Category গল্প

হন্যমানে শৰীৰে

 পৰী পাৰবীন   সন্মুখৰ ঘৰৰ জংঘল হৈ পৰা বাগিচাখনৰ পৰা পোক-পতংগৰ সমস্বৰৰ কোলাহল ভাহি আহিছে৷ নিগনি খোৱা সৰীসৃপ এটাই আগলি বাঁহেৰে তললৈ নামি আহি গছৰ খোৰোঙত সোমাই পৰিল৷ পৰাণে বেলকনিৰ টাবকেইটালৈ চালে৷ বগা ভেঁটফুলৰ পাহিবোৰ পানী পাই সতেজ হৈ উঠিছে৷…

বিৰিঞ্চি কুমাৰ বৰুৱাৰ কথা-সাহিত্যত অসমীয়া গ্ৰাম্যজীৱনৰ কথকতা

কিশোৰ দাস কোঁৱৰ  অসমীয়া কথা-সাহিত্যক সমৃদ্ধ কৰি তোলা কথাশিল্পীসকলৰ ভিতৰত ড০ বিৰিঞ্চি কুমাৰ বৰুৱাৰ নাম বিশেষভাৱে উল্লেখযোগ্য৷ প্ৰাক্ স্বাধীনতা কালৰেপৰা স্বাধীনতা লাভৰ পৰৱৰ্তী সময়লৈকে অৰ্থাৎ ৰামধেনু যুগলৈকে যি কেইগৰাকী কথাশিল্পীয়ে অসমীয়া সাহিত্যক এক বিশেষ মাত্ৰা প্ৰদান কৰিছিল সেইকলৰ ভিতৰত অসমীয়া…

ভোমোৰা আৰু গুবৰুৱা

 ক্ষিপ্ৰকল্প গগৈ   এদিন এটা গুবৰুৱাই গোবৰ খুঁচৰি আছিল। তেনেতে সি তাৰ কাষেদি ক’ৰবালৈ উৰি যোৱা এটা ভোমোৰাক দেখা পালে। ভোমোৰাটোক দেখি গুবৰুৱাই মাত লগালে, “হেৰা ভোমোৰা ককাই, কোনফালেনো ওলালা ভোঁ–ভোঁৱাই?” ভোমোৰাই উত্তৰ দিলে, “মই ফুলৰ মৌ খাবলৈ যাওঁ।” গুবৰুৱাই আচৰিত হৈ সুধিলে, “ইনো…

বাট

 জিণ্টু দত্ত   বাটটো তেনেকৈয়ে পৰি থাকে৷ নিমাতে-নিতালে, নিৰ্জন-নিস্তব্ধ হৈ৷ আলকতৰা দি মসৃণ হৈ থকা বাটটো ক’লা সৰীসৃপ এটাই গাটো ভাঁজ লৈ পৰি থকাৰ দৰে নিৰৱে থৰ হৈ যেন পৰি থাকে৷ সেই তেনেদৰেই নিঃশব্দে পৰি থাকোঁতে নিজান দুপৰীয়া এটাত ক’ৰবাৰ পৰা অহা হেঁটুলুকা…

নিবৃত্তি

 বেদান্ত নাথ   : অকলশৰীয়া ছোৱালী এজনীৰ ওচৰত মতা‌ মানুহ এজন অনবৰতে সোমাই থকাটো‌ ভাল নেদেখি৷ এইটো‌‌ এটা ৰেছিডেনশ্বিয়েল এৰিয়া৷ কাষৰ মানুহবোৰেও কথাটো‌ মন কৰিছে৷  ঘৰৰ মালিকৰ ধীৰ অথচ বজ্ৰ কঠিন কথাকেইটাই বিদিশাৰ কাণত‌ যেন‌ গৰম লোহাহে ঢালি দিলে৷ তীব্ৰ অপমান আৰু লাজত তাই‌ যেন সেই মুহূর্ততে…

