Category গল্প

অৰ্কৰ পৰীবন্ধু

মূল গল্পকাৰ : অমিত কুমাৰ কুণ্ড ( বাংলাদেশ) অসমীয়া ভাষান্তৰ : মিণ্টুল হাজৰিকা (লেখক পৰিচয় : ১৯৮৪ চনৰ ২৫ অক্টোবৰ তাৰিখে বাংলাদেশৰ ঝিনাইদহ জিলাৰ মহেশপুৰত জনপ্ৰিয় শিশু সাহিত্যিক অমিত কুমাৰ কুণ্ডুৰ জন্ম হৈছিল। দেউতাকৰ নাম অমল কুমাৰ কুণ্ডু আৰু মাকৰ…

মাংৰা ওৰাং

নীলোৎপল বৰুৱা     মাংৰা বুঢ়াই ৰাজনীতি এৰি দিলে। এৰি দিলে মানে একদম এৰি দিলে। চফা। সন্ন্যাস। শেষবাৰৰ বাবে কমিউনিষ্ট পাৰ্টিত যোগ দিছিল। বেয়াকৈ ঠগি দিলে মাংৰাক। সেইটোৱেই প্ৰত্যক্ষ ৰাজনীতিত মাংৰা বুঢ়াৰ শেষ দিন আছিল। কমিউনিষ্টবিলাকৰ বিশ্বাসঘাতকতা মাংৰা বুঢ়াই সহ্য…

ৰূপান্তৰৰ দস্তাবেজ

 ৰুমী লস্কৰ বৰা পথটো নিঃসাৰ৷ এনেয়ে হ’লে আজিকালি গাঁৱৰ ভিতৰৰ পথো বিভিন্ন মডেলৰ বাইক, গাড়ীয়ে সৰব কৰি ৰাখে৷ মাজে মাজে পুলিচৰ একোখন গাড়ী৷ তাই গাঁৱৰ ভিতৰৰ ৰাজপথ পাৰ হৈ নৈখনৰ পাৰ পালেহি৷ নৈখনো স্থবিৰ৷ একালত তাই এই নৈখনত সমনীয়াৰ সৈতে…

অৰূপ কুমাৰ নাথৰ গল্প- ধানমালিতা বনমালিতাৰ আলোচনা

ড০ দীপমণি দাস মাটিৰ গোন্ধ থকা আৰু সামাজিক বাৰ্তা থকা সাহিত্যৰ প্ৰতি পাঠকৰ অনুৰাগ স্থায়ী হয়। ছেপ্টেম্বৰ মাহৰ ‘সাতসৰী’ত প্ৰকাশিত ‘ধানমালিতা বনমালিতা’ তেনে এটা গল্প। গল্পকাৰ অৰূপ কুমাৰ নাথ সাম্প্ৰতিক কালৰ ছিৰিয়াছ অসমীয়া গল্পকাৰসকলৰ ভিতৰত এজন। অসমীয়া লোকজীৱনৰ, কৃষিজীৱি মানুহৰ আত্মা…

মেকবেথ

 শিৱানন্দ কাকতি একেবোৰ কথাকে সকলো দিশৰ পৰা বাৰে বাৰে শুনি শুনি দেখি দেখি সকলোৰে লগতে কথাবোৰো ভৱেনৰ প্ৰায়ে মুখস্থ হৈ গৈছে৷ কোনটো শাৰীৰ পাছত কি শাৰী, কোনটো শব্দৰ পাছত কোনটো শব্দ, ইটো শব্দৰ লগত আনটো শব্দৰ কিমান বিৰতি– প’জ এই…

খোজবোৰ

 অব্যক্ত নিৰ্বাণ ৰাজখোৱা         এয়া কি! লাহে লাহে মোৰ এনে ভাব হৈছে যেন মই মৃতপ্ৰায় হৈ পৰিছোঁ৷ কিন্তু মোৰ দুখ লগা নাই কিয়? মই আকৌ সেই সেউজীয়া পথাৰবোৰত বহিবলৈ নাপাম, বৰফৰ পুতলা সাজিবলৈ নাপাম, নৈত বৰশী বাবলৈ নাপাম? অৱশ্যে…

জুই ৰঙৰ বেনাৰসী শাড়ী

 মূল : সমীৰ ৰক্ষিত (বাংলা)অসমীয়া অনুবাদ : কুমুদ ঘোষ জয়া একেবাৰে একোৱেই নজনা বা নুবুজা ছোৱালী নহয় যে লাজত মৰহি যাব৷ স্থিৰ, নিশ্চল তাইৰ দেহভংগী৷ হাতত জুই ৰঙৰ বেনাৰসীখন লৈ থিয় হৈয়েই জগতে মিচিক-মাচাককৈ হাঁহিলে; প্ৰকাশ্যে নহয়, মনতে ক’লে, ‘‘তোমাক আজি মই…

অসুৰনাশিনী

ৰঞ্জু শৰ্মা বিজয়া দশমীৰ নিশা, শেষ প্রহৰ। জিলিপোকৰ সমবেত আৰাৱে চৌপাশে মৃদু কোলাহলৰ বাদে বাকী সকলো নিমাত, নিস্তব্ধ। ঠিক যেন কইনাক বিদায় দিয়াৰ পাছৰ এখন উদং ৰভাতলী। অবিশ্রান্ত পৰিশ্রমৰ অন্তত কিছু ভাগৰুৱা, অপেক্ষাবিহীন অথচ প্রশান্তিৰে তৃপ্ত। কিছু পৰ আগলৈকে শংখ,…

টিটিৰ নতুন অভিজ্ঞতা

 নৱনীতা ভট্টাচাৰ্য্য শৰতৰ আগমনৰ লগে লগে সূৰ্যৰ ৰশ্মি হেলনীয়া হৈ পৰাত টিটিয়ে‍ও কিছু সকাহ পালে৷ অৱশ্যে এতিয়াও সি মুকলিমূৰীয়াকৈ ওলাই যাবলৈ দ্বিধাবোধ কৰে যদিও সময় সুযোগ বিচাৰি ওলাই যাব পৰা হ’ল। দিনৰ ভাগত নহ’লেও সি আজিকালি পাছবেলা প্ৰায়ে বাহিৰলৈ ওলাই…

সাগৰ বৈভৱ

 তৃপ্তি বৰা সাগৰৰ বিশালতা জুখিব পৰাকৈ দুচকুৰ ধৃষ্টতা নাই বুলি জানিও ঋতমে বিশাল আৰব সাগৰখনৰ পাৰত ৰৈ সাগৰৰ সীমনালৈ চাই পঠিয়ালে। অথচ সি জানে, এয়া যে বৃথা প্ৰয়াস। কথাটো ভাবি হাঁহি উঠি গ’ল তাৰ নিজৰে। বিশালতা জানো জুখিব পাৰি! আচলতে…