Category Manual Review Needed

বাট

পঙ্কজ প্রতিম বৰদলৈ   (১)      পুৰুষোত্তমে‍ খিৰি‍কীৰে‍ বাহিৰলৈ চালে। ব্যস্ত চহৰখনৰ ব্যস্ত ৰাজপথটো বহু দূৰলৈকে‍ দেখা যায়। দিনত এই ৰাজপথটো অতি ব্যস্ত হৈ থাকে। তাতে ওচৰতে য়ুনিভাৰ্ছি‍‍টিখন থকা বাবে সকলো সময়তে প্রাণচঞ্চল হৈ থাকে ঠাইখিনি। এতিয়া নিমাওমাও৷ মাজৰাতি চহৰখন শুইছে, লগতে বাটটোও। খিৰিকীৰে‍ দেখা ষ্ট্ৰীটলাইট দুটাৰ পোহৰ আহঁতজোপাত পৰিছে। আহঁতজোপা নির্বিকাৰ।…

বৃক্ষ মানৱ

পাপৰি বৰ্মন মাষ্টৰনীয়ে‍ মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুলত ব্যস্ত নাথাকে নেকি আজিকালি? নে বৌ, দাদাকো ফেইচবুক আৰু ৱাটছ্‌এপে পালে?’’ ‘‘নহয় অ’, থাকে। আগেয়ে দিনটো স্কুলত, তাৰ পৰা আহি টিউশ্যন এটা কৰি আজৰি সময়ত বাগিচাতে…

মাদলি

পৰিস্মিতা বৰদলৈ জেঠৰ ৰ’দে খাওঁ খাওঁ মূৰ্তি ধৰি যেন সত্যৱতীক এফালৰ পৰা গিলিহে থ’ব। গোটেই মানুহজনী পকা থেকেৰাটোৰ দৰে হৈ পৰিছে। কপালত লৈ থকা সেন্দূৰৰ ফোঁটটো ঘামে ধুৱাই নাকৰ সোঁমাজেৰে বোৱাই দিছে এটি খীণকায় ৰঙা সুঁতি। পিঠিটো ঘামে জিপ্‌জিপীয়া কৰি তোলাত পিন্ধি থকা…

সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী অংকন: বৰ্ণিল মহন্ত (যোৱা সংখ্যাৰ পাছৰ অংশ) পাছদিনা৷     বেলি নৌ ওলাওঁতেই বৰতলত সমাগম আৰম্ভ হ’লেই৷ গোটেইখন একেবাৰে উদুলি মুদুলি৷ আটাইৰে মনবোৰ উথপথপ৷ সেউজপুৰৰ একেবাৰে থিয় হ’ব নোৱৰা বুঢ়া-বুঢ়ী আৰু নৰিয়াত ভুগি থকা জীৱ-জন্তুকেইজনৰ বাহিৰে প্ৰায় সকলোৱেই ৰাজ্যৰ…

ফুলদানীৰ ফুল

যুগল লোচন দাস লহ্‌পহীয়াকৈ বাঢ়ি আহিছিল ফুলৰ পুলিটো।  এটি–দুটিকৈ পাহ মেলি কলিকেইটায়ো হাঁহিব বিচাৰিছিল। কিন্তু ভাল আব্‌দাৰ নোপোৱাত নিশকতীয়া হৈ পৰিল পুলিটো। সেউজবুলীয়া কোমল পাতলৈ নামি আহিল অকাল বাৰ্ধক্য। প্ৰকট হৈ পৰিল শুকান সিৰাবোৰ। এজনী মৰমলগা  ছোৱালীৰ প্ৰতি লৈ থকা…

মাস্ক্: এক প্ৰেমকথা

নৱজিৎ চেলেং আজি প্ৰায় বত্ৰিছ বছৰৰ পাছত মই প্ৰভাৱতীৰ মুখামুখি হৈছোঁ। প্ৰায় নহয়, বছৰৰ হিচাপত সম্পূৰ্ণ বত্ৰিছ বছৰেই হ’ল। মই মনতে গণি চালোঁ। মানে… ইমানখিনি সময়ত আমাৰ তৃতীয় প্ৰজন্মই এই পৃথিৱীত খোজ দিব পৰাকৈ মাজত আৰু এছোৱা দীঘলীয়া সময়! নাই,…

পঢ়ুৱৈৰ মতামত

’অন্যযুগ’-ৰ আগষ্ট সংখ্যাত সঞ্জীৱ সভাপণ্ডিতদেৱৰ লিখাটিৰ সৈতে আমি আৰু এটি কথা যোগ দিব খুজোঁ  যে বৰ্তমান অসমৰ নতুন প্রজন্মই কম দিনতে ধনী হোৱাৰ বাবে চেষ্টা নকৰি পৰিশ্ৰম কৰি উন্নতি কৰিবলৈ চেষ্টা কৰিব লাগে। নিজকে নিবনুৱা বুলি গণ্য নকৰি হকে–বিহকে আন্দোলনৰ…

প্ৰকৃতি‍

দাদুল দেৱকৃষ্ণ (যোৱা সংখ্যাৰ পিছৰ অংশ)  পুৱাৰ চাহৰ পিয়লাটো আৰু বাতৰি কাকতখন নহ’লে দিনটোৰ আৰম্ভণি উকা উকা লাগে। চাহৰ পিয়লাটো হাতত লৈ বনানিৰ দেউতাকে বাতৰি কাকতখনৰ শিৰোনামবোৰত চকু ফুৰায়। দুই–এটা গুৰুত্বপূৰ্ণ বাতৰি পঢ়ি বাকীখিনি পাছত পঢ়িবলৈ বুলি এৰে। আজি পুৱাও…