Category উপন্যাস/ধাৰাবাহিক

ধেৱাই ধোৱা ধৰণী

  অজিত ছিংনাৰ (ন) ৰহা থানাখনৰ কাষতে দোকান খুলি বহিছে ঢাকিয়াল নৰেশ চৌহানে৷ দোকানৰ কাষতে এটা ঘৰ নিৰ্মাণ কৰি সি তাতে থাকে৷ চৰকাৰে নতুন কৰনীতি আৰু কিছুমান ব্যৱস্থা নতুনকৈ লাগু কৰা বাবে কিছুমান ব্যৱসায়ত ধৰিবলৈ ভাল হৈছে৷ সি চৰকাৰী কানি…

মহাবৃত্ত

  মৃদুল শৰ্মা ২০ দুৰ্যোধন৷ জন্মৰ পৰৱৰ্তী সময়ত জ্যোতিষশাস্ত্ৰীয়ে মোৰ নাম ৰাখিছিল সুযোধন৷ শ্ৰদ্ধেয় পিতৃদেৱ আৰু মাতৃদেৱীয়ে মোক এই নামেৰেই মাতি আহিছে৷ পিতামহ ভীষ্ময়ো জীৱনৰ গৰিষ্ঠকাল এই নামেৰেই মোক মাতিছিল৷ কিন্তু জীৱনৰ কোনোবা এটা দিৱসত কোনোবা গোপন প্ৰতিদ্বন্দ্বীয়ে মোৰ নামৰ…

ধেবাই ধোৱা ধৰণী

অজিত ছিংনাৰ (সাত)        ডাঙৰ জলাহখনৰ পাৰে পাৰে আহি কপিলী পাৰৰ ভেলৌগুৰি গাঁৱত তেমেকা আৰু কেৰ্পাই উপস্থিত হ’ল৷ বাট বুলিবলৈ প্ৰায় নায়েই৷ বসতি পাতল বাবে মানুহৰ আহযাহো কম৷ ভেলৌগুৰি গাঁওখন কৈৱৰ্ত মানুহৰে ভৰা৷ সৰু গাঁও৷ মানুহ ছঘৰমানহে আছে৷ এনেবোৰ…

মলেঁয়া

দাদুল দেৱকৃষ্ণ বৰুৱা (১৯) পুৱাই চিঞৰ-বাখৰ লাগিল। ষ্টেপানে তেতিয়াও শোৱাপাটী এৰাই নাই। ঘৰৰ মূধচত মলেঁয়াই চিঞৰ-বাখৰ কৰাত ততাতৈয়াকৈ বিছনাৰ পৰা নামি একেকোবে চোতাল পালেহি ষ্টেপান। ঘৰৰ মূধচলৈ চালে তেওঁ। নিজৰ বাহৰ পৰা ওলাই মলেঁয়াই ঠোঁটখন জোকাৰি জোকাৰি চিঞৰি আছে। তাইৰ…

ৰ’দে-বৰষুণে ইমান যে গান

লোকনাথ গোস্বামী               (৩য় অধ্যায়)   (১)   মোৰ ওপজা গাঁওখন  দ বেছেৰীয়া যদিও, দ গাঁও নামেহে  মানুহৰ মাজত বেচিকৈ পৰিচিত আছিল৷ আমাৰ চৌপাশৰ বৃহৎ অঞ্চল বেছেৰীয়াক ’পুখুৰীয়া’ আৰু বামবেছেৰীয়াক  ’বামগাঁও’ বুলিহে জানিছিলো৷ বেছেৰীয়া নাম ক’ৰ পৰা কেনেকৈ আহিল আজিও…

ধেৱাই ধোৱা ধৰণী

  অজিত ছিংনাৰ (ছয়)  তেমেকাহঁঁতৰ গাঁওখনৰ পৰা উত্তৰ ফালে কলং নদীখন পশ্চিমৰ পৰা পূবলৈ বৈ গৈছে৷ এই শীতকালত কলঙৰ পানী ভালেখিনি কম, মাজত এবুকুমানহে পানী থাকে, ঠায়ে ঠায়ে খোজ কাঢ়ি পাৰ হ’ব পাৰি৷ কলঙৰ পাৰতে গৰখীয়াবোৰে ভোগালী বিহুৰ মেজি সাজিছে৷…

মহাবৃত্ত

 মৃদুল শৰ্মা ১৬ বিদূৰ৷ হস্তিনাপুৰৰ মহাৰাণী গান্ধাৰীৰ দাসী পৰিশ্ৰমী৷ বৰ্ণত শূদ্ৰ৷ আৰু জন্মসূত্ৰে শূদ্ৰ হোৱা বাবেই তেওঁৰ প্ৰকৃত নামটো কালক্ৰমত নিশ্চিহ্ন হৈ পৰিছিল৷ তেওঁৰ পৰিচয় হৈছিল শূদ্ৰী৷ মই বিদূৰ সেই দাসী শূদ্ৰীৰে পুত্ৰ৷ কুৰুবংশৰ ইতিহাসৰ কোনোবা এক অনাকাংক্ষিত ক্ষণত কাৰোবাৰ…

মহাবৃত্ত

 মৃদুল শৰ্মা ১৩ কুন্তী৷ সত্য কি নাজানো৷ কিন্তু শুনিবলৈ পাইছোঁ যে মই আছিলোঁ মথুৰাৰ মহাৰাজ শূৰসেনৰ কন্যা৷ অষ্ট যাদৱৰ প্ৰধান মহাৰাজ শূৰসেনে তেওঁৰ বন্ধু কুন্তীভোজ নিঃসন্তান হোৱা বাবে কুন্তীক শিশু অৱস্থাতে কুন্তীভোজৰ হাতত অৰ্পণ কৰিছিল৷ গতিকে প্ৰকৃতাৰ্থত কুন্তীভোজ আছিল মোৰ…

ধেৱাই ধোৱা ধৰণী

অজিত ছিংনাৰ  (৫) কলঙৰ পাৰে পাৰে এটা লুংলুঙীয়া বাট৷ ডাঠ হাবিৰ মাজেৰে যোৱা বাটটোৰে গৈ আছে তেমেকা আৰু কেৰ্পাই৷ সিহঁতৰ গাত একোটাকৈ বনিয়ন, কঁকালত কপাহী কাপোৰৰ চুৰিয়া আৰু হাতত একোখনকৈ দা, কান্ধত একোটাকৈ মোনাও আছে৷ কিছুদূৰ যোৱাৰ পাছতে সিহঁত এটুকুৰা…

মলেঁয়া

  দাদুল দেৱকৃষ্ণ বৰুৱা (১৭) মলেঁয়াৰ জীৱনলৈ যে সংগীৰ আগমন ঘটিছে, সেই কথা খুব কম দিনতে চৌপাশে বিয়পি পৰিল। খবৰ পোৱাৰ লগে লগে ইজন সিজনকৈ দৈনিক ভালে সংখ্যক লোক আহিবলৈ ধৰিলে ষ্টেপানৰ ঘৰলৈ। ষ্টেপানৰ চোতালত ৰৈ ঘৰৰ মূধচত বাহটোৰ কাষত…