Anyayug Contributor আকাশ দীপ্ত ঠাকুৰ

নয়নতৰা

আকাশ দীপ্ত ঠাকুৰ             “সেইখন পথিৱী বেলেগ সীমান্ত৷ আমি ভাবি লোৱা, মানে আমাৰ হাতৰ মুঠিত থকা এই পৃথিৱীখনৰ দৰে নহয়৷ যিমানেই আমি চেষ্টা নকৰোঁ কিয়, সকলো কেৱল অথলে যাব৷ আমি দুয়ো কাকো কোনো কথাই বুজাব নোৱাৰোঁ৷ আৰু…মই…; মই নিজৰ…

অদাহ্য

 আকাশ দীপ্ত ঠাকুৰ          জুইকুৰা হোলাটোৰ সিপাৰে বেছিকৈ জ্বলিছিল৷ এইপাৰে উমি উমি জ্বলিবলৈ আৰম্ভ কৰা জুইকুৰা হোলাটোৰ সিপাৰলৈ বিয়পি পৰোঁতে বৰ কম সময় লৈছিল৷ দুয়োপাৰৰ দুখন গাঁও ধোঁৱাময় হৈ পৰিছিল৷        জুই জ্বলিলেতো ধোঁৱা ওলাবই– সেয়া সাধাৰণ কথা৷ ক’ৰবাত…

ত্ৰিশংকু

 আকাশ দীপ্ত ঠাকুৰ          “হাতত আচলতে খুচুৰা টকা সমূলি নাই বুজিছা৷ জি-পে কৰিব পাৰিম নেকি?”–কওঁ-নকওঁকৈ কথাষাৰ কৈ মই পকেটৰপৰা মোবাইলটো উলিয়াব খুজিলোঁ৷ ভিতৰি ভিতৰি কিবা এটা যেন…মই বৰ অসহজ অনুভৱ কৰিছোঁ৷ নিজৰ আসনত মই বহি আছোঁ আৰু মোৰ সন্মুখত,…

এৰাল

 আকাশ দীপ্ত ঠাকুৰ   কথাবোৰত লেকাম লগাব পাৰিলে ভাল টানি দিলেই কথাবোৰ হৈ পৰিব পাৰে মুখ বাগৰা একো একোটা গান   কথাবোৰত এৰাল দিবলৈ টান জাৰণিত চৰি ফুৰে মুকলিমূৰীয়াকৈ গা-ভাৰী হয় কথাবোৰ   বুজিবই নোৱাৰোঁ–জাৰণি নে জৰণি   সময়ে এৰাল…

আশা

 আকাশ দীপ্ত ঠাকুৰ          মাইনীয়ে প্লেটফৰ্মৰ ওপৰৰ ফালে ৰঙা হৈ জিলিকি থকা ফলকখনলৈ চাই আছিল৷ সময় কিমান হৈছে তাতে নিৰ্দেশ কৰা থাকে৷ পুৱা ঠিক ছয় বাজি একচল্লিছ মিনিট হোৱাৰ লগে লগে ক’ৰবাৰপৰা কিবা এটা ঘোষণা কৰাৰ দৰে শব্দ শুনিবলৈ…

অনসূয়া

 আকাশ দীপ্ত ঠাকুৰ          ‘‘আহাঁ আহাঁ, এই অলপ আগতে তোমাৰ লেখাটোৰ বিষয়ে লগৰখিনিৰ সৈতে কথা পাতি আছিলোঁ বুজিছা; মানে আজিৰ কাগজত ওলোৱা সেই লেখাটো৷ বৰ ভাল লাগিল হে৷”–হঠাৎ মোক দেখি ভাস্কৰদা যেন কিছু উচ্ছ্বসিত হৈ উঠিল– “আমি আকৌ প্ৰতিদিনে…

কবিৰ সংজ্ঞা

 আকাশ দীপ্ত ঠাকুৰ   কবিতা বুলিলেই হ’ব পাৰে প্ৰতিবাদী নহ’লে নহয় কবি, হয় বেতনভোগী অথবা হিতাধিকাৰী শোভনীয় নহয় কবিৰ অনুভৱত ফুল-তৰা-গান মাতত ভাঙিব লাগিব দাঁত আহক বা নাহক এসাজ ভোকৰ ভাত   কবিৰ হাতৰ মোনাত পাচলি-মাছ বেতনৰ দোষ, দোষ কবিতাৰ…

কাদম্বিনী

 আকাশ দীপ্ত ঠাকুৰ          কাচৰ দুৱাৰখনৰ এটা অংশ ঠেলা মাৰি সোমাই আহোঁতেই মনলৈ এটা অস্বস্তিকৰ অনুভৱ আহে; ইতিমধ্যে সোমাই থকা মানুহখিনিৰ দুই-একে চায়– নতুনকৈনো কোন সোমাল৷ এই যে অস্বস্তিৰ ধাৰণাটো… যেন বৃহৎ সুসজ্জিত ৰভাৰে সৈতে বিয়াঘৰ এখনৰ ওচৰ পোৱাৰ লগে লগে…

ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ কেইটিমান নাৰী চৰিত্ৰৰ মনোজগতত এটি আলোকপাত

আকাশ দীপ্ত ঠাকুৰ প্ৰস্তাৱনা :     অসমীয়া সাহিত্যৰ জগতখনত স্বকীয় বৰঙণিৰে এক সুবিশাল মহাসমুদ্ৰৰ ৰূপত নিজৰ পৰিসৰ বিস্তৃত কৰি ৰখা ড° ভবেন্দ্ৰ নাথ শইকীয়াৰ নিৰ্বাচিত কিছু গদ্যৰ কেইটিমান উল্লেখযোগ্য নাৰী চৰিত্ৰৰ মানসিক ভিন্নসুৰি‍তাৰ সম্পৰ্কত নিজা ধাৰণাৰে এটি বিশ্লে‍ষণ আগ বঢ়াবলৈ…

ছায়াকল্প (৫)

 আকাশ দীপ্ত ঠাকুৰ   (‘ছায়াকল্প’ শীৰ্ষক কবিতাৰ এটি শিতান ‘অন্যযুগ’ৰ পাততে আৰম্ভ কৰিছিলোঁ৷ চাৰিটা খণ্ডৰ প্ৰতিটোতে ভিন্নসুৰী তিনিটাকৈ স্তৱক আছিল৷ বহু দিনৰ বিৰতিৰ পাছত পুনৰ সেই ধাৰাটোৰে তিনিটা স্তৱক লিখিবলৈ হেঁপাহ জন্মিল৷)   (১) জীৱন জলাশয়   আৰুনো কিমান পানী…!…