Anyayug Contributor হৰেকৃষ্ণ ডেকা

ভোগালী

 হৰেকৃষ্ণ ডেকা     পথাৰত গঞাই ভেলাঘৰ সাজিছে ৷ সকলোৱে ভোগালীৰ এসাজ লগে-ভাগে খাব ৷ পুৱা মেজিৰ তাপত ভিজা নৰানিৰ চেঁচাৰ লগতে মনৰ চেঁচাবোৰ উৰুৱাই দিব ৷ দিহিঙে-দিপাঙে যিসকলে কিবা বিচাৰি আছা সকলো আহা, জ্ঞাতি-গঞাই বিচাৰে, তোমালোকেও এসাজ লগে-ভাগে খোৱা,…

বছৰৰ শেষ দিনটোৰ কবিতা

 হৰেকৃষ্ণ ডেকা   (১)   বছৰৰ শেষ দিনটোত বেলি ডুবাৰ সময়ত পশ্চিমৰ হেলনীয়া হেঙুলীয়াখিনিলৈ চাই মই নতুন বছৰৰ প্ৰথম পোহৰৰ প্ৰতীক্ষা কৰিছোঁ।   কেৰ্কেটুৱাটোও ৰৈ আছে, ভ্ৰুক্ষেপ নকৰাকৈ, দিন-বাৰৰ হিচাপ নকৰাকৈ, কুমলীয়া ঘাঁহ আপোন মনেৰে কুটি, সন্তোষেৰে পেট পূৰাই। (২)…

মোৰ সময়

হৰেকৃষ্ণ ডেকা   মোৰ সময় কেতিয়া আৰম্ভ হৈছিল সেই কথা মই নিশ্চয়তাৰে ক’ব নোৱাৰোঁ। মই গৰ্ভত স্থান লোৱাৰ মুহূৰ্ততেই নে সেই মুহূৰ্তত যেতিয়া প্ৰথম চকু মেলি মই পৃথিৱী দেখিলোঁ! নাইবা সেই মুহূৰ্তত নেকি যি মুহূৰ্তত মই সময় শব্দটো শিকিলোঁ? কিন্তু…

অনুভৱ তুলসী সোঁৱৰণ

 হৰেকৃষ্ণ ডেকা   মগজুৰ ৰক্তক্ষৰণ হৈ অচেতন হোৱাৰ দিনটোৰ নিচেই ৰাতিপুৱা … তেওঁৰ সৈতে মোৰ যোগাযোগ হৈছিল৷ বহু আগৰে পৰা সেই দিনটোলৈকে তেওঁৰ সৈতে মোৰ এই ধৰণৰ যোগাযোগ অবিচ্ছিন্নভাৱে হৈ আছিল৷ ‘নাজমা’ নামৰ তেওঁৰ প্ৰথম সংকলনখন বাণীপ্ৰকাশে প্ৰকাশ কৰাৰ সময়ৰ…

নাৰ্চিচাছ

হৰেকৃষ্ণ ডেকা   আৰ্চিৰ সমুখত থিয় হৈ আপুনিও এজন নাৰ্চিচাছ। কেৱল আপুনি ৰূপান্তৰিত নহয়। মাগ্ৰিতে এই ছবিখন ওলোটা কৰি দিলে যাতে আপুনি আপোনাৰ পিঠিখনহে দেখা পায়। ভাবি চাওকচোন! যদি আৰ্চিৰ ভিতৰৰ প্ৰতিজনেই ক্ৰমান্বয়ে কেৱল নিজৰ প্ৰতিবিম্বৰ পিঠিহে দেখা পায় আৰু…

বিষয় : কুকুৰ

 হৰেকৃষ্ণ ডেকা     (১) আপুনি কুকুৰ বুলি কওঁতে    মোক আপুনি কুকুৰ বুলি কৈ নিজৰ পোহনীয়া কুকুৰটোকহে তাচ্ছিল্য কৰে৷ অনুগত হৈ সি আপোনাৰ সেৱা কৰে, আৰু প্রতিটো আদেশ শিৰ পাতি লয়৷ সি কেতিয়াও আপোনাক প্রশ্ন নকৰে আৰু আপোনাৰ আচহুৱা দাবীবোৰলৈও সঁহাৰি…

পচিশ জুলাই দুহেজাৰ চৌব্বিশ

হৰেকৃষ্ণ  ডেকা   কলম বিচাৰি আছোঁ। বহীৰ খোলা পাত উকা। প্ৰহৰবোৰ গৈ আছে। দিন বাগৰিব, সময় ৰৈ নাথাকে। খোলা পাতত নেদেখা আখৰেৰে সময়ে লিখিব, বছৰবোৰ যদি খোজ হয় তোমাৰ জীৱনৰ একাশীটা খোজ পাৰ হ’ল; কিন্তু চোৱা, বালিয়ে ঢাকি পেলাইছে তোমাৰ…

আত্ম-সাৰ

হৰেকৃষ্ণ  ডেকা   আজি মই মই ৷ কাইলৈও মই  মই হৈ ৰ’ম৷ কালিও মই ময়েই আছিলোঁ৷ অস্তিত্বৰ প্ৰতি মুহূৰ্তত মই  মই অন্য নহয়৷   ভুল৷ অন্য দৃষ্টিৰ অবিহনে মই অস্তিত্বহীন৷ সেই দৃষ্টিৰ বহু ভিন্নতা৷ আৰু তাত মোৰ বহু বৰ্ণনা৷ নিভৃত…

দুটা গোলাপৰ কবিতা

 হৰেকৃষ্ণ ডেকা (১) ৰঙা গোলাপ  “Love thou the rose, yet leave it on its stem.’’  Edward G. Bulwer-Lytton.   যেন হাবিত অনাই-বনাই ফুৰিছিলোঁ ৷ কি বিচাৰিছিলোঁ নাজানিছিলোঁ ৷ তেতিয়াই আকাশত জিলিকি উঠিল ৰামধেনু ৷ কলোঁ, বৰষুণে লৈ আহক এই সাতোৰং৷…

৩০ জানুৱাৰি harekrishna-deka-poem-march-2024

হৰেকৃষ্ণ ডেকা   তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো তোমাৰ চৰম ত্যাগৰ দিন৷ এটা ভাৰতীয় দিন অগণন ভাৰতীয়ই তোমাৰ নামত উছৰ্গা কৰিছিল৷ এজন ভাৰতীয়ই তোমাক হত্যা কৰিছিল হেনো ভাৰতক ৰক্ষা কৰিবলৈ৷ কিন্তু তোমাৰ হত্যাৰ দিনা আন কোটি কোটি মানুহে…