প্ৰসাধন
কৌস্তুভমণি শইকীয়া দত্ত কথাবোৰ দেখাত ৰংচঙীয়া হ’লেওআচলতে বিমূৰ্ত।মনটোৱেই সকলো—মনে ৰং সানিলে শৰীৰ হৈ পৰে কেনভাচ। আঙুলিয়ে কুণ্ডলি পকাই মেৰাই ধৰে পছোৱাকআৰু মই ওঁঠত সানো পলাশৰ ৰং। প্ৰসাধন মোৰ মুখা নহয়একান্তই আত্ম-বিস্তাৰ—যি আছিল মোৰ তাতে যোগ হয়আৰু অকণমান চকুতআৰু অকণমান ওঁঠতআৰু অকণমান…