sdblogs2011

sdblogs2011

একুৱেৰিয়ামৰ মাছ

 ড° স্মৃতিমালা শৰ্মা     “হেপ্পি ফ্ৰেণ্ডশ্বিপ ডে ৷”  “মইতো তোমাৰ ফ্ৰেণ্ড নহয়। আমি কালিহে চিনাকি হৈছোঁ। মোক কিয় উইছ কৰিছা?”  আৰণ্যকৰ উত্তৰত থতমত খালে সুগন্ধিয়ে। ভদ্ৰতা বুলি কোনো কথাই নাই। এনেকুৱা অদ্ভুত মানুহো থাকেনে? বন্ধু হ’বলৈ কোনে কৈছে? শুভেচ্ছা…

বিমূৰ্ত মোৰ নিশাটি যেন…

অসীম তালুকদাৰ  কিছুমান বস্তুৰ কথা সহজে পাহৰিব নোৱাৰি৷ যেনে জীৱনৰ প্ৰথম ফোনটো৷ মই প্ৰথম ম’বাইল ফোন খুব সম্ভৱ ২০০১ বা ২০০২ চনত লৈছিলোঁ৷ সেই সময়ত মই ইঞ্জিনিয়াৰিং কলেজৰ অন্তিম বৰ্ষৰ ছাত্ৰ আছিলোঁ৷ সেই ন’কিয়া ফোনটো প্ৰথমবাৰ হাতত লৈ যিমান স্ফূৰ্তি…

অৰণ্যাৰ্ত

 ববিতা কলিতা   খবৰ পাইছেনে? মই হেনো মৰিছোঁ!  মোৰ মৃত্যুৰ সংবাদ মই নিজেই পঢ়িছোঁ৷ মৰিবৰ কাল জানো মোৰ হৈছিল? অকাল মৃত্যুৰ কথা দেখোন মোৰ সোঁৱৰণিতো লিখা নাছিল৷ তথাপি মই মৰি থাকিলোঁ৷ মোৰ অপূৰ্ণ আশাৰ অস্থিবোৰ সামৰি-সুতৰি মাটিৰ টেকেলি এটাত সুমুৱাই…

দুৱাৰ

 তৃপ্তি দাস আমাৰ ঘৰৰ মূল দুৱাৰখন কুন্দত কটা এজোপা বুঢ়া গছৰ পৰাই আৰম্ভ হয় – দুৱাৰখনৰ জীৱন যাত্ৰা বুঢ়াগছৰ কাঠৰ দাম বুঢ়ামানুহতকৈ বেছি ঘৰলৈ অহা আলহীৰ চকুদুটি পোনতে দুৱাৰখনত বহে তাৰ পাছত লাহে লাহে ভিতৰলৈ আহে বাটেৰে যোৱা মানুহে দেখনিয়াৰ…

এই যে বতৰ

বিপুল কুমাৰ দিহিঙীয়া গছ বাঢ়ে আকাশ ওখ হয়। ক্ৰমাৎ তথাপি সীমা এটা নথকা নহয়। (গছে যে আকাশ কাহানিও ঢুকি নাপায়গৈ) ক্ৰমশঃ শব্দ কমে সাগৰৰ ইটি পাৰ নোচোৱে মাজপথাৰত ওলমি ৰয় চং। শব্দ কিম্বা জোৱাৰত থৰকাচুটি হেৰুৱা মৰা শামুকত আমাৰ জীৱন…

গোলাপৰ দিনৰ দুটা কবিতা

ৰঙা গোলাপ ক’লা গোলাপ হৰেকৃষ্ণ ডেকা ৰঙা গোলাপ “Love thou the rose, yet leave it on its stem.’’ Edward G. Bulwer-Lytton. যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷কলোঁ, বৰষুণে লৈ আহক এই সাতো ৰং৷দেখাই নাছিলোঁ পাতৰ…

আঙঠি

কিশোৰ বড়ো   খটখটী বগাই গৈ আঠুটো গুজি থালখন থওঁতে আঙুলিত সোমাই আহিল এটা আঙঠি   কি আচৰিত আঙঠিৰ আকাশ আকাশখন আহি কপালত মেলিলে তাৰ মায়া ফুলি উঠিল জেঠীৰ মাত-ফুল (আঙঠিৰ আকাশ থাকেনে – এইবুলি বেলিয়ে সুধিলে যদি থাকেও –…

নিঃসংগতাত

ধ্ৰুৱকুমাৰ তালুকদাৰ ধূলিৰ তৰপবোৰ মচি আছোঁ- দুৱাৰখন বন্ধ কৰিবলৈ মন নাযায় হয়তো কোনোবা আহি ওলাব কেইটামান মহ মাখি হয়তো এজনী মেকুৰী… মকৰাৰ জালবোৰ চাৰিওফালে আছে মকৰাবোৰ নাই বিছনাৰ তলত ঘূণৰ গুড়ি ঘূণপোকবোৰ নেদেখোঁ- বাহিৰত ৰ’দ খেলাবোৰ চাই থাকোঁ বতাহ আৰু…

‘পদ্মশ্ৰী’ বঁটাপ্ৰাপক প্ৰথম অসমীয়া মিচিং মহিলাগৰাকী আৰু নেফা

ঋত্বিক পৰাশৰ   অসমৰ এগৰাকী  অন্যতম শিক্ষাবিদ,  মানৱদৰদী,  উচ্চশিক্ষিতা,  সৎ-সাহসী,  প্ৰচাৰ বিমুখ কৰ্মযোগী মহিলা, জীৱন যুঁজৰ এগৰাকী অপ্ৰতিদ্বন্দ্বী যোদ্ধা,  বিদূষী মহিলা হিচাপে পদ্মশ্ৰী ইন্দিৰা মিৰিৰ নাম ল’ব পাৰি৷ স্বৰাজোত্তৰ অসমৰ বিশিষ্ট শিক্ষাবিদ ইন্দিৰা মিৰিৰ আত্মকথা ‘মই আৰু নেফা’-ত তেখেতৰ কৰ্ম…

গুণোৎসৱত গুণমান নিৰ্ণয় হ’বনে?

 সত্যজিৎ গগৈ (লেখাটোৰ মতামত লেখকৰ ব্যক্তিগত। সম্পাদনা সমিতি এই মতৰ বাবে দায়ী নহয়।)        বিগত বছৰৰ দৰে এই বছৰো অসম চৰকাৰে বিদ্যালয়সমূহৰ মূল্যায়নৰ বাবে গুণোৎসৱ অনুষ্ঠিত কৰিছে।বিদ্যালয়সমূহেও খৰখেদাকৈ যি যেনেকৈ পাৰি এদিনৰ বাবে সাজু কৰিছে।যেনে ধৰক বিদ্যালয়খনৰ ঘৰ-বোৰ ৰঙীন…