sdblogs2011

sdblogs2011

জিক্‌মিক্‌ জিক্‌মিক্‌ আকাশৰ তৰা…

 অভিজিত শর্মা বৰুৱা ৰাতিৰ আকাশখনে সেই তাহানি কালৰে পৰা এতিয়ালৈকে মানুহক আকর্ষণ কৰি আহিছে। ৰাতি আকাশত জিক্‌মিক্‌ কৰি থকা তৰাবোৰে মুগ্ধ কৰিব নোৱৰা লোক, বিশেষকৈ শিশু, নাই বুলিবই পাৰি। তৰাবোৰ ঐতিহাসিকভাৱে‍ পৃথিবীৰ সকলো সভ্যতাৰ ক্ষেত্রত বেছ গুৰুত্বপূর্ণ হিচাপে বিবেচিত হৈ আহিছে। প্রাচীন…

ছন পৰা মাটি‍

মূল কবিতা :   The Waste Land কবি : টি.এছ. এলিয়টঅনুবাদ : ড° দীপশিখা ভাগৱতীসলিল সমাধি (Death by Water) সেই ফণিছিয়াৰ নাৱিক ফেলবচ্ , এক মৃত পক্ষ, বিস্মৰণত জাহ যোৱা পানীচিলনীৰ ক্ৰন্দন, ওফন্দি অহা গভীৰ সমুদ্ৰ আৰু লাভ আৰু লোকচানৰ অংক৷ সমুদ্ৰগৰ্ভৰ এক প্ৰৱাহে গুণগুণনিৰ…

শিশুচিত্ৰ আৰু শিশুৰ বাবে অঁকা চিত্ৰ

দেৱকৃষ্ণ বৰুৱা         শিশু এটিয়ে সাধাৰণতে তিনি বছৰমান বয়সৰ পৰাই কিতাপ, বহী, ঘৰৰ বেৰ, আচবাব আদিত আঁক-বাক কৰিবলৈ লয়৷ এইটো প্ৰায় সকলো শিশুৰে এটা সাধাৰণ আৰু স্বাভাৱিক প্ৰবৃত্তি৷ সেয়ে ৩ বছৰৰ পৰা ১০ বছৰ বয়সৰ ল’ৰা-ছোৱালীয়ে স্বাভাৱিক প্ৰবৃত্তিৰে নিজৰ…

বিশ্বৰ শ্ৰেষ্ঠ দহোটা শিশু কবিতা

অনুবাদ: ড০ প্ৰাণজিৎ বৰা       ইংলেণ্ড, আমেৰিকা, অষ্ট্ৰেলিয়া, দক্ষিণ আফ্ৰিকা আদি বহু দেশতে ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰা লোক আছে। আমাৰ নতুন পাঠকসকলৰ উদ্দেশ্যে ইংলেণ্ড আৰু আমেৰিকাৰ দহজন বিশ্বপ্ৰসিদ্ধ কবিৰ দহোটা কবিতাৰ সৰল অনুবাদ আগ বঢ়োৱা হ’ল।  (-সম্পাদনা কক্ষ, অন্যযুগ)…

ভাৰসম অভিভাৱকত্ব

 ড° প্ৰাঞ্জল বুঢ়াগোহাঁই  সন্তান এটি তুলি-তালি ডাঙৰ-দীঘল কৰাটো আমাৰ মানুহে এতিয়াও ভাতৰ লগত পানী খোৱাৰ দৰে মামুলি কাম বুলিয়েই ভাবি আছে। সন্তান এটিৰ যতন ল’বৰ বাবে যে কিছু কথা শিকি ল’ব লগা থাকিব পাৰে আমাৰ মানুহে ভাবিবলৈকে টান পায়। আন…

সম্পাদকীয়

শিশুহঁতৰ বাবে কিছু চিন্তা এজন ব্যক্তি শিশু অৱস্থাৰ পৰাই ডাঙৰ হয়৷ পিছে ডাঙৰ হোৱা বুলি যিখিনি বয়সৰ পৰা বুজা যায় সেই বয়স প্ৰাপ্ত হোৱাৰ লগে লগে মানুহে শিশু অৱস্থাত নিজে উদ্‌যাপন কৰি অহা জীৱনটো যেন পাহৰি যায়৷ সম্ভৱতঃ সেয়েহে ব্যতিক্ৰমস্বৰূপে…

কবি ককাৰ কবিতা

জোনমণি দাস কাকতি গাঁৱৰ কমল ককাইকবিতা-চবিতা লিখে,দূৰবীণ লৈ ৰাতি দুপৰতোদূৰণিৰ তৰা লেখে।আঙুলিৰ মূৰত ঘনাই গণিঅলেখ-অযুত তৰা,কাকতি গাঁৱৰ ককাৰ নামটোকৃষ্ণ কমল বৰা।কবিতা লিখিও কবি নহ’লনেখায় কবি ভজা,বোৱাৰীপুৱা চাহৰ লগতসদায় লাগে গজা।গৰম গজা চোবাই ককাইপৰম মজা পায়,বাতৰি কাকত মেলি প্ৰথমেইৰাশিফলটোহে চায়।ককাৰ কবিতা…

ৰ’জীৰ দু:খ সুখ (শিশুগল্প)

ভৰত ৰাজখোৱা অংকন: বৰ্ণিল মহন্ত ৰ’জীৰ মনটো বেয়া৷ অকণো ভাল লগা নাই৷ কথাষাৰ তাই সৰু ভাইটি, নীলা, মণি, বৰমাক  আৰু বৰদেউতাকক কেইবাবাৰো ক’বলৈ চেষ্টা কৰিছে৷ কিন্তু তেওঁলোকে তাইক অকণো বুজিবলৈ চেষ্টা কৰা নাই৷ বৰকৈ আমনি কৰি থকা বুলি তাইকহে ধমকি দিছে৷ আজি দুপৰীয়া তাই ভাতেই…

সাগৰ

সমীৰণ হাজৰিকা নদীখনত পানী বাঢ়িয়েই আছে৷ মেচিন নাওখনত মানুহবোৰে ইস্–আস্ কৰি আছে৷ তাতে এজন ল’ৰাই মানুহে বেছিকৈ ভয় খুৱাকৈ হোৱাই-নোহোৱাই কথা কিছুমান কৈ আছে৷ এইবাৰ শেষ, কোনো বাচি নাথাকোঁ, আমাৰ নাওখনো বুৰিব৷ মোৰ খং উঠিছে, তথাপি নিজকে নিয়ন্ত্ৰণ কৰি আছোঁ৷  ইমান নিগেটিভ মনৰ মানুহ থাকেনে? দেখিছেই নাওখনত…

গগন চন্দ্ৰ অধিকাৰীৰ শিশু-সাহিত্য (বিশেষ লেখা)

ড° অসীম চুতীয়া এটি শিশুৱে এখন বিচিত্ৰ জগতত বাস কৰে৷ তাত  কল্পনাৰ পখী এটাই অনৱৰতে ডেউকা মেলি অনন্ত আকাশত উৰি ফুৰে৷ সেয়েহে শিশুৰ মনোজগতক বুজি পোৱাটো প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে প্ৰত্যাহ্বানমূলক কাম হিচাপে বিবেচিত হৈ আহিছে৷ প্ৰতিজন ব্যক্তিয়েই শিশুকাল এটা উদ্‌যাপন কৰিহে…