তিনিটা কবিতা
হৰেকৃষ্ণ ডেকা (১) ৰাম আপোনাৰ ৰাম আৰু বাপুৰ ৰাম যদি একেজন হয়, মই বাপুৰ ৰামক ৰাম বুলি ক’ম আৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম৷ বাপুৰ ৰাম হৃদয়ত থাকে আৰু মৰ্যাদা-পুৰুষোত্তম হৈ বিৰাজ ক’ৰে৷ আপোনৰাম ওঁঠেৰে বাগৰে আৰু যন্ত্ৰেৰে ৰজনজনাই…
হৰেকৃষ্ণ ডেকা (১) ৰাম আপোনাৰ ৰাম আৰু বাপুৰ ৰাম যদি একেজন হয়, মই বাপুৰ ৰামক ৰাম বুলি ক’ম আৰু আপোনাৰ ৰামক আপোনৰাম বুলি ক’ম৷ বাপুৰ ৰাম হৃদয়ত থাকে আৰু মৰ্যাদা-পুৰুষোত্তম হৈ বিৰাজ ক’ৰে৷ আপোনৰাম ওঁঠেৰে বাগৰে আৰু যন্ত্ৰেৰে ৰজনজনাই…
হৰেকৃষ্ণ ডেকা মোৰ ঘৰৰ পদূলিৰ শেৱালিজোপা ফুলিছে ৷ মই দূৰত ৷ ইয়াত প্রৱাসৰ শৰৎ ৷ তাত পাতৰ ৰঙীন মদ। আজি কুঁৱলী পৰিছে। ইমান দূৰত, ইমান দূৰত! যোৱা বছৰ ঘৰত সৰা শেৱালীৰ গোন্ধ পাইছোঁ ৷ —- পূৰ্বৱৰ্তী…
হৰেকৃষ্ণ ডেকা কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ লঠঙা হৈ পৰা দেখিছিলোঁ৷ সৰাপাতে তল ভৰি আছিল৷ চকুত লাগিছিল হেলনীয়া বেলিৰ হালধীয়া পোহৰ৷ দোকমোকালিতে বতাহৰ সতেজ স্পর্শ পালোঁ৷ পথাৰলৈ ওলাই আহিলোঁ৷ দেখিলোঁ, সৰাপাতবোৰ এজাক ভাটৌ হৈ ক’ৰবালৈ উৰি গ’ল! কেৱল কল্পনাহে আছে৷…
হৰেকৃষ্ণ ডেকা পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে উৰুকাৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে আছা, সকলো আহা। গঞাৰ লগত তোমালোকেও এসাজ লগে-ভাগে খোৱা। উকমুক বিচাৰি নেযায় গঞাই…
হৰেকৃষ্ণ ডেকা কাইলৈ ফেঁহুজালি ফালি উভতি আহিলে বেলিটো বেলেগ হৈ আহিব নেকি ? দোকমোকালি বেলিটো ওলালে কওঁ এটা নতুন দিন ৷ কাইলৈ ক’ম নতুন বছৰ ৷ এটা পুৰণি বেলি এটা পুৰণি জোন এখন পুৰণি পৃথিৱী ৷ কিন্তু প্রতিটো দিনেই নতুন…
হৰেকৃষ্ণ ডেকা “Just when you think you know something, you have to look at in another way. Even though it may seem silly or wrong, you must try.” From the movie Dead Poet’s Society কালি গধূলি পথাৰৰ গছকেইজোপাৰ ডালবোৰ…
হৰেকৃষ্ণ ডেকা শূন্য পথাৰখনত বতাহে হাবাথুৰি খাই কি বিচাৰিছে? শস্য চপোৱা হ’ল৷ গুটিধানবোৰ ভঁৰালত৷ আউলি-বাউলি বতাহৰ বিননিত শুই থকা নৰাবোৰে চক খাই উঠি মূৰ তুলি চাইছে৷ বতাহৰ চকুপানী নিয়ৰ টোপাল হৈ সৰিছে আৰু নৰাবোৰ সেমেকা হৈ পৰিছে৷ বতাহৰ মুখত হাঁহি…
হৰেকৃষ্ণ ডেকা বাৰাণ্ডাতে বহি আছোঁ। বাতৰি কাকতত শব্দৰ মৰা-মৰি, কটা-কটি। কেৰ্কেটুৱা এটা ক্ষন্তেক ৰ’ল। মোলৈ চালে সি। আৰু খৰধৰকৈ নাৰিকলজোপাৰ ওপৰলৈ উঠি গ’ল। বাতৰি-কাকতত খেদা-খেদি, গ্ৰেপ্তাৰ। নাৰিকলজোপাৰ পৰা কিবা এটা পৰাৰ শব্দ হ’ল। কেৰ্কেটুৱাটোৱে কুমলীয়া ডাব এটা কুটিছে আৰু…
হৰেকৃষ্ণ ডেকা সপোন বেচা মানুহবোৰে সপোন বেচিবলৈ আহিছে। সপোনৰ পেৰাটো খুলি চাব নোৱাৰোঁ। সপোনবোৰ উৰি যাাব। তেওঁলোকে আমাক সপোনবোৰ পেৰাটোতে সাঁচি থবলৈ কৈছে। সাঁচি থলে হেনো সপোনবোৰ বাঢ়িব। পেৰাটো খুলি সাঁচতীয়া সম্পদ দেখুৱাবলৈ পাঁচ বছৰৰ মূৰত সপোনৰ বেপাৰীসকল আকৌ আহিব।…
হৰেকৃষ্ণ ডেকা পানীৰ টোপাল পানীৰ টোপালে সাগৰক ক’লে তুমি মাথোন মোৰ বিশালতা সাগৰে উত্তৰ বিচাৰি নাপালে মুহূৰ্ত মুহূৰ্তই সময়ক ক’লে তুমি মাথোন মোৰ অন্তহীন দৈৰ্ঘ্য সময় নৰ’ল মুহূৰ্ত তাত বিলীন হৈ গ’ল…