Category গল্প

অসমীয়া কল্পবিজ্ঞান সাহিত্যলৈ শান্তনু তামূলীৰ অৱদান আৰু বিশেষ চাৰিটা কল্পবিজ্ঞান গল্পৰ পৰ্যালোচনা

 আকাশ দীপ্ত ঠাকুৰ               ‘কল্পবিজ্ঞান গল্প’ৰ নিৰ্দিষ্ট সংজ্ঞা কি হ’ব পাৰে– এই সম্পৰ্কে বিশ্বসাহিত্যৰ প্ৰতি দৃষ্টি নিক্ষেপ কৰিলে সময়ে সময়ে বৰেণ্য লেখকসকলৰো বিভিন্নজনে বিভিন্ন মত দিয়া পৰিলক্ষিত হয়৷ ‘বিজ্ঞান-কাহিনী’ৰ এগৰাকী পণ্ডিত তথা বিশেষজ্ঞৰূপে অভিহিত কৰিব পৰা আইজাক আছিমভে এইদৰে কয়–“…Realistic…

টক্-শ্ব’

ভাস্কৰ ভূঞা আবেলি চ্ছেনেলৰ সংখ্যা টিপিলোঁ৷ ৯৪৫২৷  ক্ষন্তেক পাছতে ‘বেহৰবাৰী আউটপোষ্ট’ আৰম্ভ হ’ব৷ ছিৰিয়েলখনে ইতিমধ্যেই ৰাইজৰ বুকুত সাঁচ বহুৱাইছে৷  ব্যক্তি মাত্ৰেই নিজৰ ব্যঙ্গ জীৱনটো অভিনয়ৰ মাজেৰে চাই ভাল পায়৷ আনে কৰা চৰিত্ৰত চিকুটি চাব পাৰি নিজক৷ নিজৰ ভুলবোৰ আঁৰ লৈ…

নৱ আলোকৰ উন্মেষ

 অজিত ছিংনাৰ কথাৰ গুৰুত্ব বুজি সোনকালে আলোচনা এটা কৰিবৰ বাবে ছাৰকুৰুৱে ছাৰ্থে, মনছিং আৰু ছাৰবুৰাক নিজৰ পথাৰৰ কাষতে থকা কঁঠালজোপাৰ গুৰিত বহিবলৈ মাতিলে৷ কথাটো আলোচনা কৰি এটা সিদ্ধান্ত এতিয়াই লোৱাৰ মানস কৰিছে ছাৰকুৰুৱে৷ ইয়াত ছাৰ্থেহঁতৰ মতামত নিতান্তই প্ৰয়োজন৷ কোৰখন পথাৰতে…

মৰীচিকা

ভাস্কৰ জ্যোতি বৰুৱা         পাত্ৰটোৰ তলিত জুইৰ শিখা কমাই ৰখা হৈছে। ভিতৰৰ পানীখিনিত উপঙি থকা সেউজীয়া ভেকুলীটোৰ দৈহিক ভাষাই কয়— অনাগত বিপদ সম্পৰ্কে তাৰ সমূলি ধাৰণা নাই। কুহুমীয়া উষ্ণতাক যেন সি উপভোগহে কৰিছে। মূৰ্খ ক’ৰবাৰ। উষ্ণতা ঊৰ্ধ্বগামী। বঢ়িয়া!…

এখন চুক্তিপত্ৰ আৰু দুটা হস্তাক্ষৰ

পৰিস্মিতা বৰদলৈ কলচীয়া বৰণ লোৱা পানীখিনিৰ সৈতে তাইৰ চুলিৰ কজলা বৰণ মিলি এক অনন্য ৰঙৰ উৎপত্তি হৈছে৷ তাইৰ দুচকুত প্ৰতিবিম্বিত হৈছে নীলা আকাশ আৰু সমগ্ৰ পৰিৱেশটোৰ পৰিপাৰ্শ্ব৷ মাটিৰ ওপৰলৈকে শিপা ওলাই থকা গছজোপাৰ গাত ভেজা দি আছে তাই৷ তাইৰ মেলা চুলিটাৰি, তাই আউঁজি থকা…

দা ডিজাইনাৰ বেবী

মিনাৰা হুছেইন অত্যাধুনিক পৰীক্ষাগাৰত সকলো ব্যস্ত। চি চি আৰ ফাইভ CC নামৰ জিনটোৰ ওপৰত শেষ পৰ্যায়ৰ পৰীক্ষা চলাই থকা হৈছে। এইচ্ছ আই ভি পজিটিভ শুক্ৰাণু আৰু ডিম্বাণু দুটাৰ মিলন ঘটাই সৃষ্টি কৰা ভ্ৰুণৰ ওপৰত পৰীক্ষা চলি আছে। এইচ্ছ আই ভি পজিটিভ্ মাক-দেউতাকৰ পৰা…

এখন খিৰিকীৰ গল্প

মূল : হাৰুকি মুৰাকামিগল্প সংকলন :  The Elephant Vanishesগল্প :  A Windowইংৰাজী অনুবাদ : জয় ৰুবিনঅসমীয়া অনুবাদ : বিদ্যুৎ বিকাশ শৰ্মা হাৰুকি মুৰাকামি  শুভেচ্ছা ল’ব। এটা এটা দিন পাৰ হৈ গৈছে মানে শীতৰ ঠেঁটুৱৈ লগা ভাৱটো ক্ৰমে কমি আহিছে। কোমল…

পৰিধি

ময়ূৰী কাকতি         (And her only thirty-one.) I can’t help it, she said, pulling a long face,           It’s them pills I took, to bring it off, she said.                                  – A…

অধীশ্বৰ

নীলোৎপল বৰুৱা অধীশ্বৰ শব্দটো আপেক্ষিক। যদিও ই মালিকক নিৰ্দেশ কৰে, তথাপিও অধীশ্বৰ শব্দটোৰ সৈতে এটা নিৰ্দিষ্ট  ভুখণ্ডৰ কথা নাহে। নাহে কৰ-কাটল। নতুবা টেকেলা, কটকী…   লুটুকলাও অধীশ্বৰ আছিল। বাদশ্বাহ নতুবা ৰজা নহয়, অধীশ্বৰ অধীশ্বৰ। লুটুকলা কাল আৰু কালাতীতৰ বায়ৱীয় চেতনাৰ…

মৰুভূমিত ডবা খেল

লোপামুদ্ৰা ভট্টাচাৰ্য ভড্‌কাৰ গ্লাছটো লৈ তাই আৰামী চকীখনত অলসভাৱে বহি পৰিছে৷ ভীষণভাৱে ভাগৰুৱা তাই৷ তাই কোনোপধ্যে আজি Party লৈ যাব নোৱাৰে৷ ৰীট্‌চে বেয়া পালেও তাই নোৱাৰে৷ আচলতে তাইৰ কিবা এটা হৈছে৷ সদায় এই পাৰ্টিবোৰ আৰু তাৰ পিছৰ শৰীৰৰ খেলাবোৰ দেখোন…