ঐকিক

 অংগনা ভট্টাচাৰ্য্য (ঔ)  ইতিমধ্যে মাজ নিশা পাৰ হৈ গৈছে৷ তথাপি স্বায়ন্তিনীৰ দুচকুত টোপনিৰ চিন-চাব নাই৷ তাই জানে, এনেকৈয়ে আৰু দুঘণ্টামান পাৰ হৈ যাব৷ তাৰ পাছত লাহেকৈ তাইৰ মূৰটো ঘুৰোৱা যেন লাগিব৷ চকু দুটা পুৰিবলৈ আৰম্ভ কৰিব৷ তেতিয়া তায়ো সংসাৰৰ সমস্ত…

ৰেডিঅ’ তৰংগৰ আঁৰে আঁৰে

 ড০  স্মৃতিমালা শৰ্মা   গুৱাহাটী মহানগৰীৰ মাজ মজিয়াত, ব্যস্ত ৰাজপথ আৰু আকাশলংঘী অট্টালিকাবোৰৰ মাজত এটা সৰু ৰেডিঅ’ ষ্টেচন। ৰেডিঅ’ ষ্টেচনটোৰ চাৰিওফালে কংক্ৰিটৰ সুউচ্চ দেৱালৰ পৰিসীমাৰ ভিতৰত আছে এখন সৰু কিন্তু সজীৱ পৃথিৱী। ইয়াতেই প্ৰতিদিনে সৃষ্টি হয় শব্দৰ  মায়াজাল আৰু ৰেডিঅ’ তৰংগৰ মাজেৰে গতি কৰি সেই শব্দই সন্মোহিত…

শিৱৰাত্ৰি

 অসীম তালুকদাৰ   শিৱৰাত্ৰিৰ দিনা ৰাতিপুৱাৰে পৰা এই মন্দিৰটো লোকে লোকাৰণ্য হৈ পৰে৷ এইবাৰো পৰম্পৰাৰ ব্যতিক্ৰম হোৱা নাই৷ ওচৰৰ মানুহৰ কথা ক’বই নালাগে; দূৰ-দূৰণিৰ পৰাও আজি শিৱৰাত্ৰিৰ পৱিত্ৰ দিনটোত ভগৱান শিৱৰ আশিস বিচাৰি মানুহে ভিৰ কৰিছেহি৷ পূৰ্বতে এই ঠাইত আহোমৰ শাসন…

ত্ৰিভূজ নক্ষত্ৰ

মাধুৰ্য্য গোস্বামী দিনটোৰ সমস্ত কোলাহল— বিভিন্ন পোক-পতংগৰ আৰাও, ফোঁ-ফোঁৱাই বলি থকা বতাহত মচ্‌মচ্‌কৈ উঠা চেগুন পাত, ভতুৱা কুকুৰৰ মাত, ছাগলীৰ বেবনি, আধা মাইল দূৰৰ ৰাস্তাৰপৰা পথাৰৰ মাজৰ বতাহখিনিক মহতিয়াই অনা অসংখ্য গাড়ী-মটৰৰ শব্দক আওকাণ কৰি অভ্ৰনীল নিজে এটা স্বয়ংসম্পূৰ্ণ শব্দ হ’ল৷…

দৈনন্দিন

 অংগনা চৌধুৰী দৈনন্দিন – ১ এলাৰ্মটো বজাৰ লগে লগে তাই জাপ মাৰি উঠিল৷ খিৰিকী খুলি দেখে বাহিৰত তেতিয়াও ভালদৰে পোহৰহোৱাই নাই৷ চৰাই-চিৰিকতিৰ খিচিৰ-মিচিৰ মাত আৰু শীতল বতাহ বাহিৰত অথচ সেয়া উপভোগ কৰিবলৈ তাইৰতো আৰু হাতত সময় নাই৷ ভাললগা পুৱাবোৰ কিমান…