Anyayug Contributor যশোৱন্ত নিপুণ

ক্ষমা

যশোৱন্ত নিপুণ    ঘৰটোৰ দুৱাৰ-খিৰিকীবোৰ দুৰ্বল হৈ আহিছিল৷ খুব ভাল কাঠৰ আছিল বাবে নকুল ঠাকুৰীয়াই ভাবিছিল সেইবোৰ কেতিয়াও নষ্ট নহ’ব৷ কিন্তু সেইবোৰ অতীতৰ গৰিমাৰ কেৱল ছাঁটো হৈ কিবাকৈ খহি নপৰাকৈ থিয় হৈ আছিল মাত্ৰ৷ গতিকে বহুতক সোধা-মেলা কৰি তেওঁ কাঠখিনিৰ…

ধৰ্ম

 যশোৱন্ত নিপুণ   ধৰ্মক মই প্ৰথম লগ পাইছিলোঁ পাঁচ বছৰমান আগতে৷ মই হাতত গাখীৰৰ পেকেট এটা লৈ ভাৰাৰ ফ্লেটলৈ খটখটী বগাম আৰু৷ সি সুধিছিল, “ছাৰ আপোনাক গাখীৰ লাগে নেকি? ময়ে দি যাব পাৰোঁ।”  বিল্ডিংটোলৈ অহা মোৰ এসপ্তাহমানহে হৈছিল৷ মই তালৈ…

অহা-যোৱা

 যশোৱন্ত নিপুণ   যদি জীৱন ইমানেই শুদ্ধ আছিল মৃত্যুৰ জানো প্ৰয়োজন আছিল ?   আমি কোৱা কথাবোৰ তুমি শুনিবই লাগিব – তেনে একো নাছিল, কাহিনীবোৰ যি এখন মহাকাব্য হ’ব বুলি অনুভৱ হয়  – সেইবোৰ এটা মাত্ৰ বাক্যৰ মাজত নীৰৱে শুই…

শীত

 যশোৱন্ত নিপুণ   পদূলিৰ পৰা ঘৰটো কিছু নিলগত৷ গাড়ীখন ৰাস্তাতে পাৰ্ক কৰি অৰুণে এবাৰ চাৰিওফালে চকু ফুৰালে৷ চিনাকি পথাৰখন এতিয়াও আগৰ দৰেই আছে৷ কিন্তু ওচৰৰ টাউনলৈ পথাৰৰ মাজেৰে যোৱা পথটোৰ কাষে কাষে বহুতো মানুহৰ ঘৰ বহিছে৷ আগতে সেইফালে এঘৰো মানুহ…

আবেলি

যশোৱন্ত নিপুণ এৰি অহা ঠাইবোৰ আকৌ বিচাৰি ছাঁবোৰো দীঘল হৈ গুচি গৈছে । ইমান খালি হৈ যাম বুলি জনাহ’লে বজাৰলৈ হয়তো কেতিয়াও নগ’লোহেঁতেন । সকলো খৰচ হৈ যোৱাৰ পাছত  মোনাখন খেপিয়াই খেপিয়াই চাওঁ, হাতত উঠি আহে এমুঠি শূন্যতা কেইখিলামান জৰাজীৰ্ণ…

শুভ-অশুভ

 যশোৱন্ত নিপুণ কেঁকনিৰ শব্দ পিছফালৰ কোঠাটোৰ পৰা ভাহি আহিছিল৷ নৰকান্তই প্ৰায়েই পুৱাই এনেদৰে কেঁকাই থাকে৷ গতিকে ঘৰৰ কোনেও বৰকৈ মন-কাণ নিদিয়ে৷ আজি কিন্তু মনোমতী সঁচাকৈয়ে বিৰক্ত হৈছে৷ এনেকৈ কেঁকাই থাকিলেই বিছনাৰ কাপোৰখন আপোনা-আপুনি ফিট হৈ যাব নেকি ? গিৰিয়েকটোৱে একো…

সন্ধি

যশোৱন্ত নিপুণ   বহু অন্বেষণৰ পাছত তুমি তোমাৰ কাৰণে এটা ঘৰ বিচাৰি লৈছিলা, ঘৰটোও ৰৈ আছিল তেনেকৈয়ে কাৰোবালৈ বেৰবোৰত ৰং লগাবলৈ ৷ কিন্তু যিটো ঘৰ তুমি ইমান দিনে বিচাৰি আছিলা এই ঘৰটো সেইটো নাছিল, তেনেকৈয়ে, ঘৰটো ৰৈ আছিল যাৰ বাবে তুমিও…

মন্দিৰলৈ এদিন

 যশোৱন্ত নিপুণ অংকন: বৰ্ণিল মহন্ত   প্ৰযুক্তিয়ে মানুহক যিমানেই ওচৰলৈ লৈ আহিছে আচলতে সিমানেই দূৰলৈ টানিও নিছে৷ যিমান বেগত এতিয়া যোগাযোগ হয়, সিমানেই বেগত মানুহৰ সংযোগ হেৰায়ো যায়৷   ফেচবুকৰ কাৰণেই মানুহবিলাক ওচৰ চাপিও আহিছে আৰু দূৰলৈ গৈও আছে৷ কোনে…

সংযোগ

 যশোৱন্ত নিপুণ চকীখনত আৰামকৈ বহি বিছনাত ভৰি দুখন তুলি দি ৰাতুলে খিৰিকিৰে দূৰৰ নীলা পাহাৰখনলৈ চাই পঠিয়ালে৷ আকাশখনো কেৱল নীলা, নীলা আৰু নীলা৷ বগলী এজাক এফালে উৰি গৈ আছে৷ নীলাৰ মাজত বগলী বগা ! আস্ কি সুন্দৰ দৃশ্য ! বগলীজাকৰ…

প্ৰস্তুতি

যশোৱন্ত নিপুণ           কাষৰ মানুহজনৰ চিঞৰ আৰু কেঁকনিৰ শব্দবোৰে গোটেই নিশাটো মোৰ চকুলৈ টোপনি আহিবলৈ দিয়া নাছিল ৷ সেই কাৰণেই বোধহয় খুৰাৰ বিছনাৰ কাষৰ নীলা কুচন লগোৱা সৰু বিছনাখনত ৰাতিপুৱাতেই অলপ সময়ৰ বাবে মই বৰ গভীৰ টোপনিত লালকাল দিছিলোঁ…