হন্যমানে শৰীৰে
পৰী পাৰবীন সন্মুখৰ ঘৰৰ জংঘল হৈ পৰা বাগিচাখনৰ পৰা পোক-পতংগৰ সমস্বৰৰ কোলাহল ভাহি আহিছে৷ নিগনি খোৱা সৰীসৃপ এটাই আগলি বাঁহেৰে তললৈ নামি আহি গছৰ খোৰোঙত সোমাই পৰিল৷ পৰাণে বেলকনিৰ টাবকেইটালৈ চালে৷ বগা ভেঁটফুলৰ পাহিবোৰ পানী পাই সতেজ হৈ উঠিছে৷…