে আমাৰ মনলৈ নাহে, আনকি তাৰ পাছতো, কোনে, বিজ্ঞানৰ কি নীতি বা তত্ত্বৰ  আধাৰত যন্ত্ৰটি আৱিষ্কাৰ কৰিছিল! একেই কথা কাপোৰ ধোৱা মেচিন অথবা বৈদ্যুতিক ইস্ত্ৰি ব্যৱহাৰ কৰোঁতেও।…

জীৱনৰ ভৰশূন্যতাৰ বেদনা : ননী বৰপূজাৰীৰ শিল্পকৰ্মৰ মাজত আনন্দৰ সন্ধান

 প্ৰশান্ত মিশ্ৰ     জীৱনৰ ভৰশূন্যতাৰ অসহনীয় বেদনাৰ অন্ধকাৰৰ মাজত হয়তো কলাই আমাৰ বাবে কঢ়িয়াই আনে আনন্দৰ এচেৰেঙা ৰ’দ!কবিয়ে অৱশ্যে কয়- “কাৰ ইমান গৰজ যে মোক ৰ’দ আনি দিব/ সহজ হ’ব মোৰ কাতৰ উশাহ (হীৰেন ভট্টাচাৰ্য)!”কিন্তু তেওঁৰ কাব্য পাঠেই আমাৰ…