Category গল্প

অনুৰণন

 ড০ ৰমেশ চন্দ্ৰ গোস্বামী মৰমৰ পোনাকণ, মৰম ল’বাহঁক৷ আশাকৰোঁ বোৱাৰী আৰু কণমানিজনীৰ সৈতে কুশলে আছা৷ তোমাৰ পৰা ভালেমান দিন একো খবৰ পোৱা নাই৷ বিয়াৰ পাছৰ পৰাই তোমাৰ চিঠি-পত্ৰও কমকৈ আহে, ফোনোচোন কমকৈ আহে! পাঁচ-ছমাহ ধৰি ফোন এটা নাহিলে মোৰ যেন-তেন,…

সাগৰ দেখিছা

 যশোৱন্ত নিপুণ   ‘সাগৰ দেখিছা?’  পলাশে চকীখনত বহি সুধিছিল৷ ‘দেখা নাই কেতিয়াও৷’ সোণালীয়ে উত্তৰ দিছিল৷ ‘ময়ো দেখা নাই। শুনিছোঁ তথাপি, সাগৰ হেনো নীলা, নীলা, নীলা!’ কপিলে কৈছিল৷ অলপ ৰৈ আকৌ যোগ দিছিল, ‘আৰু ইয়াৰ পৰা আধা ঘণ্টাৰ বাট।’ তাৰ কবিতাৰ শাৰীবোৰ…

মা

 ক্ষিপ্ৰকল্প গগৈ   প্ৰশান্ত ছাৰে স্কুলত খচ্‌খচকৈ কিবা লিখি দিয়া কাগজৰ টুকুৰাটো অমলে চিধাই আহি মাকৰ হাতত দিলেহি। কেলেই? ছাৰৰ ৰঙা ৰঙা চকু দুটাই তেওঁ পিন্ধি থকা চশমাযোৰৰ ওপৰত বহিলৈ অমলৰ ফালে চাই তাক ধম্‌কিয়াই উঠা নাছিল জানো—“চিধাই গৈ মাৰক…

ইন্দ্ৰৰ দেশত মহাকাশচাৰী

 চিত্তৰঞ্জন ওজা   ৰাতিপুৱাই কীৰ্তনঘৰৰ কাষৰ হাটীকেইটাত হাহাকাৰ লাগিল। স্বয়ং মহকুমাধিপতি আহিছে ছয় পইছাৰ গাজাৰ ঘৰ বিচাৰি। চাহাবে হয়তো ভাবিছিল সন্মুখত ফুলনি বাগিচাৰ স’তে দুই-তিনি মহলীয়া বিল্ডিং হ’ব। পিছে কথা ওলোটাহে। দলাহাটীৰ পৰা কীৰ্ত্তনঘৰলৈ যোৱা পথত ইনোভা গাড়ীখনৰ পৰা নামি…

হেমাহি

 স্বপ্না দত্ত ভৰালী   প্ৰতিখন ঠাইতে একোজন জনাৰ্দন বৰুৱা থাকে৷ যেনেদৰে প্ৰতিখন চহৰতে চাগৈ একোগৰাকী  কনিকা ভূঞা থাকে৷ আচলতে প্ৰতিজন জনাৰ্দন বৰুৱা নতুবা  কনিকা ভূঞাহঁতৰ স্বভাৱ চৰিত্ৰবোৰ একেটা ৰাগীতে বন্ধা থাকে৷ প্ৰকৃত চৰিত্ৰ মুখাৰ আঁৰত ঢাকি আৰু কিমাননো থাকিব! সময়ত…

জীৱন বিচাৰি

 পাপৰি গোস্বামী   মোৰ মনত আছে, প্ৰথমবাৰৰ বাবে যেতিয়া মই এইখন চহৰলৈ আহিছিলোঁ, বৰ্তমানৰ দৰে চাৰিওফালে বিশাল বিশাল অট্টালিকাবোৰ নাছিল৷ অৱশ্যেই, দুই-তিনি মহলীয়া কেবাটাও  ঘৰ নিৰ্মিয়মান অৱস্থাত আছিল৷  অটোচালকজনে আমি কোৱা মতে নিৰ্দিষ্ট ঠিকনালৈ লৈ আহিছিল৷  পুৰণি কাঠৰ  দুমহলীয়া ঘৰটোৱেই…

কৌশল

 পৰিস্মিতা বৰদলৈ   : ক-ফলাৰ প্ৰথম দহটা বৰ্ণৰে এটা গল্প লিখিব পাৰিবি? : সেইটো আকৌ কেনেকুৱা কথা? : পাৰিবি নে নাই তাকে ক৷ কেনেকুৱা, যেনেকুৱা সেইবোৰ বাদ দে৷ : ৰচোন৷ লিখিম বুলিলেই গল্প লিখিব নোৱাৰি৷ তাতে আকৌ তই নিয়ম বান্ধি…

লংবুই পৰ্বত, লাং-ইক্‌ পি আৰু কাজেক আইৰ উৰণীয়া সাধু

 ৰত্না ভৰালী তালুকদাৰ (তৰুণ গল্পকাৰ জুৰি বৰুৱাৰ হাতত)   লানি নিছিগা সপোন আৰু সাধুকথাৰ আলি-মুলিতে কাজেক ৰংফাৰপিৰ বাস৷ সেয়েহে যেতিয়া  সপোনতে ধুনীয়াকৈ পিনি-পে’কক পিন্ধি লংবুই পৰ্বতৰ ওপৰেদি তেওঁৰ দেহলাওটো সৰগলৈ লৈ যাবলৈ বুঢ়ীমাই আহিল, তেতিয়া দুৱাৰ-বাগৰি লংৰি নামৰ কাৰ্বি গোষ্ঠীয়ে বাস…

ছাইৰঙী আকাশ

 কাব্যশ্ৰী মহন্ত   উপ ৰাষ্ট্ৰপতি উপস্থিত থাকিব উদ্বোধনী অনুষ্ঠানত৷ সেয়েহে নিৰাপত্তা অতি কটকটীয়া৷ নৱনীতাই হেণ্ডবেগৰ ভিতৰত লৈ অহা সৰু পাৰ্চটোও আনিবলৈ দিয়া নাই৷ নতুন দিল্লীৰ বিজ্ঞান ভৱনত নৱনীতাই আগতেও মিটিং কৰিছে৷ ইমান কটকটীয়া নিৰাপত্তা দেখা নাছিল৷ চৌহদৰ বাহিৰত ৰাস্তাৰ কিনাৰত…

ৰাগ বাহাৰ আৰু এখন কথা কোৱা কেনভাছ

 তৃপ্তি বৰা     সৰু কোঠাটো, বিছনাখন আৰু এখন চাৰিকোণীয়া আকাশ! মাজে মাজে চুকৰ সৌ লঠঙা গছজোপাৰ ডাল এটাৰ পৰা বেলিটো লুটুপকৈ সৰি পৰে, কেতিয়া কোন সময়ত সৰে মোৰ খেয়ালেই নাথাকে আজিকালি৷ তাৰ পাছত গোটেইখন আন্ধাৰ হৈ পৰে৷ কেতিয়াবা জোনৰ…