Category কবিতা

পুষ্পক ৰথৰ দৰে

হেমচন্দ্ৰ কছাৰী  কালজয়ী কোনো নহয় তুমিও ক্ৰমান্বয়ে পুৰণি হৈ গৈয়ে আছাসেইবুলি হাত বাগৰিবলৈ নিদিওঁ দিয়াতুমি জানানে নাজানা নাজানোপুৰণিয়েই যে বহুতৰে জীয়াই থকাৰ প্ৰেৰণা অকপটে কওঁ— তুমি মোৰ মৰমৰভালদৰেই বুজি পাওঁ— ভোক আৰু যাতনা তোমাৰ সঁচাকৈ, ক’লৈ ক’লৈ যে যোৱা নাই আমিওখোৰা মোখোৰা, বোকা…

সম্পাদকলৈ চিঠি

 ‘এক আচৰিত সৌভাগ্য’ পঢ়ি জুন মাহৰ ‘অন্যযুগ’-ত সঞ্জীৱ সভাপণ্ডিতৰ ‘এক আচৰিত সৌভাগ্য’ এটা অৰ্থপূৰ্ণ কবিতা, এটা প্ৰেৰণাময় গান, এক ভাবোদ্দীপক বক্তব্য৷ লেখাটো পঢ়ি অভিভূত হৈ লেখকক ধন্যবাদ জনাবলৈ বিচাৰিছোঁ৷ তেখেতৰ লেখাটো পঢ়াৰ পাছত কথাখিনিয়ে মনটো খুন্দিয়াই থাকোঁতে ঘৰৰ বাহিৰলৈ ওলাই আহিবলগা হ’ল— ক’ভিড-১৯-ৰ বিপৰ্যস্ত সময়ত সহায়ৰ…

মোৰ নীলা কুকুৰা

মূল :  এন গ্ৰে ভাবানুবাদ :  যশোৱন্ত নিপুণ মই মোৰ নীলা কুকুৰাজনীক এটা গান শুনাওঁ ৷ মই তাইৰ ডেউকা দুখন মোৰ গাত মেৰিয়াই লওঁ ৷ শিয়ালটোৱে তাইৰ প্ৰেমিকক ভক্ষণ কৰিছিল, মনে মনে ৰুক্ষ  ঘাঁহবোৰৰ মাজেদি, বৰষুণে ধোৱা আকাশেৰে আহি ৷…

হাতী বনাম পৰুৱা

 ঋষভ নাথ   তুলাচনীৰ এফালে এটা হাতী আনফালে এটা পৰুৱা তুলি দি উকীলে ক’লে – চাওক এতিয়া মহাশয় হাতী মাৰিলে যিমান ডাঙৰ অপৰাধ হয় পৰুৱা মাৰিলে তিমান কেতিয়াও নহয়   হাতীয়ে এটা জীৱনলৈ আহোঁতে সময় লয় অতি কমেও ছশ ষাঠি…

বয়ন পৰ্ব

  মদাৰজ্যোতি নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয় যে দুৰ্যোধন যঁতৰৰ নিৰ্দেশনাত উঘা দুঃশাসনে টানিয়েই থাকিব   উঘায়ো সপোন দেখে বোৱনীৰ চানেকীৰ ফুলেৰে ৰঙা পোহৰ লেখে   নেচা সূতা মেৰিওৱা চেৰেকী দ্ৰৌপদী নহয় যে দুৰ্যোধন যঁতৰৰ আদেশত মহুৰা কণিষ্ঠ-দুঃশাসনে টানিয়েই থাকিব…

ডাফ’ডিলবোৰ

মূল: Daffodils (William Wordsworth) ভাবান্তৰ : পাৰ্থপ্ৰতিম ৰাজকোঁৱৰ ডাৱৰৰ দৰে অকলশৰে মই ফুৰিছিলোঁ ভ্ৰমি সুউচ্চ পাহাৰ আৰু উপত্যকাৰ ওপৰেৰে ওপঙি, আৰু তেনেতেই হঠাৎ দেখা পাইছিলোঁ এটা ভিৰ জাকৰুৱা এজাক সোণালী ডাফ’ডিলৰ; হ্ৰদৰ দাঁতিত আৰু ছাঁ দিয়া গছৰ ছায়াত, কঁপি কঁপি নাচিছিল…

উলাহেৰে উভতি চাওঁ: ১৫

 ড° পোনা মহন্ত ‘কাৰেংঘৰ’ সাজিছিলোঁ… কবি বিনন্দচন্দ্ৰ বৰুৱাৰ ‘গড়গাঁও গড়গাঁও, কথা শুনি তল যাওঁ’ কবিতাটো পঢ়াৰ অনেক বছৰৰ আগতেই মোৰ গড়গাঁৱলৈ যোৱা আৰু আহোম স্বৰ্গদেউসকলৰ কাৰেংঘৰত উঠাৰ সৌভাগ্য হৈছিল৷ সৰুতে নাজিৰা নগৰৰপৰা পাঁচমাইলমান দূৰত থকা মামাহঁতৰ ঘৰলৈ খোজকাঢ়ি বাট চমুৱাই…

নিৰৱচ্ছিন্নতা

(মূল: Continuities, ৱাল্ট হুইটমেন) অনুবাদ: উচ্চজিৎ দশগিৰি কোনো বাস্তৱ কেতিয়াও নেহেৰায় অথবা হেৰাব নোৱাৰে কোনো চিন্তা, নেহেৰায় কোনো জন্ম-পৰিচয়, নেহেৰায় শকতি, নেহেৰায় জীৱন মনে ঢুকি পোৱা কোনো স্বৰূপো নেহেৰায়, নাইবা নেহেৰায় এই বিশ্বৰ দৃশ্যমান একো সত্তা। আকৃতিবোৰত ভোল নাযাবা, নাইবা ৰূপান্তৰণৰ জগতেৰে বিভ্ৰান্ত হ’বলৈ…

চিয়ো কিটাহাৰাৰ কবিতা

মূল (জাপানী) : চিয়ো কিটাহাৰা ভাষান্তৰ: গীতুমণি তালুকদাৰ   (১) তলাৰ নাই   ধ্বংসও হ’ব পাৰে শেষ পৰিণতি আন্ধাৰত লুকুৱাই ৰখা চক্‌মকীয়া চাবিটোৰ সাৱধানেৰে ভিতৰলৈ খোঁচোতে কিছু সৰু সৰু অংশ সিঁচৰতি হৈ পৰে   ভিতৰলৈ সোমা   মাত এটাই চিঞৰে   লুটি খাই…

জীৱন, বাঘচোৰ ইত্যাদি

লুইত কিৰণ দাস   ‘‘আই ঐ খালে ঐ খালে গৰুটোক বাঘে নিলে…’’ বাঘ খেদিবলৈ গৈ নাপালে বাঘ নাপালে গৰু তাইক পলুৱাই নি নৈপাৰত নতুন এটা চৰু।   সেই দিনা আছিল শনিবাৰ ৷ হালখটি৷ সেইদিনা আছিল অসম বন্ধ। হাজিৰাত ঘাটি৷ সেইদিনা আছিল চ’তৰ শেষৰ ৰাতি। প্ৰেমে নামানে জাতি।   ঠৰ্‌…